ETV Bharat / state

কলগাছিয়াৰ ছনপুৰাত ভয়াৱহ পথ দুৰ্ঘটনা: আহত এজন

author img

By

Published : May 13, 2022, 4:33 PM IST

fatal road accident in jania
কলগাছিয়াৰ ছনপুৰাত ভয়াৱহ পথ দুৰ্ঘটনা: আহত এজন

পথচৰ দুৰাৱস্থাৰ বাবেই কলগাছিয়া ছনপুৰাত ভয়ংকৰ পথ দুৰ্ঘটনা(Road accident in Kalgasia one injured) । ব'লেৰ' পিকআপ ভেন আৰু এখন চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষ । গুৰুতৰভাৱে আহত চাৰিচকীয়া বাহনৰ চালকজন ।

জনীয়া,১৩ মে': কলগাছিয়াৰ ছনপুৰাত ভয়ংকৰ পথ দুৰ্ঘটনা(Road accident in Kalgasia one injured)। বৰপেটাৰ পৰা অভয়াপুৰীলৈ যোৱা ২ নং বিকল্প ৰাজ্যিক ঘাইপথত সংঘটিত হয় দুৰ্ঘটনাটো । এখন ব'লেৰ' পিকআপ ভেনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে এখন চাৰিচকীয়া বাহনত । দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় চাৰিচকীয়া বাহনখনৰ চালকজন ।

বৰপেটা অভিমুখে গৈ থকা অৱস্থাত AS15 C 9709 নম্বৰৰ চাৰিচকীয়া বাহনখনত নিয়ন্ত্ৰণ হেৰুৱাই AS15 A1204 নম্বৰৰ ব'লেৰ' পিকআপ ভেনখনে খুন্দা মাৰে । দুৰ্ঘটনাৰ ফলত চাৰিচকীয়া বাহনখনৰো যথেষ্ট ক্ষতিসাধন হয় । ইফালে আহত লোকজনক সংকটজনক অৱস্থাত স্থানীয় ৰাইজে ততাতৈয়াকৈ বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ।

কলগাছিয়াৰ ছনপুৰাত ভয়াৱহ পথ দুৰ্ঘটনা: আহত এজন

গুৰুতৰভাৱে আহত লোকজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই বৰ্তমানলৈ । ইফালে বলেৰো পিক আপৰ চালকজনে দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলি স্থানীয় ৰাইজ আৰু প্রত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে ।

উল্লেখ্য যে উক্ত অঞ্চলটোত পথৰ দুৰাৱস্থাৰ বাবেই প্ৰায়েই পথ দুৰ্ঘটনা সংঘটিত হোৱাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । উপযুক্ত চাইডবাম নথকাৰ ফলত দুখন বাহন পাৰাপাৰ হওতে প্ৰায়েই সমস্যাৰ সন্মুখীন হয় । সেয়ে উক্ত অঞ্চটোত স্পীড ব্ৰেকাৰ বহুওৱাৰ দাবী উত্থাপন কৰিছে ৰাইজে ।

লগতে পঢ়ক: মহানগৰীৰ মন্দাকিনী এপাৰ্টমেন্টত উদ্ধাৰ PHED ৰ অভিযন্তাৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.