ETV Bharat / city

Red Alert in Guwahati: মহানগৰীত বৃহস্পতিবাৰেও বন্ধ শিক্ষানুষ্ঠান

author img

By

Published : Jun 16, 2022, 10:06 AM IST

red alert in guwahati
মহানগৰীত বৃহস্পতিবাৰে দ্বিতীয় দিনৰ বাবে বন্ধ শিক্ষানুষ্ঠান

মঙলবাৰৰ পৰা অহা ধাৰাষাৰ বৰষুণৰ ফলত মহানগৰীত কৃত্ৰিম বানে সংহাৰী ৰূপ ধাৰণ কৰিছে (Artifical flood in Guwahati) । কৃত্ৰিম বানৰ বাবে ব্যাহত হৈ পৰিছে মহানগৰবাসীৰ স্বাভাৱিক জীৱনযাত্ৰা ৷ এনে পৰিস্থিতিত জিলাখনত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰবাবে সকলো শিক্ষানুষ্ঠান বন্ধ ৰখাৰ পৰামৰ্শ দিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ৷

গুৱাহাটী, ১৬ জুন : প্ৰতিকূল বতৰৰ বাবে মহানগৰীত বৃহস্পতিবাৰে শিক্ষানুষ্ঠান বন্ধ ৰখাৰ পৰামৰ্শ দিছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তই (Heavy rainfall in Guwahati)৷ বতৰ বিজ্ঞান কেন্দ্ৰই বৃহস্পতিবাৰেও কামৰূপ মহানগৰ জিলাত নেৰানেপেৰা বৰষুণ হ’ব বুলি আগজাননী দিয়াৰ বাবেই জিলাখনত বৃহস্পতিবাৰে সকলো বিদ্যালয়/মহাবিদ্যালয় (চৰকাৰী আৰু ব্যক্তিগত) বন্ধ ৰখাৰ পৰামৰ্শ দিয়ে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই ।

উল্লেখ্য যে, বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত সম্প্ৰতি কৃত্ৰিম বানত বুৰ গৈছে গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চল (Artifical flood in Guwahati) ৷ ধাৰাষাৰ বৰষুণৰ ফলত মহানগৰৰ স্বাভাবিক জীৱন যাত্ৰা স্তব্ধ হৈ পৰিছে । মহানগৰবাসীয়ে মঙলবাৰৰ পৰা একপ্ৰকাৰে জলবন্দী হৈ পাৰ কৰিবলগীয়া হৈছে । ভয়াৱহ ভূমিস্খলনত মহানগৰীৰৰ পশ্চিম বৰাগাঁৱত ৪ জন লোকে প্ৰাণ হেৰুৱাইছে (Landslide in Guwahati)।

ইপিনে মঙলবাৰে ধাৰাষাৰ বৰষুণ হৈ থকাৰ পৰিপ্ৰেক্ষিতত মহানগৰবাসীক অনাকাংক্ষিত পৰিস্থিতিৰ পৰা ৰক্ষা পৰিবৰ বাবে কাকো অপ্ৰয়োজনত ঘৰৰ পৰা বাহিৰলৈ ওলাই নাহিবৰ বাবে আহ্বান জনাই ৰেড এলাৰ্ট জাৰি কৰে জিলা প্ৰশাসনে (Red Alert in Guwahati) । ভূমিস্খলন প্ৰৱণ তথা জলমগ্ন এলেকাৰ পৰা নিৰাপদ স্থানত অৱস্থান কৰাৰ বাবে সকলোকে প্ৰশাসনৰ তৰফৰ পৰা আহ্বানো জনোৱা হৈছে (Guwahati flood updates)।

কৃত্ৰিম বানৰ বাবে এইবাৰ মহানগৰীত আশ্ৰয় শিবিৰো স্থাপন কৰা হৈছে ৷ এনে পৰিস্থিতিত কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নোহোৱাৰ বাবে বুধবাৰে মহানগৰীত বিভিন্ন শিক্ষানুষ্ঠান বন্ধ ৰখাৰ পৰামৰ্শ দিছিল জিলা প্ৰশাসনে ৷ ইয়াৰ মাজতেই বতৰ বিজ্ঞান কেন্দ্ৰই বৃহস্পতিবাৰেও কামৰূপ মহানগৰ জিলাত নেৰানেপেৰা বৰষুণ হ’ব বুলি আগজাননী দিয়ে ৷ যাৰ বাবে কামৰূপ মহানগৰ জিলাত বৃহস্পতিবাৰে পুনৰ দ্বিতীয় দিনাৰ বাবে সকলো বিদ্যালয়/মহাবিদ্যালয় (চৰকাৰী আৰু ব্যক্তিগত) বন্ধ ৰখাৰ পৰামৰ্শ দিয়ে জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই ।

অৱশ্যে ইতিমধ্যে নিৰ্ধাৰিত হৈ থকা পৰীক্ষাসমূহ চলি থাকিব পাৰিব বুলিও উল্লেখ কৰে উপায়ুক্তগৰাকীয়ে । প্ৰশাসনে লগতে যিকোনো জৰুৰী অৱস্থাৰ বাবে গুৱাহাটী ৰাজহ চক্ৰ বিষয়াক ৯৫০৮২-০৯৬৮৬/ ফিল্ড অফিচাৰ গুৱাহাটী (DDMA) ক ৯৭০৭৭-২৭৪২২ অথবা দিছপুৰ ৰাজহ চক্ৰ বিষয়াক ৮৩৭৬০-২৯৯৮৪/ ফিল্ড অফিচাৰ দিছপুৰ (DDMA) ক ৮৮৭৬০-৮৬৪৮৮ নম্বৰত অথবা প্ৰশাসনৰ ট’ল ফ্ৰী নং ১০৭৭/৯৩৬৫৪-২৯৩১৪ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় । প্ৰশাসনে সকলো সময়তে সহায় কৰিবলৈ প্ৰস্তুত বুলিও জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : প্ৰৱল বৰষুণৰ সম্ভাৱনা: বুধবাৰে গুৱাহাটীত স্কুল-কলেজ বন্ধ ৰখাৰ পৰামৰ্শ জিলা উপায়ুক্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.