ETV Bharat / state

Primary schools in Assam: ৮ মাহত দুকুৰি দিনো পাঠদান হোৱা নাই প্ৰাথমিক বিদ্যালয়সমূহত

author img

By

Published : Nov 28, 2022, 2:11 PM IST

ৰাজ্যৰ চৰকাৰী খণ্ডৰ প্ৰাথমিক বিদ্যালয়সমূহত যোৱা ৮ মাহত দুকুৰি দিনো পাঠদান হোৱা নাই (No teaching in primary schools) । এটাৰ পাছত আনটো দিৱস উদযাপন, ইয়াৰ প্ৰস্তুতিৰ লগতে শিক্ষকৰ প্ৰশিক্ষণ, পাঠ্যক্ৰম বহির্ভূত কামৰ হেঁচাত পঢ়াৰ পৰা বঞ্চিত হ’ব লগা হৈছে প্ৰাথমিক বিদ্যালয়ৰ কণ কণ শিশুসকল ।

No teaching in primary schools in Assam
৮ মাহত দুকুৰি দিনো পাঠদান হোৱা নাই প্ৰাথমিক বিদ্যালয়সমূহত

গুৱাহাটী, 28 নৱেম্বৰ: ৰাজ্যৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়বোৰ চৰকাৰী দিৱসৰ বোজা কঢ়িওৱা গিণিপিকলৈ পৰিণত হৈছে। বৰ্তমানৰ বি জে পি চৰকাৰখন উৎসৱ উদযাপন কৰা চৰকাৰলৈ পৰিণত হৈছে । উৎসৱ পালনৰ নামত চৰকাৰে বিদ্যালয়ৰ কণ কণ শিশুসকলক হাৰাশাস্তি দিয়া পৰিলক্ষিত হয় । শেহতীয়াকৈ অসমত লাচিত বৰফুকনৰ 400 বছৰীয়া জন্মজয়ন্তীলৈ অসমৰ প্ৰাথমিক বিদ্যালয়সমূহক যোৱা 19 নৱেম্বৰৰ পৰা 24 নৱেম্বৰলৈ বিভিন্ন কাৰ্যসূচী পালনৰ বাবে চৰকাৰী হেচা প্ৰয়োগ কৰা দেখা গৈছিল (400th Anniversary of Lachit Barphukan) ।

উল্লেখ্য যে 25 নৱেম্বৰৰ পৰা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ ন মাহিলী পৰীক্ষা আছিল । পৰীক্ষাৰ পূৰ্বে প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক লাচিত দিৱৰ বিভিন্ন কাৰ্যসূচী পালনত ব্যস্ত ৰখা পৰিলক্ষিত হয় । ৰাজ্যৰ চৰকাৰী খণ্ডৰ প্ৰাথমিক বিদ্যালয়সমূহত যোৱা ৮ মাহত দুকুৰি দিনো পাঠদান হোৱা নাই (No teaching in primary schools for 40 days in 8 months) । এটাৰ পাছত আনটো দিৱস উদযাপন, ইয়াৰ প্ৰস্তুতিৰ লগতে শিক্ষকৰ প্ৰশিক্ষণ, পাঠ্যক্ৰম বহির্ভূত কামৰ হেঁচাত পঢ়াৰ পৰা বঞ্চিত হ’ব লগা হৈছে প্ৰাথমিক বিদ্যালয়ৰ কণ কণ শিশুসকল ।

এনে পৰিস্থিতিক লৈ উদ্বিগ্ন অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে যোৱা দেওবাৰে ৰাজ্যৰ শিক্ষামন্ত্ৰীলৈ এখন আবেদন-পত্ৰ প্ৰেৰণ কৰিছে, যাতে দিৱস উদযাপনৰ বাবে আগে-পিছে কৰিবলগীয়া প্ৰস্তুতিসমূহৰপৰা ৰেহাই দিয়া হয় প্ৰাথমিক বিদ্যালয়সমূহক । অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি অখিল চন্দ্ৰ নাথ আৰু প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে জনোৱা মতে, এছ চি আৰ টিয়ে প্ৰস্তুত কৰা শৈক্ষিক দিনপঞ্জী অনুসৰি এপ্ৰিলৰ পৰা নৱেম্বৰ মাহলৈ মুঠ ১৪০ দিন শ্ৰেণী দিন হিচাপে নিৰ্দ্ধাৰণ কৰা হৈছে । এই ১৪০ দিনৰ ভিতৰত আছে ২৩ দিন ভিন্ন দিৱস উদযাপনৰ দিন৷

কিন্তু চলিত শিক্ষাবৰ্ষৰ আৰম্ভণিতে আয়োজিত গুণোৎসৱ আৰু বানৰ বাবে প্ৰকৃতাৰ্থত জুন মাহৰ প্ৰথম ভাগলৈ বিদ্যালয়সমূহৰ নিৰ্বাচিত পাঠ্যক্ৰম ভিত্তিত পাঠদান হোৱাই নাই । গুণোৎসৱৰ প্ৰস্তুতি আৰু প্ৰশিক্ষণৰ বাবে সাদিন, শক্তি সঞ্চয়ৰ ৰাষ্ট্ৰীয় সজাগতা দিৱস, স্বচ্ছ পষেকৰ দিনভিত্তিক নিৰ্দ্ধাৰিত কাৰ্যসূচী, তিনিৰপৰা পোন্ধৰ আগষ্টলৈ আজাদী কা অমৃত মহোৎসৱৰ নিৰ্দ্ধাৰিত ভিন্ন কাৰ্যসূচী, ঘৰে ঘৰে জাতীয় পতাকা উত্তোলন, পোষণ মাহৰ বাবে নিৰ্দ্ধাৰিত কাৰ্যসূচী, লাচিত বৰফুকনৰ জয়ন্তীৰ বাবে নিৰ্দ্ধাৰণ কৰা কাৰ্যসূচী আদি উদযাপনৰ নামত প্ৰায় ৫০ দিনৰ পাঠদান ক্ষতি হৈছে ।

অর্থাৎ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ভাৰাক্ৰান্ত ৰাজ্যৰ বিভিন্ন দিৱস উদযাপনৰ নামতেই প্ৰায় ৭৫ দিনৰো অধিক পাঠদান ক্ষতিগ্ৰস্ত হৈছে । তদুপৰি এফ এল এন, গুৰুশালা আৰু অন্যান্য অনলাইন প্ৰশিক্ষণ, বন্ধ বিদ্যালয়ৰ পাঠদান, বেংকৰ লেনদেনৰ প্ৰশিক্ষণ, ইউ ভাইছ পূৰ্ণ কৰাৰ প্ৰশিক্ষণ, বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰশিক্ষণ, গুণোৎসৱৰ মূল্যায়নৰ ফলাফলৰ পর্যালোচনা আদি ভিন্ন দিৱস, প্ৰশিক্ষণ আৰু সভাৰ ফলত প্ৰকৃতাৰ্থত এই শিক্ষা বৰ্ষত পাঠ্যক্ৰম ভিত্তিত পাঠদান প্ৰায় হোৱাই নাই ।

তদুপৰি শিক্ষকসকলে এইদৰে দিৱস উদযাপনৰ সমান্তৰালকৈ অনলাইনত ভিন্ন তথ্য আপলোড কৰাৰ নামত ঘণ্টাৰ পাছত ঘণ্টা ধৰি ব্যস্ত থাকিবলৈ বাধ্য হ’ব । এনে অৱস্থাত পাঠ্যক্ৰম ভিত্তিত পাঠদান সঠিকভাৱে আগুৱাই নিয়াটো কোনো এখন বিদ্যালয়ৰ বাবেই সম্ভৱ হোৱা নাই । এই সকলোবোৰ দিশ বিবেচনা কৰি শিক্ষা গ্ৰহণৰ বাবে অধীৰ আগ্ৰহেৰে বিদ্যালয়লৈ অহা কণ কণ শিশুসকলৰ স্বাৰ্থতেই দিৱসৰ আগে-পিছে কৰিবলগীয়া কাৰ্যসূচীসমূহৰপৰা প্ৰাথমিক বিদ্যালয়সমূহক ৰেহাই দিবলৈ শিক্ষামন্ত্ৰীক দেওবাৰে আবেদন জনোৱা হৈছে ।

মন কৰিবলগীয়া প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলক চৰকাৰী কাৰ্যসূচী ৰপায়ণৰ নামত অতিৰিক্ত সময় খৰছ কৰাৰ নামত ছাত্ৰ-ছাত্ৰীৰ পাঠদানত অধিক মনোনিবেশত ব্যাঘাত সৃষ্টি হৈছে । এনেবোৰ ক্ষেত্ৰত চৰকাৰী খণ্ডৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলো ক্ষোভিত হৈ পৰিছে ।

লগতে পঢ়ক: Teacher irregularities : ১০ বজাৰ পাছতো বিদ্যালয়লৈ নাহে ছাৰ-বাইদেউ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.