ETV Bharat / state

Goalpara Ponchyat Corruption: টকা পাঁচশ হাতত গুজি দিলেহে কলম চলে পঞ্চায়ত সচিব খগেন নাৰ্জাৰীৰ

author img

By

Published : Jul 27, 2022, 9:11 PM IST

ঘোচখোৱা পৰম্পৰা অক্ষুন্ন ৰাখিছে গোলাপাৰাৰ পঞ্চায়ত সচিব খগেন নাৰ্জাৰীয়ে ৷ টকা পাঁচশ হাতত গুজি নিদিলে খগেন নাৰ্জাৰীয়ে কলমৰ সাঁফৰেই নোখোলে ৷ টকাৰ খঁকত বলিয়ান সচিব খগেনে ঘোচ লোৱাৰ ভিডিঅ’ এতিয়া মোবাইল ফোনে মোবাইল ফোনে বিয়পিছে (Panchayat secretary allegedly taking bribe) ৷ এই ভিডিঅ’ মুখ্যমন্ত্ৰীৰ কাষ চপালৈ বাট চাইছে সচেতন সমাজে ৷

Goalpara Ponchyat Corruption
টকা পাঁচশ হাতত গুজি দিলেহে পঞ্চায়ত সচিব খগেন নাৰ্জাৰীৰ কলম চলে

গোৱালপাৰা, 27 জুলাই: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰাৰ পাছতো গোৱালপাৰা জিলাৰ কুচধোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত দামৰা পঞ্চায়ত (Damra Panchayat Goalpara) সচিবে ব্যৱসায়িক প্ৰতিষ্ঠানৰ আপত্তিবিহীন প্ৰমাণপত্ৰৰ নামত পাঁচশ টকাকৈ উৎকোচ গ্ৰহণ কৰাৰ ভিডিঅ’ ভাইৰেল হোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Goalpara panchayat secretary bribe taking video)৷

পঞ্চায়তৰ পৰা ব্যৱসায়িক প্ৰতিষ্ঠানৰ নামত অনুজ্ঞাপত্ৰ দিয়া বন্ধ ৰখাৰ সুযোগ লৈ আপত্তিবিহীন পৰিচয়পত্ৰ প্ৰদান কৰাৰ নামত ব্যাপক হাৰত উৎকোচ গ্ৰহণ কৰা বুলি অভিযোগ উঠিছে পঞ্চায়ত সচিব খগেন নাৰ্জাৰীৰ বিৰুদ্ধে । ঘোচখোৰ সচিবৰ পৰা ৰেহাই নাপালে গোৱালপাৰা জিলা আমছুৰ সভাপতি আনিমূল হক চৌধুৰীয়েও ।

উল্লেখ্য যে, দামৰা বজাৰত আনিমুল হক চৌধুৰীৰ আছে এখন ইলেকট্ৰ’নিকৰ দোকান । চৌধুৰী ইলেকট্ৰনিকচ নামৰ দোকানখনৰ বাবে ঋণৰ প্ৰয়োজন হোৱাত বেংক কৰ্তৃপক্ষই পঞ্চায়তৰ পৰা আপত্তিবিহীন প্ৰমাণপত্ৰ বিচাৰে । সেই অনুসৰি কালি আনিমুল হক চৌধুৰীয়ে দোকানৰ নামত আপত্তিবিহীন প্ৰমাণপত্ৰ বিচাৰি আবেদন কৰে ।

টকা পাঁচশ হাতত গুজি দিলেহে পঞ্চায়ত সচিব খগেন নাৰ্জাৰীৰ কলম চলে

কিন্তু পঞ্চায়ত সচিবগৰাকীয়ে উক্ত আপত্তিবিহীন প্ৰমাণপত্ৰৰ নামত পাঁচশ টকা বিচাৰে যদিও টকা দিবলৈ অমান্তি হোৱাত টকা নহ’লে প্ৰমাণপত্ৰ দিয়া নহ’ব বুলি জানিবলৈ দিয়ে । সেয়ে আজি পঞ্চায়তৰ সচিব খগেন নাৰ্জাৰীক দোকানৰ আপত্তিবিহীন প্ৰমাণপত্ৰৰ নামত পাঁচশ টকা উৎকোচ দিয়ে আমছুৰ সভাপতি আনিমূল হক চৌধুৰীয়ে (Corruption at Panchayat in Goalpara)৷ লগতে উৎকোচ লোৱাৰ সমগ্ৰ দৃশ্য বন্দী কৰে মোবাইল ফোনৰ কেমেৰাত ।

এইদৰে মুকলিকৈ উৎকোচ লোৱা দুৰ্নীতিগ্ৰস্ত সচিবৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা উপায়ুক্তক দাবী জনাইছে গোৱালপাৰা জিলা আমছুৰ সভাপতি আনিমুল হক চৌধুৰীয়ে ।

লগতে পঢ়ক: Badruddin Ajmal ED Interrogation: আজমল ভ্ৰাতৃদ্বয়ক তিনিবাৰকৈ ই ডিৰ জেৰা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.