ETV Bharat / state

বানৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰস্তুতি চলাইছে বোকাখাত মহকুমা প্ৰশাসনে

author img

By

Published : Jun 16, 2022, 1:18 PM IST

বছৰৰ প্ৰথমটো বানে ৰাজ্যৰ (Flood in Assam) বিভিন্ন প্ৰান্ত বিধ্বস্ত কৰি যোৱাৰ পাছত বানৰ দ্বিতীয়টো ঢৌৰে যুঁজিবলৈ সাজু হৈছে ৰাজ্য । ইয়াৰ মাজতে বানপৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বোকাখাত মহকুমা প্ৰশাসন কিদৰে সাজু হৈছে, সেই সন্দৰ্ভত বুজ ললে মন্ত্ৰী অতুল বৰাই ।

minister atul bora in bokakhat
বানপানীৰে মোকাবিলা কৰিবলৈ বোকাখাত মহকুমা প্ৰশাসনে কিদৰে চলাইছে প্ৰস্তুতি!

বোকাখাত, ১৬ জুন : বানৰ দ্বিতীয়টো ঢৌৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈছে ৰাজ্যৰ প্ৰতিটো বিভাগ (Flood in Assam)৷ বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ প্ৰতিটো বিভাগে কিদৰে প্ৰস্তুতি চলাইছে তাৰ তদাৰক কৰিছে মন্ত্ৰী-বিধায়ক সকলে । বোকাখাতৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক সভাত সমাগত বানৰ সৈতে মোকাবিলা কৰিবলৈ মহকুমা প্ৰশাসন কেনেদৰে সাজু হৈছে তাৰ খতিয়ান ল’লে স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰাই (Review meeting on preparation of flood) ৷

বানপানীৰ সৈতে জড়িত মহকুমাটোৰ প্ৰতিটো বিভাগৰ মুৰব্বী বিষয়াৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে কেনেদৰে বানপানীৰ সময়ত বানাক্ৰান্ত ৰাইজক উদ্ধাৰ আৰু সহায় কৰিব পাৰি সেই বিষয়ে বিষয়াসকলক নিৰ্দেশনা দিয়ে ৷ মহকুমাটোৰ ৫০ শতাংশ লোকেই বান অধ্যুষিত অঞ্চলত বসবাস কৰে ৷ সেইসকল লোকে যাতে বানপানীৰ সময়ত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে প্ৰতিটো বিভাগক সাজু থাকিবলৈ আহ্বান জনায় ৷

বানপানীৰে মোকাবিলা কৰিবলৈ বোকাখাত মহকুমা প্ৰশাসনে কিদৰে চলাইছে প্ৰস্তুতি!

বৈঠকখনত মন্ত্ৰীগৰাকীয়ে প্ৰধান মন্ত্ৰী ফচল বীমা যোজনা, প্ৰধানমন্ত্ৰী কৃষি সিচাঁই যোজনা, জল জীৱন মিছন, প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধি আঁচনি, অমৃত সৰােবৰ, প্ৰধানমন্ত্ৰী আৱাস যোজনা (চহৰাঞ্চল আৰু গ্ৰাম্য) আদি আঁচনি সমূহৰ কাম-কাজৰ শেহতীয়া স্থিতিৰ লগতে কৃষক সকলৰ পৰা ধান ক্ৰয় কাৰ্যসূচীৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে বুজ লয় ।

লগতে পঢ়ক: Tarikh pe tarikh: অভি-নীল হত্যাৰ গোচৰৰ চূড়ান্ত ৰায়দান কেতিয়া ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.