ETV Bharat / state

Demanded resignation of Ajanta Neog: মন্ত্রী অজন্তা নেওগৰ পদত্যাগ দাবী কৰিলে প্ৰাক্তন সাংসদ ৰমেন ডেকাই‍

author img

By

Published : Jul 27, 2022, 2:17 PM IST

মন্ত্ৰী অজন্তা নেওগৰ জালুকবাৰীস্থিত বাসগৃহৰ পৰা এগৰাকী মহিলা উদ্ধাৰ হোৱা ঘটনাক লৈ বিজেপিৰ জ্যেষ্ঠ নেতা ৰমেন ডেকাৰ প্ৰতিক্ৰিয়া । বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীৰ দাবী, নিৰপেক্ষ তদন্তৰ স্বাৰ্থত অজন্তা নেওগে মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰা উচিত (Demanded resignation of Ajanta Neog)।

former-mp-raman-deka-demands-resignation-of-minister-ajanta-neog
মন্ত্রী অজন্তা নেওগৰ পদত্যাগ দাবী কৰিলে প্ৰাক্তন সাংসদ ৰমেন ডেকাই‍

গুৱাহাটী, ২৭ জুলাই: বিজেপি দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন সাংসদ ৰমেন ডেকাই বিত্তমন্ত্ৰী অজন্তা নেওগৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে(Ramen Deka demanded resignation of Ajanta Neog) । তেওঁৰ এই দাবীৰ পিছতে অসমত আকৌ এবাৰ ন-বিজেপি আৰু পুৰণি বিজেপিৰ নেতাৰ মাজত সংঘাত বৃদ্ধি পোৱাৰ আশংকাই দেখা দিছে । সামাজিক মাধ্যমত দিয়া এটা পোষ্টৰ যোগেদি মন্ত্ৰী অজন্তা নেওগৰ পদত্যাগৰ দাবী কৰিছে প্ৰাক্তন সাংসদ ৰমেন ডেকাই ।

প্ৰাক্তন সাংসদগৰাকীয়ে উল্লেখ কৰিছে যে বিত্তমন্ত্ৰী অজন্তা নেওগৰ বাসগৃহত সংঘটিত হোৱা ঘটনাটো যথেষ্ট দূৰ্ভাগ্যজনক আৰু উদ্বেগজনক। সংবাদ মাধ্যমতো এই সম্পৰ্কত ধাৰাবাহিক বাতৰি প্ৰকাশ পাইছে । নিৰপেক্ষ তদন্তৰ স্বাৰ্থত অজন্তা নেওগে মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰা উচিত। নিৰপেক্ষ তদন্তৰ স্বাৰ্থত পদত্যাগৰ উদাহৰণ বিজেপিত কেইবাটাও আছে বুলি প্ৰাক্তন সাংসদগৰাকীয়ে সদৰি কৰে । মুখ্যমন্ত্ৰীক এই ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ তেওঁ অনুৰোধ জনায় ।

Raman Deka demands resignation of Ajanta Neog
মন্ত্রী অজন্তা নেওগৰ পদত্যাগ দাবী কৰিলে প্ৰাক্তন সাংসদ ৰমেন ডেকাই‍

উল্লেখ যে দেওবাৰে মন্ত্ৰী অজন্তা নেওগৰ জালুকবাৰীস্থিত বাসগৃহৰ পৰা এগৰাকী মহিলা উদ্ধাৰ হৈছিল (Woman rescued from minister Ajanta Neog's residence in Jalukbari) । মন্ত্ৰীগৰাকীৰ নিৰাপত্তাৰক্ষীয়ে মহিলাগৰাকীক আৱদ্ধ কৰি ৰখাৰ অভিযোগ উত্থাপন হৈছিল আৰু এই সন্দৰ্ভত বাতৰি প্ৰচাৰ হৈছিল । অভিযোগ অনুসৰি চাকৰি দিয়াৰ প্ৰলোভন দি যৌনকৰ্মী হ’বলৈ বাধ্য কৰোৱাৰ অভিযোগ উঠিছে মন্ত্ৰী নেওগৰ নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে ।

কিন্তু এতিয়া মহিলাগৰাকীৰ কোনো শুংসূত্ৰ নোপোৱাত ঘটনাটো অধিক ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। সমগ্ৰ ঘটনাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়তে প্ৰাক্তন সাংসদ ৰমেন ডেকাই মন্ত্ৰীগৰাকীৰ পদত্যাগ দাবী কৰিলে ৷

লগতে পঢ়ক: Incidents of female abuse: মুকালমুৱাত স্বামীৰ পৰিয়ালে হত্যা কৰিলে মহিলাক !

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.