ETV Bharat / bharat

NLFT Biswa Mohan faction: ত্ৰিপুৰাত পুনৰ সক্ৰিয় হৈছে এন এল এফ টি

author img

By

Published : Jul 27, 2022, 4:57 PM IST

NLFT Biswa Mohan faction
ত্ৰিপুৰাত পুনৰ সক্ৰিয় হৈছে এনএলএফটি

ত্ৰিপুৰাত পুনৰ সক্ৰিয় হৈ উঠিছে নিষিদ্ধ ঘোষিত সংগঠন নেচনেল লিবাৰেচন ফ্ৰণ্ট অৱ ত্ৰিপুৰাই (NLFT Biswa Mohan faction)। সংগঠনটোৰ কেইজনমান সদস্য়ই কেইদিনমান পূৰ্বে আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰাৰ তথ্য় লাভ কৰিছে আৰক্ষীৰ চোৰাংচোৱা বিভাগে । সেইবাবে ৰাজ্য়খনত নিৰাপত্তা বৃদ্ধি কৰিছে বুলি সদৰি কৰিছে ত্ৰিপুৰা আৰক্ষীয়ে (Alert issued across Tripura)।

আগৰতলা, ২৬ জুলাই: ত্ৰিপুৰাত নিষিদ্ধ ঘোষিত সংগঠন নেচনেল লিবাৰেচন ফ্ৰণ্ট অৱ ত্ৰিপুৰাই(NLFT)পুনৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰা আশংকা কৰা হৈছে । সেইবাবে ত্ৰিপুৰা আৰক্ষীয়ে নিৰাপত্তা বৃদ্ধি কৰিছে । ইতিমধ্য়ে আৰক্ষীয়ে নিৰাপত্তা বৃদ্ধি কৰাৰ লগতে ইয়াৰ সকলো ভগ্নী সুৰক্ষা সংস্থাক সতৰ্ক কৰি দিছে । বিশেষকৈ ৰাজ্যখনৰ পাহাৰীয়া অঞ্চলসমূহত নেচনেল লিবাৰেচন ফ্ৰণ্ট অৱ ত্ৰিপুৰাই কাৰ্যকলাপ বৃদ্ধি কৰাৰ তথ্য় লাভ কৰিছে ৰাজ্য়খনৰ আৰক্ষী বিভাগে ।

আৰক্ষী সূত্ৰ অনুসৰি নিষিদ্ধ ঘোষিত সংগঠনৰ সদস্য়ই শেহতীয়াকৈ ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰিছে(National Liberation Front of Tripura crossed Indian territory)। সংগঠনটোৰ কেইজনমান সদস্য়ই কেইদিনমান পূৰ্বে আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰাৰ তথ্য় লাভ কৰিছে আৰক্ষীৰ চোৰাংচোৱা বিভাগে ।এই সন্দৰ্ভত এগৰাকী আৰক্ষী বিষয়াই কয় যে শেহতীয়াকৈ তেওঁলোকে ত্ৰিপুৰাৰ ভিতৰৰ কিছুমান সীমান্তৱৰ্তী অঞ্চলত নেচনেল লিবাৰেচন ফ্ৰণ্ট অৱ ত্ৰিপুৰাৰ বিশ্ব মোহন গোটৰ গতিবিধিৰ বিষয়ে তথ্য লাভ কৰিছে(NLFT Biswa Mohan faction)।

তেওঁ কয়,‘‘তিৰতি কুমাৰ মোলচোম ওৰফে থানছাৰ নেতৃত্বত চাৰিৰ পৰা পাঁচজনীয়া এনএলএফটি প্ৰশিক্ষিত কেডাৰৰ এটা দলে যোৱা ২১ জুলাইত ত্ৰিপুৰাৰ ধলাই জিলাৰ গংগানগৰৰ মাজেৰে বাংলাদেশৰ পৰা আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰিছে।’’ সূত্ৰ অনুসৰি এই গোটটোৱে গোমতী জিলাৰ অধীনত আমপিৰ ফালে আগবাঢ়িছে ।

আৰক্ষী বিষয়াগৰাকীয়ে পুনৰ উল্লেখ কৰা মতে, আন্তৰ্জাতিক সীমা অতিক্ৰম কৰাৰ পিছত এই গোটটোৱে খাওয়াই জিলাৰ অন্তৰ্গত তেলিয়ামুৰাৰ মুংগিয়াকামি হৈ আমপি পাহাৰত জংঘলপথ ব্যৱহাৰ কৰিছে । পূৰ্বৰ কৌশলৰ বিপৰীতে এনএলএফটি কেডাৰসকলে এইবাৰ নতুন কৌশলেৰে আগবাঢ়িছে বুলি উল্লেখ কৰি তেওঁ কয় যে, তেওঁলোক সশস্ত্ৰ আৰু এক নিৰ্দিষ্ট অভিযানৰ কথা মনত ৰাখি ৰাজ্যখনত প্ৰৱেশ কৰিব পাৰে ।

বিশেষকৈ অপহৰণ, হত্যা বা ধন দাবীৰ দৰে যিকোনো কাম কৰিব পাৰে বুলি সূত্ৰটোৱে কয় । সেইবাবে এনে অঞ্চলবোৰত নিৰাপত্তা বৃদ্ধি কৰা হৈছে । বিষয়টো সন্দৰ্ভত জ্যেষ্ঠ আৰক্ষী বিষয়া এগৰাকীয়ে কয় যে যিকোনো অপ্ৰীতিকৰ ঘটনা প্ৰতিহত কৰিবলৈ অতিৰিক্ত ত্ৰিপুৰা ৰাজ্যিক ৰাইফল জোৱান আৰু আৰক্ষী কৰ্মী মোতায়েন কৰা হৈছে ।

লগতে পঢ়ক: Teacher crisis: ত্ৰিপুৰাৰ শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী যুৱ কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.