ETV Bharat / city

প্ৰৱল বৰষুণৰ সম্ভাৱনা: বুধবাৰে গুৱাহাটীত স্কুল-কলেজ বন্ধ ৰখাৰ পৰামৰ্শ জিলা উপায়ুক্তৰ

author img

By

Published : Jun 14, 2022, 8:06 PM IST

বুধবাৰেও কামৰূপ মহানগৰ জিলাত নেৰানেপেৰা বৰষুণ হ’ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিয়াৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাত কাইলৈ সকলো বিদ্যালয়, মহাবিদ্যালয় (চৰকাৰী আৰু ব্যক্তিগত) বন্ধ ৰখাৰ পৰামৰ্শ দিছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই ।

বুধবাৰে গুৱাহাটীত স্কুল-কলেজ বন্ধ ৰখাৰ পৰামৰ্শ জিলা উপায়ুক্তৰ
বুধবাৰে গুৱাহাটীত স্কুল-কলেজ বন্ধ ৰখাৰ পৰামৰ্শ জিলা উপায়ুক্তৰ

গুৱাহাটী, 14 জুন: বুধবাৰেও কামৰূপ মহানগৰ জিলাত নেৰানেপেৰা বৰষুণ হ’ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিয়াৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাত কাইলৈ সকলো বিদ্যালয়, মহাবিদ্যালয় (চৰকাৰী আৰু ব্যক্তিগত) বন্ধ ৰখাৰ পৰামৰ্শ দিছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই (District administration advised to close all school colleges tomorrow in Guwahati) ।

অৱশ্যে ইতিমধ্যে নিৰ্ধাৰিত হৈ থকা পৰীক্ষাসমূহ চলি থাকিব পাৰিব । উল্লেখ্য যে মঙলবাৰে ধাৰাষাৰ বৰষূণৰ ফলত মহানগৰীত কৃত্ৰিম বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । মহানগৰৰ স্বাভাবিক জীৱন যাত্ৰা স্তদ্ধ হৈ পৰিছে । মহানগৰবাসী মঙলবাৰৰ দিনটো জলবন্দী হৈ পাৰ কৰিবলগীয়া হৈছে । ভয়াবহ ভূমিস্খলনত মহানগৰীৰ পশ্চিম বৰাগাঁৱত চাৰিজন লোকে প্ৰাণ হেৰুৱাইছে ।

ইপিনে মঙলবাৰে ধাৰাষাৰ বৰষুণ হৈ থকাৰ পৰিপ্ৰেক্ষিতত মহানগৰবাসীক অনাকাংক্ষিত পৰিস্থিতিৰ পৰা ৰক্ষা পৰিবৰ বাবে কাকো অপ্ৰয়োজনত ঘৰৰ পৰা বাহিৰলৈ ওলাই নাহিবৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে আহ্বান জনাই ৰেড এলাৰ্ট জাৰি কৰিছিল । ভূমিস্খলনপ্ৰৱণ আৰু জলমগ্ন এলেকাৰ পৰা নিৰাপদ স্থানত অৱস্থান কৰিবৰ বাবে আহ্বান জনাইছে জিলা প্ৰশাসনে ।

যিকোনো জৰুৰী অৱস্থাৰ বাবে গুৱাহাটী ৰাজহ চক্ৰ বিষয়াক ৯৫০৮২-০৯৬৮৬ নম্বৰত, ফিল্ড অফিচাৰ গুৱাহাটী (DDMA) ক ৯৭০৭৭-২৭৪২২ নম্বৰত অথবা দিছপুৰ ৰাজহ চক্ৰ বিষয়াক ৮৩৭৬০-২৯৯৮৪ নম্বৰত, ফিল্ড অফিচাৰ দিছপুৰ (DDMA) ক ৮৮৭৬০-৮৬৪৮৮ নম্বৰত অথবা প্ৰশাসনৰ ট’ল ফ্ৰী ১০৭৭/৯৩৬৫৪-২৯৩১৪ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে (Help line number open) ।

লগতে পঢ়ক: Landslide in Guwahati: ২৫ বছৰত মহানগৰীৰ ভূমিস্খলনত ১৬৫ জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.