ETV Bharat / state

বৰপেটাত গাঁৱে গাঁৱে ৰঙা পতাকা উত্তোলন

author img

By

Published : Oct 17, 2020, 4:21 PM IST

ভাৰত বৰ্ষত কমিউনিষ্ট আন্দোলনৰ শতবৰ্ষ সম্পূৰ্ণ ৷ চিপিআই এমৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত গাঁৱে গাঁৱে ৰঙা পতাকা উত্তোলন ৷ ভাৰতৰ বুকুত সমাজবাদী বিপ্লৱৰ পতাকা উৰাৰ এশ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষ্যে বৰপেটাৰ তৰুণৰাম ফুকন প্ৰেক্ষাগৃহত আলোচনা সভা ৷

বৰপেটাত গাঁৱে গাঁৱে ৰঙা পতাকা উত্তোলন
বৰপেটাত গাঁৱে গাঁৱে ৰঙা পতাকা উত্তোলন

বৰপেটা, 17 অক্টোবৰ: ভাৰতবৰ্ষৰ বুকুত সমাজবাদী বিপ্লৱৰ পতাকা উৰাৰ এশ বছৰ সম্পূৰ্ণ ৷ ভাৰত বৰ্ষত কমিউনিষ্ট আন্দোলনৰ শতবৰ্ষ সম্পূৰ্ণ হোৱা উপলক্ষ্যে চিপিআই এমৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত গাঁৱে গাঁৱে ৰঙা পতাকা উত্তোলন ৷ এশ বছৰীয়া সংগ্ৰামী ইতিহাস সোঁৱৰণ কৰাৰ উদ্দেশ্যে চিপিআই এমৰ বৰপেটা জিলা সমিতিয়ে বৰপেটা চহৰৰ তৰুণৰাম ফুকন প্ৰেক্ষাগৃহত এখন আলোচনা সভাও অনুষ্ঠিত কৰে ৷ আলোচনা সভাখনত বৰপেটা জিলাৰ গাঁও ভূঁইকে ধৰি বিভিন্ন প্ৰান্তৰ পৰা অহা কমৰেড সকলে অংশগ্ৰহন কৰে ৷

ভাৰত বৰ্ষত কমিউনিষ্ট আন্দোলনৰ শতবৰ্ষ সম্পূৰ্ণ

অনুষ্ঠানত অংশগ্ৰহন কৰি বৰ্ষীয়ান কমিউনিষ্ট নেতা মনোৰঞ্জন তালুকদাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই মোগল আৰু দুটা সভ্যতাৰ প্ৰসংগ উত্থাপনেৰে ৰাজ্যত সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি কৰিব বিচাৰিছে বুলি উল্লেখ কৰে ৷ তেওঁ লগতে মন্তব্য কৰে যে সাম্প্ৰদায়িক উত্তেজনাই ৰাজ্যখনক ভয়ংকৰভাৱে ক্ষতি কৰিব ৷ উন্নয়নৰ পৰিৱৰ্তে ধৰ্মৰ কথা কৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কূট কৌশল লোৱা বুলিও ৰাজ্যৰ বিজেপি চৰকাৰক তেওঁ সমালোচনা কৰে ৷ অসমৰ ৰাইজে আগন্তুক নিৰ্বাচনত বিজেপিক পৰাভূত কৰিব বুলি চিপিআইএম নেতা গৰাকীয়ে মন্তব্য কৰে ৷ ইফালে কংগ্ৰেছৰ নেতৃত্বত মহাজোঁট বন্ধন গঠনতকৈ চিপিআইএম দলে বিজেপি বিৰোধী ভোটসমূহ যাতে বিভাজিত নহয় আৰু এই ভোট সমূহ যাতে একত্ৰিত হয় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷

লগতে পঢ়ক: বিজেপিৰ লগত 28000 সংগঠন আছেঃ ৰণজিৎ কুমাৰ দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.