ETV Bharat / bharat

Teacher crisis: ত্ৰিপুৰাৰ শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী যুৱ কংগ্ৰেছৰ

author img

By

Published : Jul 25, 2022, 6:12 PM IST

শিক্ষকৰ সংকটে দেখা দিছে ত্ৰিপুৰাত(Teacher crisis in Tripura) । শিক্ষকৰ অভাৱত ৰাজপথলৈ ওলাই আহিছে শিক্ষাৰ্থী । এনে সময়তে যুৱ কংগ্ৰেছে শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ।

youth congress demands step down of tripura education minister
Teacher crisis: ত্ৰিপুৰাৰ শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী যুৱ কংগ্ৰেছৰ

আগৰতলা,২৫ জুলাই: ভয়ংকৰভাৱে শিক্ষকৰ সংকটে দেখা দিয়া ত্ৰিপুৰাত যুৱ কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ(Teacher crisis in Tripura) । প্ৰদেশ যুৱ কংগ্ৰেছে সোমবাৰে আগৰতলাত শিক্ষা মন্ত্ৰী ৰতন লাল নাথৰ (Education Minister Ratan Lal Nath) বাসগৃহৰ সন্মুখত ক'লা পতাকাৰে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী উত্থাপন কৰে । যুৱকংগ্ৰেছৰ উপসভাপতি মোঃ ছাহজাহান ইছলামে উল্লেখ কৰে যে, ৰাজ্যখনৰ শিক্ষানুস্থানত শিক্ষকৰ অভাৱে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে ।

ৰাজ্যখনৰ শিক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে ধ্বংস হৈ যোৱাৰ অভিযোগ উত্থাপন কৰি উপসভাপতিগৰাকীয়ে কয় যে, শিক্ষকৰ অভাৱত শিক্ষাৰ্থীসকলে শিক্ষক নিয়োগ কৰাৰ বাবে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে । শিক্ষকৰ নাটনিয়ে ভয়ংকৰ ৰূপ লোৱাৰ পাছতো শিক্ষামন্ত্ৰীগৰাকীয়ে কোনো পদক্ষেপ নোলোৱা বুলিও মন্তব্য কৰে যুৱ কংগ্ৰেছৰ উপসভাপতিগৰাকীয়ে । তেওঁ শিক্ষামন্ত্ৰীগৰাকীয়ে শিক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে ধ্বংস কৰা বুলিও মন্তব্য কৰে ।

শিক্ষাৰ্থীসকলৰ ভৱিষ্যত সুনিশ্চিত কৰিবলৈ শিক্ষা মন্ত্ৰীয়ে তৎক্ষণাৎ তেওঁৰ পদৰ অব্যাহতি ল’ব লাগে বুলি দাবী কৰে মোঃ ছাহজাহান ইছলামে । লগতে তেওঁ কয় যে, এনে বহুলোক আছে যিয়ে ইতিমধ্যে ৰাজ্যখনত শিক্ষক যোগ্যতা পৰীক্ষাত উত্তীৰ্ণ হৈছে আৰু চাকৰিৰ বাবে অপেক্ষা কৰি আছে কিন্তু শিক্ষা বিভাগে তথাপিও শিক্ষক নিয়োগ কৰা নাই ।

শনিবাৰে গোমতী জিলাৰ উদয়পুৰত এগৰাকী শিক্ষকে ৮ টাকৈ শ্ৰেণীত পাঠদান কৰাব লগীয়া হোৱাৰ কথাও উল্লেখ কৰে যুৱ কংগ্ৰেছৰ উপসভাপতিগৰাকীয়ে । শিক্ষকৰ নাটনিৰ দৰে এক গুৰুতৰ সংকটে দেখা দিছে আৰু শিক্ষামন্ত্ৰী শিক্ষা বিভাগ চলাবলৈ শোচনীয়ভাৱে ব্যৰ্থ হৈছে । মন্ত্ৰীগৰাকীয়ে শিক্ষা বিভাগ ধ্বংস কৰাৰ অভিযোগ তুলি তেওঁ লগে লগে পদ ত্যাগ কৰা উচিত বুলি পুনৰ দাবী কৰে উপসভাপতিগৰাকীয়ে । লগতে এগৰাকী বিজেপিৰ বিধায়কেও একেটা দাবী কৰিছিল বুলি মন্তব্য কৰে যুৱকংগ্ৰেছৰ উপসভাপতি মোঃ ছাহজাহান ইছলামে ।

লগতে পঢ়ক: Population Control Bill : বুমেৰাং হ'ব নেকি জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়ক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.