ETV Bharat / state

বুঢ়াদিয়া নৈৰ বাঢ়নী পানীয়ে ছিঙিলে বিহামপুৰ-মধুপুৰ সংযোগী মূল পথ

author img

By

Published : Jun 16, 2022, 8:25 AM IST

ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৰাজ্যৰ বান পৰিস্থিতিয়ে(Flood in Assam) ৷ নলবাৰী জিলাতো বান পৰিস্থিতিয়ে বিৰূপ প্ৰভাৱ পেলাইছে(Flood in Nalbari district of Assam)৷ বুঢ়াদিয়া নৈৰ বাঢ়নী পানীয়ে ছিঙি নিলে বিহামপুৰ-মধুপুৰৰ মূল পথ । যাতায়ত, সংযোগ ব্যাহত ।

Bad road condition of Nalbari due to floods
Assam Floods: নলবাৰীত বাঢ়নি পানীয়ে ছিগিলে বিহামপুৰ-মধুপুৰ সংযোগী মূল পথ

নলবাৰী, 16 জুন : বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত পুনৰ উদ্ভৱ হৈ বান পৰিস্থিতিৰ(Flood in Assam) ৷ কেইবাখনো জিলা বুৰাই পেলাইছে বাঢ়নী পানীয়ে(Districts of Assam under water) । প্ৰৱল বৃষ্টিপাতৰ লগতে ভূমিস্খলনে ৰাজ্যত অধিক জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছে(Landslide in Assam) ৷ আশ্ৰয় শিবিৰত থাকিবলৈ বাধ্য হৈছে বহু লোক । বাঢ়নী পানীয়ে ইতিমধ্যে উটুৱাই নিছে কেইবাটাও পথ আৰু মথাউৰি ।

Assam Floods: নলবাৰীত বাঢ়নি পানীয়ে ছিগিলে বিহামপুৰ-মধুপুৰ সংযোগী মূল পথ

আন জিলাৰ সমান্তৰালকৈ নলবাৰী জিলাতো বান পৰিস্থিতিয়ে বিৰূপ প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে(Flood in Nalbari district of Assam)৷ নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ অন্তৰ্গত বৰাখাটত বুঢ়াদিয়া নৈৰ বাঢ়নী পানীয়ে ছিঙি নিলে বিহামপুৰ-মধুপুৰৰ মূল পথ । যাৰ ফলত যাতায়ত ব্যাহত হৈ পৰাৰ লগতে, সংযোগ বিচ্ছিন্ন হৈ পৰিছে । বাঢ়নী পানীৰ এই তাণ্ডৱত দুয়োটা অঞ্চলৰ ৰাইজৰ মাজত এক হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে, বুঢ়াদিয়া নৈয়ে ধৰ্মপুৰৰ বিভিন্ন অঞ্চল প্ৰথমটো বানতে বুৰাই পেলাইছিল । বিহামপুৰ-মধুপুৰ পথচোৱা বানে ছিঙি নিয়াৰ ফলত ৰাইজৰ মাজত এতিয়া শংকাৰ সৃষ্টি হৈছে । শীঘ্ৰেই এই সমস্যা সমাধানৰ বাবে অঞ্চলটোৰ স্থানীয় ৰাইজে ধৰ্মপুৰৰ বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক অঞ্চলটোৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ আহ্বান জনায় ।

লগতে পঢ়ক : ৰুষ্ট প্ৰকৃতি: প্ৰাকৃতিক দুৰ্যোগত বিধ্বস্ত ৰাজ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.