ETV Bharat / state

Bharat Jodo Yatra : বিজেপিয়ে কলিয়াবৰ সমষ্টি দখলৰ আঁৰত ৰহস্যৰ গোন্ধ পাইছে গৌৰৱ গগৈয়ে

author img

By

Published : Nov 28, 2022, 4:26 PM IST

কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে আৰম্ভ কৰা ভাৰত জোড়ো যাত্ৰা অংশ হিচাপে অসমত যোৱা ১ নৱেম্বৰৰ পৰা আৰম্ভ হৈছিল ভাৰত জোড়ো যাত্ৰা (Bharat Jodo Yatra) ৷ এই যাত্ৰাৰ অংশস্বৰূপে সোমবাৰে কলিয়াবৰত উলিওৱা হয় এক সমদল ।

Bharat Jodo Yatra
বিজেপিৰ কলিয়াবৰ সমষ্টি দখলৰ প্ৰস্তুতিৰ আঁৰত গভীৰ ৰহস‍্য:গৌৰৱ

কলিয়াবৰ, ২৮ নৱেম্বৰ: বিজেপিৰ বিৰুদ্ধে সমগ্ৰ দেশত এক জনজাগৰণ সৃষ্টিৰ লক্ষ্যৰে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ (Congress leader Rahul Gandhi) নেতৃত্বত দেশজুৰি আৰম্ভ হৈছে ভাৰত জোড়ো যাত্ৰা (Bharat Jodo Yatra mass movement started by AICC)। এই যাত্ৰাৰ অংশস্বৰূপে সোমবাৰে কলিয়াবৰত উলিওৱা হয় এক সমদল ।

উক্ত ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰি সাংসদ গৌৰৱ গগৈয়ে কয় যে কলিয়াবৰ লোকসভা সমষ্টি কংগ্ৰেছৰ পৰা কাঢ়িবলৈ বিজেপি দলৰ তৎপৰতাৰ আঁৰত আছে দলটোৰ আভ‍্যন্তৰীণ বিসম্বাদ (MP Gaurav Gogoi in Bharat Jodo Yatra) । কলিয়াবৰৰ বৰ্তমান ছাত্ৰ-ছাত্ৰীৰ অভাৱত বন্ধ হৈ থকা কুঁৱৰীটোলৰ চৰ্দাৰ বল্লভ ভাই পেটেল মজলীয়া বিদ‍্যালয় প্ৰাংগনত ভাৰত জোড়ো যাত্ৰাৰ বাবে উপস্থিত হৈ তেওঁ এইদৰে মন্তব‍্য আগবঢ়ায় (Bharat Jodo Yatra at Kaliabor)।

সাংসদ গগৈয়ে কয়,"কলিয়াবৰ লোকসভা সমষ্টি বিজেপিয়ে দখল কৰিবলৈ যি প্ৰস্তুতি চলাইছে ইয়াৰ অন্তৰালত এক গভীৰ ৰহস‍্য লুকাই আছে । অসম আৰু চুবুৰীয়া ৰাজ‍্যৰ দুগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ জৰিয়তে বৰ্তমানৰ চৰকাৰখনৰ মুখ‍্যমন্ত্ৰী প্ৰমুখ‍্যে আন-আন মন্ত্ৰী নেতাৰ যি কেলেংকাৰী, সীমাহীন দুৰ্নীতি তাৰ এক পৰ্য‍বেক্ষণৰ বাবেহে বিজেপি দলৰ ভিতৰুৱা প্ৰস্তুতি ।" ইতিমধ‍্যে এই পৰ্য‍বেক্ষণৰ প্ৰতিবেদন বিজেপিৰ ওপৰ মহলক দাখিল কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে এইটোৱে বিজেপি দলৰ ভিতৰ চ'ৰাৰ বিসম্বাদৰ কথাকে প্ৰমাণ কৰে ।

বিজেপিৰ কলিয়াবৰ সমষ্টি দখলৰ প্ৰস্তুতিৰ আঁৰত গভীৰ ৰহস‍্য:গৌৰৱ

তেওঁ পুনৰ কয় যে চৰকাৰৰ জনবিৰোধী কৰ্ম-কাণ্ডৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ সমগ্ৰ ভাৰততে চলি থকা ভাৰত জোড়ো আন্দোলনে বিজেপি চৰকাৰলৈ এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে । আজি কলিয়াবৰত হোৱা বিপুল সমাগমে তাকেই প্ৰমাণ কৰা বুলি তেওঁ কয় ।

উল্লেখ্য যে কংগ্ৰেছ দলে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে আৰম্ভ কৰা ভাৰত জোড়ো যাত্ৰা অংশ হিচাপে অসমত যোৱা ১ নৱেম্বৰৰ পৰা আৰম্ভ হৈছিল ভাৰত জোড়ো যাত্ৰা ৷ ধুবুৰীৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে এই যাত্ৰা আৰম্ভ কৰে ৷ গুৱাহাটীত ভাৰত জোড়ো যাত্ৰা প্ৰৱেশৰ বাবে কেইদিনমান এই অনুষ্ঠান স্তিমিত হৈছিল যদিও পুনৰ তীব্ৰতৰ হৈছে ভাৰত জোড়ো যাত্ৰা ৷

লগতে পঢ়ক:Dilapidated Bamboo Bridge: স্বাধীনতাৰ ৭৫ বছৰ পাছতো পোকালাগী নদীৰ ওপৰত নিৰ্মাণ নহ'ল দলং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.