ETV Bharat / state

CRPF gundagiri at Merapani: মেৰাপানীৰ অসম-নাগালেণ্ড সীমান্তত নিয়োজিত চি আৰ পি এফৰ গুণ্ডাগিৰি

author img

By

Published : Nov 28, 2022, 1:53 PM IST

Allegation Against CRPF Commando for bullying in Merapani
মেৰাপানী সীমান্তত নিয়োজিত ১৪২ নং চি আৰ পি এফ বাহিনীৰ গুণ্ডাগিৰি

মেৰাপানী সীমান্তত নিয়োজিত ১৪২ নং চি আৰ পি এফ বাহিনীৰ বিৰুদ্ধে গুণ্ডাগিৰিৰ অভিযোগ (CRPF gundagiri at Merapani) । মেৰাপানী কল্যাণপুৰৰ গিতাঞ্জলী শইকীয়াৰ নাৰ্চাৰীত অনাধিকাৰে প্ৰৱেশ কৰি মূল্য নিদিয়াকৈয়ে লৈ যায় ২৩০০ টকা মূল্যৰ ফল-ফুলৰ পুলি ।

গোলাঘাট, 28 নৱেম্বৰ: ভাৰত ভূমিৰ শান্তি ৰক্ষাৰ স্বাৰ্থত মোতায়ন কৰা হয় অৰ্ধ সামৰিক বাহিনীৰ জোৱানসকলক ৷ অৰ্ধ সামৰিক বাহিনীৰ এইসকল জোৱানৰ হাততেই জাপি দিয়া হয় দেশমাতৃৰ সুৰক্ষাৰ চাবি-কাঠি ৷ এই উদ্দেশ্যই দেশৰ আভ্যন্তৰীণ ভাগত শান্তি সম্প্ৰীতি অটুট ৰখাৰ লগতে সীমান্তততো মোতায়ন কৰা হয় অৰ্ধ সামৰিক বাহিনী অৰ্থাৎ চি আৰ পি এফক (CRPF) ৷

তাৰোপৰি ৰাজ্যসমূহৰ সীমান্তত এইসকল জোৱানক সমৰ্পন কৰা হয় যাতে চুবুৰীয়া ৰাজ্যসমূহৰ জনসাধাৰণৰ মাজতো সম্প্ৰীতি বৰ্তি থাকে ৷ এনে লক্ষ্যৰেই অসম নাগালেণ্ড সীমান্তত বিভিন্ন সময়ত হৈ অহা সংঘাত দূৰ কৰাৰ লগতে ৰাজ্য দুখনৰ মাজত এক শান্তিৰ বাতাবৰণ সৃষ্টি হয় তাৰ বাবে চি আৰ পি এফক মোতায়ন কৰি ৰখা হৈছে ৷

কিন্তু ৰক্ষকেই যেতিয়া ভক্ষকলৈ পৰিণত হয়, তেতিয়া সাধাৰণ জনতাই কাৰ ওপৰত বিশ্বাস কৰিব ! শেহতীয়াকৈ মেৰাপানীত নিয়োজিত হৈ থকা চি আৰ পি এফৰ একাংশ জোৱানৰ দ্বাৰা সংঘটিত কিছুমান কৰ্মকাণ্ডই চিন্তিত কৰি তুলিছে অসম নাগালেণ্ড সীমান্তত বসবাস কৰা ৰাইজক ৷ চি আৰ পি এফ বাহিনীৰ কৰ্মকাণ্ডত এতিয়া হতচকিত হৈছে মেৰাপানীবাসী ৰাইজ ৷ মেৰাপানী সীমান্তত নিয়োজিত ১৪২ নং চি আৰ পি এফ বাহিনীৰ বিৰুদ্ধে উত্থাপন হৈছে গুণ্ডাগিৰিৰ অভিযোগ (Merapani CRPF camp D-sector) ৷

মেৰাপানী সীমান্তত নিয়োজিত ১৪২ নং চি আৰ পি এফ বাহিনীৰ গুণ্ডাগিৰি

ঘটনাৰ বিৱৰণী অনুসৰি, মেৰাপানী কল্যাণপুৰস্থিত গিতাঞ্জলী শইকীয়াৰ নাৰ্চাৰীত দেওবাৰে বিয়লি ভাগত উপস্থিত হৈছিল মেৰাপানী সীমান্তত নিয়োজিত ১৪২ নং চি আৰ পি এফ বাহিনীৰ এটা দল ৷ কামাণ্ডাৰ দিলীপ কুমাৰ আৰু তেওঁৰ দেহৰক্ষীৰ লগতে চালকসহ এখন ব'লেৰ বাহনত আহিছিল দলটো ৷ সেই সময়ত ঘৰখনত উপস্থিত নাছিল কোনো পুৰুষ ৷ ব’লেৰ বাহনখন ৰখাইয়েই গিতাঞ্জলী নাইট কুইন নামৰ নাৰ্চাৰীখনত ঢাঁহি-মুহি সোমাই যায় চি আৰ পি এফৰ দলটো (Central Reserve Police Force) ৷ একো কথা বতৰা নকৰাকৈয়ে নাৰ্চাৰীৰ পৰা গছপুলি উভালিবলৈ ধৰিলে তেওঁলোকে ৷ পিছত নাৰ্চাৰীৰ গৰাকী গিতাঞ্জলী শইকীয়াৰ মাতৃয়ে চালকজনক শুধাতহে গম পালে তেওঁলোক চি আৰ পি এফৰ লোক বুলি ৷

নাৰ্চাৰীৰ গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি চি আৰ পি এফৰ দলটোৱে প্ৰথমে নিজৰ ইচ্ছা অনুযায়ী নাৰ্চাৰীৰ পৰা গছপুলি উভালি বাহনৰ ডিগিত ভৰায় ৷ এইখিনিলৈকে সকলো ঠিকেই আছিল ৷ কিন্তু ইয়াৰ পিছতেই নাৰ্চাৰীৰ গৰাকীয়ে গছপুলিখিনিৰ মূল্য বিচৰোতেই লাগিল কেনা ৷ গছপুলিখিনিৰ মূল্য হৈছিল প্ৰায় ২৩০০ টকা ৷

এই প্ৰাপ্য মূল্যখিনি বিচৰাত চি আৰ পি এফৰ বিষয়াগৰাকীয়ে একেমুখে হিন্দীত ক’লে মূল্য নিদিও ৷ এই কথা শুনি হতবাক গিতাঞ্জলী শইকীয়াৰ মাতৃ ৷ ইয়াৰ পিছতেই গিতাঞ্জলী শইকীয়াৰ মাতৃ আৰু কামাণ্ডাৰ দিলীপ কুমাৰৰ মাজত সৃষ্টি হয় তীব্ৰ বাক বিতণ্ডাৰ ৷ বহু সময়ৰ বাক বিতণ্ডাৰ অন্তত গছপুলিখিনিৰ মূল্য নিদিয়াকৈয়ে সেই স্থানৰ পৰা প্ৰস্থান কৰে কামাণ্ডাৰ দিলীপ কুমাৰ (Allegation Against CRPF Commando) ৷

ঘটনাৰ সন্দৰ্ভত নাৰ্চাৰীৰ গৰাকীয়ে চি আৰ পি এফৰ এনে কৰ্মকাণ্ডৰ বিৰুদ্ধে মেৰাপানী আৰক্ষী থানাত অভিযোগ দাখিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । ইফালে এই খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিকসকল ৷ আনফালে সাংবাদিক উপস্থিত হোৱাৰ খবৰ লাভ কৰে কামাণ্ডাৰ দিলীপ কুমাৰে ৷ সাংবাদিক উপস্থিত হোৱাৰ উমান পাই ঘটনাটো সৰ্বত্ৰে প্ৰচাৰ হোৱাৰ ভয়ত আন এজন জোৱানৰ হতুৱাই দুই হাজাৰ টকা দি পঠিয়াই গিতাঞ্জলীৰ গৃহলৈ ৷ সম্প্ৰতি মেৰাপানীত চি আৰ পি এফৰ এনে কৰ্মকাণ্ডৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠন ।

লগতে পঢ়ক: Barjatri group attacked: মৰিগাঁৱত বৰযাত্ৰীৰ দলক আক্ৰমণ, ক্ষতিগ্ৰস্ত বাহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.