ETV Bharat / state

নামশলাত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত 3 জন

author img

By

Published : May 17, 2022, 1:55 PM IST

নলবাৰী আৰু বৰপেটা সীমান্তৱৰ্তী সৰ্থেবাৰী থানাৰ অন্তৰ্গত নামশলাত ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident at Namshala) । I20 বাহনে মহতিয়াই নিয়ে 5 খনকৈ বাইক তথা পথচাৰীক । থিতাতে নিহত 3 জন (3 people died in road accident) ৷

Road accident at Namshala
নামশলাত ভয়ংকৰ পথ দুৰ্ঘটনা

নলবাৰী, 17 মে’ : নলবাৰী-সৰ্থেবাৰীৰ সীমামূৰীয়া নামশলাত অঘটন ৷ সোমবাৰে নিশা নামশলাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident at Namshala)। এই পথ দুৰ্ঘটনাত দুজন লোক থিতাতে নিহত হোৱাৰ লগতে হাস্পতাললৈ নি থকা অৱস্থাত মৃত্যু হয় আন এজন লোকৰ ৷ ইফালে দুৰ্ঘটনাটোত আন আঠজন লোক গুৰুতৰভাৱে আহত হয় ৷

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, সোমবাৰে নিশা এখন I20 বাহনে মহতিয়াই নিয়ে পাঁচখনকৈ বাইকসহ কেইবাজনো পথচাৰীক । যাৰ ফলত দুৰ্ঘটনাস্থলীতে নিহত হয় নামশালাৰ প্ৰণৱ ভূঞা আৰু চিত্ত ভূঞা নামৰ লোক দুজন ৷ ইফালে হাস্পতাললৈ নি থকা অৱস্থাত মৃত্যুক সাৱটি লয় কাৰাকুছিৰ ব্যৱসায়ী হৰগোবিন্দ ডেকাই ৷

আনহাতে, দুৰ্ঘটগ্ৰস্ত বাহনখনৰ খুন্দাত গুৰুত্বৰভাৱে আহত হয় কেইবাজনো লোক ৷

নামশলাত ভয়ংকৰ পথ দুৰ্ঘটনা
নামশলাত ভয়ংকৰ পথ দুৰ্ঘটনা

ঘটনাৰ বিৱৰণী অনুসৰি, সোমবাৰে নিশা নামশলা গাঁৱত এখন স্কুটী আৰু মটৰ চাইকেলৰ মাজত মুখামুখি সংঘৰ্ষ হয় ৷ তাৰ পাচতে আহত লোকসকলক উদ্ধাৰৰ বাবে কাষতে থকা প্ৰত্যক্ষদৰ্শী দৌৰি আহে ৷ আনহাতে, মানুহৰ ভিৰ দেখি পথটোৰে অহা যোৱা কৰা বহু পথচাৰীয়েও ঘটনাটোৰ বুজ লোৱাৰ বাবে উক্ত স্থানত ভিৰ কৰেহি ৷

লগতে পঢ়ক : কলগাছিয়াৰ ছনপুৰাত ভয়াৱহ পথ দুৰ্ঘটনা: আহত এজন

স্কুটী আৰু মটৰ চাইকেলৰ দুৰ্ঘটনাত পতিতসকলক উদ্ধাৰ চলাই থকা সময়তে নলবাৰীৰ পৰা সৰ্থেবাৰী অভিমুখে আহি থকা তীব্ৰবেগী AS 01 AP 8394 I 20 বাহনখনে সকলোকে মহতিয়াই নিয়ে ৷ ফলত আনক সহায় কৰিবলৈ গৈ নিজেই অকাল মৃত্যুক সাৱটিব লগাত পৰে প্ৰণৱ ভূঞা আৰু চিত্ত ভূঞা আৰু হৰগোবিন্দ ডেকাই ৷

AS 01 AP 8394 নম্বৰৰ I20 বাহনখনৰ খুন্দাত আহত হোৱা লোকসকল ক্ৰমে প্ৰাঞ্জল কাকতি, অনুপম চৌধুৰী, গীতুমণি ভূঞা, হৰবল্লভ ভূঞা, হৰেকৃষ্ণ ভূঞা, মনজিৎ ভূঞা আৰু বনজিৎ ভূঞা আৰু সুৰজিৎ ডেকা বুলি জানিব পৰা গৈছে (8 people injured in road accident)৷ ইয়াৰে গীতুমণি ভূঞাৰ অৱস্থা অতিকৈ সংকটজনক বুলি জানিব পৰা গৈছে ।

তথ্য অনুসৰি, নলবাৰীৰ শুশ্ৰুষা হাস্পতালত চিকিৎসাধীন হৈ আছে গীতুমণি ভূঞা, হৰবল্লভ ভূঞা, হৰেকৃষ্ণ ভূঞা, মনজিৎ ভূঞা আৰু বনজিৎ ভূঞা ৷ ইপিনে প্ৰাঞ্জল কাকতি আৰু অনুপম চৌধুৰী বৰ্তমান নলবাৰী সাৰথী হাস্পতালত আৰু সুৰজিৎ ডেকা নলবাৰী শ্বহীদ মকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷

লগতে পঢ়ক : বৰপেটাৰোড, নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা: থিতাতে এজন নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.