ETV Bharat / state

11 বজাৰ দহটা শীৰ্ষ সংবাদ

author img

By

Published : Jul 28, 2022, 11:10 AM IST

TOP 10 AT 11AM
11 বজাৰ দহটা শীৰ্ষ সংবাদ

11 বজাৰ দহটা শীৰ্ষ সংবাদ

Pulitzer awardee Kashmiri journalist : পুলিৎজাৰ বঁটাৰে সন্মানিত কাশ্মীৰী সাংবাদিকক বিদেশ ভ্ৰমণত বাধা

৩৭০ অনুচ্ছেদ বাতিলৰ পিছত কেইবাজনো কাশ্মীৰী সাংবাদিকক বিদেশ ভ্ৰমণত বাধা আৰোপ কৰা পৰিলক্ষিত হৈছে(Kashmiri journalist barred from travelling abroad) ৷ এইবাৰ বিদেশ ভ্ৰমণত বাধা আৰোপ কৰা হ'ল পুলিৎজাৰ বঁটা বিজয়ী স্বতন্ত্ৰ কাশ্মীৰী সাংবাদিক আকাশ হাছানক ৷

Demanded resignation of Ajanta Neog: মন্ত্রী অজন্তা নেওগৰ পদত্যাগ দাবী কৰিলে প্ৰাক্তন সাংসদ ৰমেন ডেকাই‍

মন্ত্ৰী অজন্তা নেওগৰ জালুকবাৰীস্থিত বাসগৃহৰ পৰা এগৰাকী মহিলা উদ্ধাৰ হোৱা ঘটনাক লৈ বিজেপিৰ জ্যেষ্ঠ নেতা ৰমেন ডেকাৰ প্ৰতিক্ৰিয়া । বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীৰ দাবী, নিৰপেক্ষ তদন্তৰ স্বাৰ্থত অজন্তা নেওগে মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰা উচিত (Demanded resignation of Ajanta Neog)।

CPIM protest : মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত চি পি আই এমৰ প্ৰতিবাদ

মূল্যবৃদ্ধিৰ বিৰুদ্ধে চিপিআই(এম) দলে গুৱাহাটীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (CPIM protest in Guwahati)। মূল্যবৃদ্ধি নিয়ন্ত্ৰণকে ধৰি অসমৰ বিভিন্ন সমস্যা সমাধানৰ দাবী তোলে দলটোৱে । প্ৰতিবাদৰ অন্তত কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্রীলৈ স্মাৰকপত্ৰও প্ৰেৰণ কৰে দলটোৱে ।

Barpeta DC visits Sarthebari: কৃষকৰ ধান ক্ৰয় সন্দৰ্ভত অৱহেলা কৰাসকলক ৰেহাই নিদিয়ে প্ৰশাসনে

কাঁহশিল্পৰ নগৰী সৰ্থেবাৰীত বুধবাৰে উপস্থিত হয় বৰপেটা জিলাৰ নৱনিযুক্ত উপায়ুক্ত আয়ুস গাৰ্গ (Barpeta DC visits Sarthebari)। সৰ্থেবাৰীৰ ঐতিহাসিক কুটীৰ শিল্প কাঁহশিল্প (Sarthebari bell metal industry) পৰিদৰ্শন কৰাৰ লগতে থলুৱা কাঁহশিল্পীসকলৰ সমস্যাৰ বুজ লয় এই সময়ছোৱাত ৷

Badruddin Ajmal ED Interrogation: আজমল ভ্ৰাতৃদ্বয়ক তিনিবাৰকৈ ই ডিৰ জেৰা !

বদৰুদ্দিন আজমলক এনফ'ৰ্চমেন্ট ডাইৰেক্টৰেট চমুকৈ ই ডিয়ে জেৰা চলোৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে বিভ্ৰান্তিকৰ পৰিস্থিতি(MP Badruddin Ajmal under ED)৷ এ আই ইউ ডি এফৰ দুগৰাকীকৈ বিধায়কে বদৰুদ্দিন আজমল আৰু তেওঁৰ ভ্ৰাতৃ চিৰাজুদ্দিন আজমলক(MP Sirajuddin Ajmal) ইতিমধ্যে ই ডিয়ে দুই-তিনিবাৰকৈ জেৰা চলোৱাৰ কথা প্ৰকাশ কৰিছে যদিও বদৰুদ্দিন আজমলে এই কথা অস্বীকাৰ কৰি আহিছে ৷

Rice Mafia Arrested : নাহৰকটীয়াৰ আৰক্ষীৰ জালত কুখ্যাত চাউল মাফিয়া

নাহৰকটীয়াৰ কুখ্যাত চাউল মাফিয়া তথা সমবায় এজেণ্ট আৰক্ষীৰ জালত (Police arrested Naharkatia rice mafia cum cooperative agent) । নিশা ১৬৫ বেগ চোৰাং চাউল পিকআপ ভানত বোজাই কৰি থকা অৱস্থাত হাতে-লোটে ধৰা পেলায় আৰক্ষীয়ে ।

Allegation against PDW: এখন পকী দলঙৰ আশাত ৰঙিয়াবাসী ৰাইজ

ৰঙিয়া সমষ্টিৰ অন্তৰ্গত বৰঘুলীৰ মাজেৰে বৈ যোৱা বৰলীয়া নৈৰ ওপৰত আজিলৈকে নিৰ্মাণ নহ’ল এখন পকী দলং (There is no bridge at Barghuli ) ; যাৰ বাবে এখন টুলুঙা কলৰ ভুৰেৰে মৰণত শৰণ দি বিপদসংকুলভাবে যাতায়ত কৰিবলগীয়া হৈছে অঞ্চলটোৰ স্থানীয় ৰাইজ ।

NLFT Biswa Mohan faction: ত্ৰিপুৰাত পুনৰ সক্ৰিয় হৈছে এন এল এফ টি

ত্ৰিপুৰাত পুনৰ সক্ৰিয় হৈ উঠিছে নিষিদ্ধ ঘোষিত সংগঠন নেচনেল লিবাৰেচন ফ্ৰণ্ট অৱ ত্ৰিপুৰাই (NLFT Biswa Mohan faction)। সংগঠনটোৰ কেইজনমান সদস্য়ই কেইদিনমান পূৰ্বে আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰাৰ তথ্য় লাভ কৰিছে আৰক্ষীৰ চোৰাংচোৱা বিভাগে । সেইবাবে ৰাজ্য়খনত নিৰাপত্তা বৃদ্ধি কৰিছে বুলি সদৰি কৰিছে ত্ৰিপুৰা আৰক্ষীয়ে (Alert issued across Tripura)।

National Herald corruption case: ইডিৰ বিৰুদ্ধে ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ

প্ৰৱৰ্তন সঞ্চালকালয়ৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী অব্য়াহত আছে । প্ৰৱৰ্তন সঞ্চালকালয়ে(ED)নেচনেল হেৰাল্ড দুৰ্নীতি গোচৰ সন্দৰ্ভত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি ছোনিয়া গান্ধীক তলব কৰাৰ বিৰুদ্ধে দেশৰ আন অংশৰ লগতে ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছে ৰূপায়ণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী(Tripura congress protest against ED)।

Kokrajhar Medical College: ২০২৩ৰ ভিতৰত কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় মুকলিৰ আশা

কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ৰ(Kokrajhar Medical College) নিৰ্মাণকাৰ্যৰ বুজ ল’লে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ শীঘ্ৰেই চিকিৎসা মহাবিদ্যালয়খন ৰোগীৰ বাবে মুকলিৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ৷ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’লেই এন এম চি লৈ আবেদন কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে মন্ত্ৰীগৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.