ETV Bharat / state

বৰপেটাৰোড, নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা: থিতাতে এজন নিহত

author img

By

Published : May 13, 2022, 6:56 PM IST

শুকুৰবাৰে কলহভাঙ্গাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident at Barpeta Road) ৷ এই দুৰ্ঘটনাটোৰ ফলত এজন লোক থিতাতে নিহত হয় ৷ ইফালে নলবাৰী জিলাৰ মুকালমুৱাৰ বৰলিয়াৰপাৰত সংঘটিত আন এক ভয়ংকৰ পথ দুৰ্ঘটনাত পাঁচগৰাকী লোক গুৰুতৰ ভাৱে আহত হয় (5 injured in road accident) ৷

one-person-died-in-barpeta-road-road-accident
বৰপেটাৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা: থিতাতে এজন নিহত

বৰপেটাৰোড, নলবাৰী, 13মে’: বৰপেটাৰোডৰ কলহভাঙ্গাত শুকুৰবাৰে পুৱা সংঘটিত হয় এক শোকৱহ পথ দুৰ্ঘটনা (Road accident at Barpeta Road) ৷ দুৰ্ঘটনাটোৰ ফলত এজন লোক থিতাতে নিহত হয় ৷

প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে, বৰপেটাৰোডৰ কলহভাঙ্গাত ভাড়াতীয়া হিচাপে থকা লোকজনে অস্থায়ী ডিভাইডাৰ এটি পাৰ হ’বলৈ ধৰোতে বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰ বেগী ট্ৰাকে খুন্দা মাৰে ৷ ফলত লোকজন থিতাতে নিহত হয় ৷ নিহত লোকজন আব্দুল মালেক (51) বুলি জানিব পৰা গৈছে (One killed in road accident) ৷

আনহাতে, ৰাষ্ট্ৰীয় ঘাইপথটোত অস্থায়ী ডিভাইডাৰ থকাৰ বাবে সততে এনে পথ দুৰ্ঘটনা সংঘটিত হৈ অহা বুলি অভিযোগ তুলি স্থানীয় ৰাইজে অতি শীঘ্ৰে উক্ত ডিভাইদাৰ উঠাই দিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনায় ৷

বৰপেটাৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা: থিতাতে এজন নিহত

ইফালে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱাৰ বৰলিয়াৰপাৰতো সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident in Nalbari) । তথ্য অনুসৰি, বৰপেটা ভৱনীপুৰৰ পৰা হাজো ৰামদিয়ালৈ অহা এখন চুইফট ডিজায়াৰে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা এখন দোকানত খুন্দা মাৰে ৷

ফলত চালকসহ ভৱানীপুৰৰ একেটা পৰিয়ালৰে চাৰিগৰাকী মহিলা গুৰুতৰভাৱে আহত হয় (5 injured in road accident) । আহতকেইগৰাকী ক্ৰমে, পবিত্ৰ তালুকদাৰ, জুনু বায়ন , হিমানী বায়ন, বিজুমণি বায়ন আৰু মলায়া বায়ন বুলি জানিব পৰা গৈছে ৷

নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

লগতে বাহনখনৰ খুন্দাত পথৰ দাঁতিত ৰৈ থকা মফিদা বেগম নামৰ এগৰাকী মহিলাও গুৰুতৰভাৱে আহত হয় ৷ ইতিমধ্যে আহত কেইগৰাকীক মুকালমুৱা চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও আটাইকেইগৰাকীকে উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক : NEET PG-22 পৰীক্ষা স্থগিত ৰখা নহ'ব: উচ্চতম ন্যায়ালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.