ETV Bharat / state

Kokrajhar Medical College: ২০২৩ৰ ভিতৰত কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় মুকলিৰ আশা

author img

By

Published : Jul 27, 2022, 11:01 PM IST

কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ৰ(Kokrajhar Medical College) নিৰ্মাণকাৰ্যৰ বুজ ল’লে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ শীঘ্ৰেই চিকিৎসা মহাবিদ্যালয়খন ৰোগীৰ বাবে মুকলিৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ৷ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’লেই এন এম চি লৈ আবেদন কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে মন্ত্ৰীগৰাকীয়ে ৷

Kokrajhar Medical College
২০২৩ৰ ভিতৰত কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় মুকলিৰ আশা

কোকৰাঝাৰ, ২৭ জুলাই: কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ৰ(Kokrajhar Medical College) নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে বুধবাৰে বিটিআৰৰ সদৰ কোকৰাঝাৰত উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত (Minister Keshab Mahanta at Kokrajhar Medical College) ৷ কোকৰাঝাৰ চহৰৰ নাতিদূৰৈৰ বেচৰগাঁৱত উপস্থিত হৈ নিৰ্মীয়মাণ অৱস্থাত থকা কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে ৷

মন্ত্ৰীগৰাকীয়ে নিৰ্মাণৰত কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়খনৰ সকলোবোৰ বিভাগৰ নিৰ্মাণকাৰ্যৰ ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰে ৷ ইপিনে সংবাদ মাধ্যমৰ আগত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই সদৰি কৰা মতে চিকিৎসা মহাবিদ্যালয়ৰ প্ৰায় আশী শতাংশ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে ৷ কিন্তু বিদ্যুৎ যোগানৰ বাবে আৰু কিছু সময়ৰ প্ৰয়োজন হ’ব ৷ ২০২৩ চনৰ ভিতৰত চিকিৎসা মহাবিদ্যালয়খন উদ্বোধন কৰা হ’ব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰীগৰকীয়ে ৷

উল্লেখ্য যে, কোকৰাঝাৰ, নলবাৰী আৰু নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ (Nagaon Medical College) নিৰ্মাণকাৰ্য প্ৰায় একে পৰ্যায়ত আছে ৷ গতিকে যিখন প্ৰথমে সম্পূৰ্ণ হৈ উঠিব সেইখনকে প্ৰথমে উদ্বোধন কৰা হ’ব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ে নেছনেল মেডিকেল কাউন্সিল চমুকৈ এন এম চিৰ অনুমতি ব্যৱস্থাটো যাতে পায় তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰি মন্ত্ৰী কেশৱ মহন্তই কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’লেই এন এম চি লৈ আবেদন কৰা হ’ব বুলি সদৰি কৰে ৷

২০২৩ৰ ভিতৰত কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় মুকলিৰ আশা

আনহাতে, ক’ভিডৰ বুষ্টাৰ ড’জ প্ৰদানৰ বাবে অহা ৩১ জুলাইলৈকে এক নিৰ্দিষ্ট সংখ্যা ধৰি থোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে (Covid booster dose in Assam)৷ ৩১ জুলাইৰ পাছতো বুষ্টাৰ ড’জ নোলোৱাসকলে ল’ব পাৰিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰোপৰি কোকৰাঝাৰতো কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছে যদিও বানপানীৰ পৰিপ্ৰেক্ষিতত কিছু অগা-পিছা হ’ব পাৰে বুলিও সদৰি কৰে মন্ত্ৰীগৰাকীয়ে ৷

কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় নিৰ্মাণকাৰ্যৰ পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীক সংগ দিয়ে বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে’, বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিৎ বসুমতাৰী, কোকৰাঝাৰ জিলা উপায়ুক্ত বৰ্ণালী ডেকা আৰু জিলা আৰক্ষী অধীক্ষক প্ৰতীক বিজয় কুমাৰ থুৱেসহ জিলা স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকলে ৷

লগতে পঢ়ক: DimaHasao Road Communication : মৰণফান্দত পৰিণত নিউ হাফলং ষ্টেচন-হাফলং চহৰ সংযোগী পথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.