ETV Bharat / state

CPIM protest : মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত চি পি আই এমৰ প্ৰতিবাদ

author img

By

Published : Jul 27, 2022, 9:38 PM IST

মূল্যবৃদ্ধিৰ বিৰুদ্ধে চিপিআই(এম) দলে গুৱাহাটীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (CPIM protest in Guwahati)। মূল্যবৃদ্ধি নিয়ন্ত্ৰণকে ধৰি অসমৰ বিভিন্ন সমস্যা সমাধানৰ দাবী তোলে দলটোৱে । প্ৰতিবাদৰ অন্তত কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্রীলৈ স্মাৰকপত্ৰও প্ৰেৰণ কৰে দলটোৱে ।

CPIM protest
মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত চিপিআই(এম)ৰ প্ৰতিবাদ

গুৱাহাটী,২৭ জুলাই : সম্প্রতি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীকে ধৰি সকলো বয়-বস্তুৰ দাম অভাৱনীয়ভাৱে বৃদ্ধি হৈছে (Price rise of Goods) । যাৰ বাবে বিভিন্ন দল-সংগঠনে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে । অসমত চিপিআই(এম) দলেও মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে । গুৱাহাটী ক্লাৱৰ সমীপত মঙলবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে দলটোৱে (CPIM protest in Guwahati)।

দলটোৰ পূৰ্ব ঘোষিত কাৰ্যসূচী অনুসৰি প্ৰতিবাদকাৰীসকল পুৱা গুৱাহাটী ক্লাৱত একত্ৰিত হয় । প্ৰতিবাদকাৰীসকলে গুৱাহাটী ক্লাৱৰ সমীপত সম্মিলিত হৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (CPIM protest against price hike)। প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ ফেষ্টুন লৈ বিজেপি চৰকাৰ হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে ।

কাৰ্যসূচীত অংশ লৈ চিপিআই(এম)ৰ নেতা শতঞ্জীৱ দাসে কয়, "পেট্র'ল-ডিজেলৰ অবিৰত মূল্যবৃদ্ধিয়ে সকলো বস্তুৰ দাম বৃদ্ধিত ভাবিব নোৱাৰা প্ৰভাৱ পেলাইছে । দুর্ভাগ্যৰ কথা যে মূল্যবৃদ্ধি ৰোধ কৰি চৰকাৰে ৰাইজক সকাহ দিয়াৰ বাবে কোনো ধৰণৰ উদ্যোগ গ্ৰহণ কৰা নাই ।"

CPIM protest
মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত চিপিআই(এম)ৰ প্ৰতিবাদ

তেওঁ চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে, বয়-বস্তুৰ দামবৃদ্ধিৰ সমান্তৰালকৈ কৰ্মসংস্থানহীনতাৰ সমস্যাই ৰাজ্যখনৰ আৰ্থ-সামাজিক-ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে । চৰকাৰৰ ভ্ৰান্ত নীতিৰ ফলত কৃষিক্ষেত্ৰখন সংকুচিত হৈ পৰিছে আৰু ৰাজ্যখনত লেখত ল'বলগীয়া উদ্যোগ প্রতিষ্ঠানো গঢ় লৈ উঠা নাই বুলি তেওঁ অভিযোগ কৰে ।

তদুপৰি আঁচনিভুক্ত লাখ লাখ শ্রমিক-কৰ্মচাৰী আৰু নিৰ্মাণ শ্রমিকৰ দৰে অসংগঠিত ক্ষেত্ৰৰ শ্ৰমিকসকলৰ উপযুক্ত মজুৰি আৰু সামাজিক সুৰক্ষাৰ বিষয়তো বিজেপি চৰকাৰখনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে । ইফালে তেওঁ কয় যে চাহ শ্ৰমিকৰ ন্যূনতম মজুৰি ৩৫১ টকা আদায় দিয়াৰ প্ৰতিশ্ৰুতি আজিলৈকে কাৰ্যকৰী নকৰিলে ।

আনকি এমজিএনৰেগাৰ মজুৰি ৬০০ টকালৈ বৃদ্ধি কৰাৰ ন্যায়সংগত দাবীও চৰকাৰে আওকাণ কৰিছে বুলি তেওঁ অভিযোগ কৰে । এনে এক অৱস্থাত ৰাজ্যখনৰ জনসাধাৰণক কিছু পৰিমাণে সকাহ দিয়াৰ স্বাৰ্থত তেওঁ ৰাজহুৱা বিতৰণ ব্যৱস্থা শক্তিশালী কৰাৰ বাবে দাবী জনায় ।

কাৰ্যসূচীৰ জৰিয়তে চিপিআই(এম)ৰ নেতা ভবেন্দ্ৰ কুমাৰ কলিতাই বিশুদ্ধ খোৱাপানী নিয়মিত যোগান নিশ্চিত কৰা, খোৱাপানী প্রকল্পবোৰৰ কাম শীঘ্ৰে সম্পন্ন কৰা, গুৱাহাটীৰ কৃত্রিম বানপানীৰ সমস্যা শীঘ্ৰে সমাধান কৰা, বৈজ্ঞানিক পদ্ধতিৰে জাবৰ নিষ্কাষণৰ ব্যৱস্থা কৰা, নলা-নর্দমাসমূহ সময়মতে চাফ-চিকুণ কৰি ৰখাৰ ব্যৱস্থা কৰা আৰু বানপীড়িতৰ বাবে যথোপযুক্ত সাহায্য আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰে । প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত সংগঠনটোৰ তৰফৰ পৰা বিভিন্ন দাবী সম্বলিত এখন স্মাৰকপত্র কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্রীলৈ প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক :Protest against liquor outlets in Bedati: বেদেতীত সুৰা বিপণীৰ বিৰুদ্ধে ৰাজহুৱা সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.