ETV Bharat / state

বৰুণ দেৱতাৰ কোপদৃষ্টিত অসহায় ৰাজ্য়ৰ জনতা

author img

By

Published : Jun 16, 2022, 12:37 PM IST

কৃত্ৰিম বানপানীত ককবকাইছে বৰপেটাৰোড চহৰৰ জনতাই (Artificial floods effect Barpetaroad)। বৰপেটাৰোড পৌৰসভাই কোনোধৰণৰ বাস্তৱ সন্মত পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ ৰাইজৰ ।

barpetaroad
বৰুণ দেৱতাৰ কোপদৃষ্টিত অসহায় ৰাজ্য়ৰ জনতা

বৰপেটাৰোড,16 জুন: বৰুণ দেৱতাৰ কোপদৃষ্টিত এতিয়া অসহায় হৈছে ৰাজ্য়ৰ জনতা । ৰাজ্য়ৰ চাৰিওফালে কেৱল বান (Flood hazard in in Assam) বিগত দুদিনমান ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বৰপেটাৰোডতো কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে (Artificial Flood at Barpetaroad) । ফলত ৰাইজৰ অৱস্থা নাজল-নাথল অৱস্থা হৈছে ৷ চহৰখনৰ অলিয়ে-গলিয়ে এতিয়া কেৱল মাথো পানী আৰু পানী ৷

জিলাখনৰ অন্য়তম চহৰখনৰ অধিকাংশ নলা-নৰ্মদাই বৰপেটাৰোড পৌৰ সভাই সময় মতে পৰিস্কাৰ নকৰাৰ ফলতেই এই কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱাৰ অভিযোগ উঠিছে । বৃহস্পতিবাৰে এই চহৰখনৰ জ্যোতিনগৰ, মিলননগৰ, চন্দনপুৰ,বৰ্মনপাৰা, বাবুপাৰা, শক্তিনগৰ, ৰামকৃষ্ণ মন্দিৰ পথ আদি এলেকাৰ অধিকাংশ পথ আৰু ঘৰেই পানীত ডুব গৈছে ৷

আনহাতে, উত্তৰ বৰপেটাৰোডত অৱস্থিত পাইকাৰী শাক-পাচলি বজাৰো কৃত্ৰিম বানপানীৰ কবলত পৰিছে । ফলত বজাৰখনত ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷ কাৰণ বৰপেটাৰোডৰ পৰাই ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ ট্ৰাকে ট্ৰাকে শাক-পাচলি সৰৱৰাহ হৈ থাকে । সেয়েহে শাক-পাচলিৰ মূল্য বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷

চহৰখনত প্ৰতি বছৰে এনেদৰে কৃত্ৰিম বানপানী হয় । ইয়াৰ পাছতো এইক্ষেত্ৰত বৰপেটাৰোড পৌৰসভা আৰু ৰাজ্য় চৰকাৰে কোনোধৰণৰ বাস্তৱ সন্মত পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ।

চহৰখনত এতিয়া এজাক সামান্য় বৰষুণতে কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱাটো এক সুলভ দৃশ্য়ত পৰিণত হৈছে ৷ সেয়েহ ৰাজেশ সৰকাৰ নেতৃত্বাধীন বৰপেটাৰোড পৌৰসভাক অনাগত দিনত দীৰ্ঘ ম্যাদী আঁচনি গ্ৰহণ কৰি কৃত্ৰিম বানপানী প্ৰতিৰোধ কৰিবলৈ চহৰখনৰ ৰাইজ তথা বিভিন্ন দল-সংগঠনে দাবী জনাইছে ৷

লগতে পঢ়ক:Red Alert in Guwahati: মহানগৰীত বৃহস্পতিবাৰেও বন্ধ শিক্ষানুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.