ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jun 16, 2022, 2:57 PM IST

TOP 10 AT 3PM
3 বজাৰ শীৰ্ষ 10 টা বাতৰি

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

বানত বুৰিছে 18 খন জিলা : বিপদসীমাৰ ওপৰেৰে বৈছে মানাহ

ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰ ৷ বুধবাৰে পুনৰ বানত এজন লোকৰ মৃত্যু হয় ৷ নলবাৰীত বুঢ়াদিয়া নৈৰ বাঢ়নী পানীয়ে ছিঙি নিয়ে বিহামপুৰ-মধুপুৰৰ মূলপথ । আনহাতে বৃহস্পতিবাৰে পুৱা খুলি দিয়া হয় কপিলী নদীৰ বান্ধ ৷ কপিলীৰ বান্ধৰ পানীয়ে অশনি সংকেত কঢ়িয়াই আনিছে হোজাই আৰু নগাঁও জিলালৈ ৷

কপিলী কপিলী তই হৈ বাউলী বাৰিষাত মাৰিলি ধান : আকৌ কপিলীত বান !

ৰাজ্যত বানৰ সংহাৰ অব্যাহত থকাৰ সময়তে এইবাৰ অশনি সংকেত কঢ়িয়াই আনিছে নীপকো জলবিদ্যুৎ প্ৰকল্পৰ বান্ধৰ পানীয়ে (Neepco releases excess water from Ranganadi hydroelectric plant) ৷ প্ৰৱল বৰষুণৰ ফলত নৈৰ জলস্তৰ বৃদ্ধি হৈ বিভিন্ন অঞ্চল বানে সংহাৰী ৰূপ ধাৰণ কৰি থকা সময়তে নীপকোৱে জলবিদ্যুৎ প্ৰকল্পৰ বান্ধ খুলি দিয়াৰ ফলত অধিক সংহাৰৰ আশংকা কৰা হৈছে ৷ বৃদ্ধি পাইছে কপিলী নৈৰ পানী । নিচিহ্ন হোৱাৰ দিশত অকান্তো নামৰ গাঁওখন ।

Landslide in Guwahati : ভূমিস্খলনত গুৰুতৰভাৱে আহত একেটা পৰিয়ালৰ তিনিগৰাকী সদস্য

গুৱাহাটীৰ নুনমাটিত ভয়ংকৰ ভূমিস্খলন (Massive landslide at Noonmati in Guwahati)। ভূমিস্খলনৰ ফলত আৱদ্ধ তিনিগৰাকী লোক । SDRF, আৰক্ষী আৰু স্থানীয় লোকৰ তৎপৰতাত আৱদ্ধ লোককেইজনক উদ্ধাৰ । গুৰুতৰভাৱে আহত লোককেইজনক জিএমচিএইচত ভৰ্তি ।

Landslide in Assam: গোৱালপাৰাত ভূমিস্খলনত মৃত্যু ভাতৃ-ভগ্নীৰ

গোৱালপাৰাত ভূমিস্খলনৰ ভয়াৱহ ৰূপ(Landslide at Goalpara) । দেৱাল বাগৰি দুটিকৈ ভাতৃ-ভগ্নীৰ থিতাতে নিহত(Two child died in landslide at Goalpara) । অঞ্চলজুৰি শোকৰ ছাঁ ।

Tripura Bye election 2022 : ত্ৰিপুৰাত শাসকীয় বিজেপিৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছৰ অভিযোগনামা প্ৰকাশ

ত্ৰিপুৰা চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল তৃণমূল কংগ্ৰেছ দল । উপ-নিৰ্বাচনৰ পূৰ্বে তৃণমূল কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে প্ৰকাশ কৰিলে অভিযোগনামা (TMC launches chargesheet ahead of Tripura bye election)। অভিযোগনামাত বিজেপিৰ বিফলতাৰ বিভিন্ন দিশ উন্মোচন কৰিলে টিএমচিয়ে ।

মাহুৰ নৈৰ বাঢ়নী পানীয়ে উটুৱাই লৈ গ’ল এজনক

প্ৰৱল বৃষ্টিপাতৰ ফলত হোৱা ভয়ংকৰ ভূমিস্খলন আৰু বানৰ কৱলত পৰি এক প্ৰকাৰ বিধ্বস্ত হৈ পৰিছে ডিমা হাছাও জিলা (Landslide in Dima hasao) ৷ ইয়াৰ মাজতে জিলাখনত বুধবাৰে দুপৰীয়া মাহুৰ নৈ কোঁবাল সোঁতত উটি যায় এজন লোক ৷ সন্ধানহীন লোকজন ৰোজেন থাওছেন(54) বুলি জানিব পৰা হৈছে ৷ বৰ্তমানলৈ কোনো সন্ধান ওলোৱা নাই লোকজনৰ ।

Landslide in NH 6 : ৰাষ্ট্ৰীয় ঘাইপথ খহি তললৈ বাগৰি পৰিল কেইবাখনো বাহন

বৰাক সংযোগী ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেঘালয়ৰ অংশত ভয়াৱহ ভূমিস্খলন । এই ভূমিস্খলনত পথটোৰ বৃহৎ অংশ ছিগি যোৱাৰ ফলত কেইবাখনো বাহন ওপৰৰ পৰা তললৈ খহি পৰে ৷ লুমছুলুমত ভূমিস্খলনৰ ফলত কেইবা ফুট তলত আৱদ্ধ হৈছে কেইবাখনো বিলাসী বাহনসহ বৃহৎ ট্ৰাক (Truck-Vehicles enclosed at Lumsulum) ৷

বানৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰস্তুতি চলাইছে বোকাখাত মহকুমা প্ৰশাসনে

বছৰৰ প্ৰথমটো বানে ৰাজ্যৰ (Flood in Assam) বিভিন্ন প্ৰান্ত বিধ্বস্ত কৰি যোৱাৰ পাছত বানৰ দ্বিতীয়টো ঢৌৰে যুঁজিবলৈ সাজু হৈছে ৰাজ্য । ইয়াৰ মাজতে বানপৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বোকাখাত মহকুমা প্ৰশাসন কিদৰে সাজু হৈছে, সেই সন্দৰ্ভত বুজ ললে মন্ত্ৰী অতুল বৰাই ।

সন্মুখত উপ-নিৰ্বাচন : ত্ৰিপুৰাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা আৰক্ষীৰ

ত্ৰিপুৰাৰ উপ-নিৰ্বাচনলৈ (Tripura bye election 2022) মাজত মাত্ৰ কেইটামান দিন বাকী আছে । তাৰ প্ৰাকক্ষণত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টি কেইটাত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে আৰক্ষীয়ে । ঠায়ে ঠায়ে মোতায়েন কৰা হৈছে কেন্দ্ৰীয় সশস্ত্ৰ অৰ্ধসামৰিক বাহিনীৰ দল । যিকোনো অপ্ৰীতিকৰ ঘটনা প্ৰতিহত কৰিবলৈ সাজু ত্ৰিপুৰা আৰক্ষী । ফ্লাইং স্কোৱাড আৰু ষ্টেটিক চাৰ্ভিলেঞ্চ দলও মোতায়েন কৰা হৈছে ।

বৰুণ দেৱতাৰ কোপদৃষ্টিত অসহায় ৰাজ্য়ৰ জনতা

কৃত্ৰিম বানপানীত ককবকাইছে বৰপেটাৰোড চহৰৰ জনতাই (Artificial floods effect Barpetaroad)। বৰপেটাৰোড পৌৰসভাই কোনোধৰণৰ বাস্তৱ সন্মত পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ ৰাইজৰ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.