ETV Bharat / state

DimaHasao Road Communication : মৰণফান্দত পৰিণত নিউ হাফলং ষ্টেচন-হাফলং চহৰ সংযোগী পথ

author img

By

Published : Jul 27, 2022, 6:26 PM IST

অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ নিউ হাফলং ষ্টেচন আৰু হাফলং চহৰৰ সংযোগী পথটো এতিয়া মৰণ ফান্দত পৰিণত হৈছে । যোৱা মে' মাহত ধাৰাষাৰ বৰষুণৰ ফলত (Flood badly effected Dima Hasao District) পাহাৰীয়া জিলাখন ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰিছিল । লগতে অসমৰ এই অন্যতম পাহাৰীয়া জিলাত ভূমিস্খলন আৰু বানৰ তাণ্ডৱত ব্যাপক ক্ষয়-ক্ষতি হয় । কেৱল সিমানেই নহয়, ভূমিস্খলনৰ ফলত তিনিগৰাকী লোকে প্ৰাণ হেৰুৱলগীয়া হয় ।

Dima Hasao
Dima Hasao

ডিমা হাছাও, ২৭ জুলাই : ভূমিস্খলন আৰু বানৰ তাণ্ডৱত ৰাষ্ট্ৰীয় ঘাইপথ, ৰাজ্যিক ঘাইপথ, লামডিং-বদৰপুৰ ব্ৰডগজ ৰে'লপথ সকলো বন্ধ হৈ পৰে । ইয়াৰ উপৰি বহু ঘৰ ভূমিস্খলনৰ ফলতে খহি পৰে (Natural disaster in Dima Hasao)। বানৰ কবলত পৰি জিলাখনৰ বিভিন্ন গাঁৱৰ লোকসকলৰ খেতিপথাৰ সম্পূৰ্ণৰূপে নষ্ট হৈ পৰে (Flood badly effected Dima Haso District) ৷ ইয়াৰ পিছতে পাহাৰীয়া জিলাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় যদিও লাহে লাহে এই পাহাৰীয়া জিলাখনৰ জনজীৱন স্বাভাৱিক হৈ উঠিছে ।

ভূমিস্খলনৰ ফলত বিধস্ত হৈ পৰা ৰাষ্ট্ৰীয় ঘাইপথ, ৰাজ্যিক ঘাইপথসমূহ মেৰামতি কৰা হৈছে । দুই মাহৰ পিছত লামডিং-বদৰপুৰ ব্ৰডগজ ৰে'লপথত ৰে'ল পৰিসেৱা স্বাভাৱিক হৈ উঠিছে (Train services become normal in Dima Hasao) । যোৱা 22 জুলাইৰ পৰা লামডিং-বদৰপুৰ ব্ৰডগজ ৰে'লপথত পুনৰ যাত্রীবাহী ৰে'ল পৰিসেৱা আৰম্ভ হৈছে । উত্তৰ-পূব সীমান্ত ৰে'ল কৰ্তৃপক্ষই দুমাহৰ ভিতৰতে লামডিং-বদৰপুৰ ব্ৰডগজ ৰে'লপথ মেৰামতি কৰি ৰে'ল পৰিসেৱা সুচল কৰি তুলিছে ।

মৰণফান্দত পৰিণত নিউ হাফলং ষ্টেচন-হাফলং চহৰ সংযোগী পথ

ইতিমধ্যে শিলচৰ-গুৱাহাটী, শিলচৰ-নিউ তিনিচুকীয়া আৰু আগৰতলা-শিলচৰৰ পৰা চলাচল কৰি দিল্লী, কুইম্বাটোৰ, বেংগালুৰু, কলকাতা, থিৰুৱনন্তপুৰম, দেৱঘৰ আদিলৈ ৰে'ল পৰিসেৱা লাহে লাহে আৰম্ভ কৰি তুলিছে । অহা 30 জুলাইৰ পৰা গুৱাহাটীৰ পৰা বদৰপুৰ আৰু গুৱাহাটীৰ মাজতে টুৰিষ্ট স্পেচিয়েল ৰে'লগাড়ীৰ চলাচল আৰম্ভ হ'ব ।

কিন্তু, উত্তৰ-পূব সীমান্ত ৰে'ল কৰ্তৃপক্ষই লামডিং-বদৰপুৰ ব্ৰডগজ ৰে'লপথৰ লগতে ভূমিস্খলন আৰু বানৰ তাণ্ডৱত সম্পূৰ্ণভাবে বিধস্ত হৈ পৰা নিউ হাফলং ৰে'ল ষ্টেচন মেৰামতি কৰি তুলিছে যদিও ৰে'ল বিভাগে নিৰ্মাণ কৰা নিউ হাফলঙৰ পৰা হাফলং চহৰলৈ যোৱা সংযোগী পথটো মেৰামতি কৰা নাই (Road connectivity to Dima Hasao) । যোৱা 14 মে'ত ধাৰাষাৰ বৰষুণৰ ফলতে নিউ হাফলঙৰ পৰা হাফলং চহৰলৈ যোৱা ৰে'ল বিভাগে নিৰ্মাণ কৰা পথটো ভূমিস্খলনৰ ফলতে সম্পূৰ্ণ খহি পৰে ।

নিউ হাফলং ষ্টেচন পোৱাৰ আগতে প্ৰায় 400 মিটাৰ পথ সম্পূৰ্ণ খহি পৰে পাহাৰ ভাঙি অহা শিল আৰু মাটিৰ ফলত (New halflong railway station) । বৰ্তমানে এই 400 মিটাৰ অংশৰ পথ এতিয়া মৰণ ফান্দত পৰিণত হৈছে । লামডিং আৰু বদৰপুৰৰ মাজত এই পাহাৰ লাইনৰ একমাত্ৰ ডাঙৰ ষ্টেচন হৈছে নিউহাফলং আৰু উক্ত ষ্টেচনতে সকলো ৰে'লগাড়ীৰ ষ্টপেজ আছে । প্ৰতিদিনেই সহস্ৰাধিক ৰে'লযাত্ৰী এই পথছোৱাৰে অহা-যোৱা কৰে । যাৰ বাবে এই পথটো অতি গুৰুত্বপূৰ্ণ ।

কিন্তু পাহাৰ লাইনত ৰে'ল পৰিসেৱা পুনৰ আৰম্ভ হ'লেও নিউ হাফলং ষ্টেচনৰ হাফলং চহৰলৈ যোৱা এই সংযোগী পথটো এতিয়াও মেৰামতি কৰা নাই ৰে'ল বিভাগে (Haflong city and New Haflong station road not repaired) । এই পথটো লোকনিৰ্মাণ বিভাগৰ বা ৰাজ্যিক ঘাইপথ বিভাগৰো নহয় । এই পথটো ৰে'ল বিভাগে নিৰ্মাণ কৰা । কিন্তু বৰ্তমানে এই পথটোৰ অৱস্থা শোচনীয় হৈ পৰাৰ বাবে ৰে'লযাত্ৰীসকলে দুৰ্ভোগ ভুগিবলগীয়া হৈছে ।

বৰ্তমানে মৰণ ফান্দত পৰিণত হোৱা এই পথটোত যিকোনো সময়তে ডাঙৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি । উল্লেখ্য, কিছুদিন পূৰ্বে ৰে'লৰ সামগ্ৰী কঢ়িয়াই অনা এখন ট্ৰাক এই পথতে দুৰ্ঘটনাগ্ৰস্ত হৈ গভীৰ খাৱৈত বাগৰি পৰে ।

লগতে পঢ়ক : Jihadi linkman arrested: বঙাইগাঁৱত জেহাদীৰ লিংকমেন গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.