ETV Bharat / state

বিজেপিৰ লগত 28000 সংগঠন আছেঃ ৰণজিৎ কুমাৰ দাস

author img

By

Published : Oct 17, 2020, 3:43 PM IST

নৱ গঠিত জিলাখনত অতি সোনকালেই নতুন জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে যোগদান কৰিব বুলিও জনায় ৰাজ্যিক বিজেপি সভাপতি গৰাকীয়ে ৷

ranjit das visited patshala
বিজেপিৰ লগত 28000 সংগঠন আছেঃ ৰণজিৎ কুমাৰ দাস

পাঠশালা, ১৭ অক্টোবৰ: আছুৰ উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ বৰ্তমানৰ অবস্থা দেখি ব্যথিত ৰাজ্যিক বিজেপি সভাপতি ৰণজিৎ কুমাৰ দাস l আনহাতে আছুত থকালৈকে আছুৰ নেতা-সদস্য সকলক ৰাজনীতি নকৰিবলৈ আহ্বান ৰণজিৎ কুমাৰ দাসৰ l পাঠশালাত শনিবাৰে পাঠশালা বজাৰ সমিতিৰ দ্বাৰা আয়োজন কৰা ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থকাৰ লগতে পাঠশালাৰ দুটাকৈ ঐতিহ্য ক্ষেত্ৰলৈ 25 লাখ টকাৰ অনুদান আগবঢ়ায় l

ranjit das visited patshala
বিজেপিৰ লগত 28000 সংগঠন আছেঃ ৰণজিৎ কুমাৰ দাস

আছুৰ মজিয়াত সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ গুৰুত্ব কমিছে বুলি মন্তব্য কৰে ৰাজ্যিক বিজেপি সভাপতি ৰণজিৎ কুমাৰ দাস l আনহাতে এ জে পি দলৰ নামত আছুৰ মজিয়াৰ পৰা ৰাজনীতি কৰাৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি আছু সদস্যক ৰাজনীতিৰ পৰা দূৰৈত থাকিবলৈ আহ্বান জনায় ৰণজিৎ কুমাৰ দাসে l আনহাতে বিপক্ষৰ 70 টা সংগঠন বিপৰিতে বিজেপিৰ লগতে ২৮০০০ টা সংগঠন আছে বুলি ভাষ্য আগবঢ়ায় ৰণজিৎ কুমাৰ দাসে ৷

আনহাতে শনিবাৰে বজালী জিলা ঘোষণাৰ কৃতিত্ব অৰ্পন কৰি পাঠশালাৰ পিতৃ সংগঠন স্বৰূপ পাঠশালা বজাৰ সমিতিয়ে ৰণজিৎ কুমাৰ দাসক হৰিমন্দিৰ প্ৰাংগনত ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰে l একেলগে পাঠশালা সাহিত্য সভায়ো ৰণজিৎ কুমাৰ দাসক ৰাজহুৱা সম্বৰ্ধনা জনায় l নৱ গঠিত জিলাখনত অতি সোনকালেই নতুন জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে যোগদান কৰিব বুলিও জনায় ৰাজ্যিক বিজেপি সভাপতি গৰাকীয়ে l
লগতে পঢ়ক: অসম-মেঘালয় সীমান্ত পৰিদৰ্শন প্ৰাক্তন মন্ত্ৰী প্ৰণয় ৰাভাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.