ETV Bharat / state

Landslide in NH 6 : ৰাষ্ট্ৰীয় ঘাইপথ খহি তললৈ বাগৰি পৰিল কেইবাখনো বাহন

author img

By

Published : Jun 16, 2022, 1:35 PM IST

বৰাক সংযোগী ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেঘালয়ৰ অংশত ভয়াৱহ ভূমিস্খলন । এই ভূমিস্খলনত পথটোৰ বৃহৎ অংশ ছিগি যোৱাৰ ফলত কেইবাখনো বাহন ওপৰৰ পৰা তললৈ খহি পৰে ৷ লুমছুলুমত ভূমিস্খলনৰ ফলত কেইবা ফুট তলত আৱদ্ধ হৈছে কেইবাখনো বিলাসী বাহনসহ বৃহৎ ট্ৰাক (Truck-Vehicles enclosed at Lumsulum) ৷

heavy landslide hits assam
বৰাক সংযোগী ঘাইপথৰ মেঘালয়ত ভয়াৱহ ভূমিস্খলন

গুৱাহাটী,১৬ জুন : প্ৰৱল বৃষ্টিপাতৰ বাবে মেঘালয়ত আৰম্ভ হৈছে ভূমিস্খলন (Landslides in Meghalaya due to heavy rains)। এই ভূমিস্খলনৰ ফলত বৰাকৰে যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ পৰিছে । উল্লেখ্য় যে, বুধবাৰে নিশাৰ ভাগত বৰাক সংযোগী ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মেঘালয়ত ভূমিস্খলনৰ ঘটনা সংঘটিত হয় (Barak Meghalaya disconnected)। এই ঘাইপথটোৰ কেইবাটাও স্থানত ভয়াৱহ ভূমিস্খলন হৈছে ।

মেঘালয় আৰক্ষীয়ে জনোৱা মতে, নিশা ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সোণাপুৰ আৰু লুমছুলুমত পুনৰ ভয়াৱহ ভূমিস্খলনৰ ঘটনা সংঘটিত হয় । এই ভূমিস্খলনত পথটোৰ বৃহৎ অংশ ছিগি যোৱাৰ ফলত কেইবাখনো বাহন ওপৰৰ পৰা তললৈ খহি পৰে ৷ লুমছুলুমত ভূমিস্খলনৰ ফলত কেইবা ফুট তলত আৱদ্ধ হৈছে কেইবাখনো বিলাসী বাহনসহ বৃহৎ ট্ৰাক (Truck-Vehicles enclosed at Lumsulum) ৷ অৱশ্য়ে এই ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰিছে বহুতো লোকৰ ।

heavy landslide hits assam
বৰাক সংযোগী ঘাইপথৰ মেঘালয়ত ভয়াৱহ ভূমিস্খলন

উক্ত, পথটোত হঠাৎ ভূমিস্খলন হোৱাৰ ফলত ৰখাই থোৱা বাহনসমূহ তলত সোমাই পৰিছে । ইতিমধ্য়ে ভূমিস্খলনৰ বাবে পথটোত যান-বাহনৰ চলাচল বন্ধ হৈ পৰিছে । উল্লেখ্য় যে, বুধবাৰে সোণাপুৰ, লুমছুলুম আৰু থানছেনবস্তিৰ কেইবাটাও স্থানত ভূমিস্খলনৰ ফলত যান-বাহনৰ চলাচল বন্ধ হৈ পৰিছিল ।

আনহাতে, নিশা নতুনকৈ আৰু কেইবাটাও স্থানত ভূমিস্খলন হৈছে । বহুঠাইত ভূমিস্খলনে ভয়াৱহ ৰূপ লোৱাত পথটোত অনিৰ্দিষ্টকালৰ বাবে বন্ধ হৈ পৰিল যান-বাহনৰ চলাচল । ফলত অসমৰ লগতে আন আন ঠাইৰ সৈতে স্থলপথৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে বৰাক, ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰৰ । ফলত হেজাৰ হেজাৰ ৰাইজৰ মাজত হাহাকাৰ লাগিছে ।

লগতে পঢ়ক : বুঢ়াদিয়া নৈৰ বাঢ়নী পানীয়ে ছিঙিলে বিহামপুৰ-মধুপুৰ সংযোগী মূল পথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.