ETV Bharat / state

Rice Mafia Arrested : নাহৰকটীয়াৰ আৰক্ষীৰ জালত কুখ্যাত চাউল মাফিয়া

author img

By

Published : Jul 27, 2022, 10:20 PM IST

নাহৰকটীয়াৰ কুখ্যাত চাউল মাফিয়া তথা সমবায় এজেণ্ট আৰক্ষীৰ জালত (Police arrested Naharkatia rice mafia cum cooperative agent) । নিশা ১৬৫ বেগ চোৰাং চাউল পিকআপ ভানত বোজাই কৰি থকা অৱস্থাত হাতে-লোটে ধৰা পেলায় আৰক্ষীয়ে ।

Rice Mafia Arrested
Rice Mafia Arrested

মৰাণ, ২৭ জুলাই : এশ গৰু মাৰিলে বাঘৰো মৰণ । দৰিদ্ৰ জনতাৰ তেজ শুহি খোৱা কুখ্যাত চাউল মাফিয়া তথা সমবায় এজেণ্ট আৰক্ষীৰ জালত । নাহৰকটীয়া চাচনীৰ দেওঘৰীয়াস্থিত চাচনী সমবায় সমিতি লিমিটেডৰ গুদামত বুধবাৰে পুৱতি নিশা চলে আৰক্ষীৰ অভিযান (Police raided godown of Sasni Cooperative Society) । সমবায় সমিতিৰ এই গুদামটোৰ পৰাই উজনিত চলিছিল চাউলৰ চোৰাং বেহা । গুদামটোৰ গৰাকী তথা সমবায় এজেণ্ট কুখ্যাত ক্ষীৰেশ্বৰ সোণোৱালে বিগত প্ৰায় ২০ বছৰ ধৰি চলাই গৈছিল চাউলৰ এই চোৰাং কাৰবাৰ ।

খাদ্য আৰু অসামৰিক যোগান বিভাগে (Department of Food and Civil Supplies) দৰিদ্ৰ জনতাৰ বাবে আবণ্টন দিয়া চাউলসমূহ ৰখা হয় এই গুদামটোত । কিন্তু উক্ত গুদামতে চিলাই মেচিনৰ জৰিয়তে সেউজীয়া ৰঙৰ বেগসমূত পুনৰ পেকেজিং কৰি এইগৰাকী কুখ্যাত ক্ষীৰেশ্বৰ সোণোৱালে উজনিত চলাই গৈছিল চাউলৰ চোৰাং ব্যৱসায় (Kheereshwar Sonowal continued rice smuggling in upper Assam) । উল্লেখ্য যে, চাউলৰ চোৰাং কাৰবাৰৰ এক গোপন খবৰ লাভ কৰি ডিএছপি নৱ কুমাৰ বৰাৰ নেতৃত্বত বুধবাৰে পুৱতি নিশা গুদামটোত চলে আৰক্ষীৰ অভিযান (Dibrugarh DSP led police raid at godown) ।

নাহৰকটীয়াৰ কুখ্যাত চাউল মাফিয়া তথা সমবায় এজেণ্ট আৰক্ষীৰ জালত

আৰক্ষীৰ অভিযানৰ সময়ত গুদামটোত চলি আছিল চাউলৰ পুনৰ পেকেজিং । ১৬৫ বেগ চোৰাং চাউল চৰাইদেউ জিলাৰ টিটলাগড়ত যোগান ধৰিবলৈ দুখন বলেৰ' পিকআপ ভানত বোজাই কৰি থকা অৱস্থাত হাতে-লোটে ধৰা পেলায় আৰক্ষীয়ে । নিয়ম অনুসৰি সমবায় সমিতিৰ গুদামৰ কাষত কোনোধৰণৰ চাউলৰ মিল থাকিব নালাগে । পিছে এইগৰাকী কুখ্যাত ক্ষীৰেশ্বৰ সোণোৱালে যোগান বিভাগৰ সকলো নিয়ম জলাঞ্জলি দি বিগত প্ৰায় ২০ বছৰ ধৰি চাউল মিলৰ দোহাই দি চলাই গৈছিল চাউলৰ চোৰাং কাৰবাৰ ।

এগৰাকী সাধাৰণ সমবায় এজেণ্ট কুখ্যাত ক্ষীৰেশ্বৰ সোণোৱালে চাউলৰ চোৰাং ব্যৱসায়ৰ জৰিয়তে কেইবাখনো বিলাসী বাহনৰ লগতে ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত গঢ়ি তুলিছিল সম্পত্তিৰ পাহাৰ । ইফালে সংবাদ মাধ্যমৰ সন্মুখত সমবায় চাউলৰ ৰিপেকেজিঙৰ কথা অকপটে স্বীকাৰ কৰে কুখ্যাত ক্ষীৰেশ্বৰ সোণোৱালে ।

লগতে পঢ়ক : Goalpara Ponchyat Corruption: টকা পাঁচশ হাতত গুজি দিলেহে কলম চলে পঞ্চায়ত সচিব খগেন নাৰ্জাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.