ETV Bharat / state

বিজেপিৰে AIUDFৰ মিত্ৰতা থকাৰ বাবেই কংগ্ৰেছ মিত্ৰতা ভংগ কৰিলে : ৰকিবুল হুছেইন

author img

By

Published : Oct 7, 2021, 8:42 PM IST

বিজেপিৰে AIUDFৰ মিত্ৰতা থকাৰ বাবেই কংগ্ৰেছ মিত্ৰতা ভংগ কৰিলে
বিজেপিৰে AIUDFৰ মিত্ৰতা থকাৰ বাবেই কংগ্ৰেছ মিত্ৰতা ভংগ কৰিলে

বৰপেটাৰ হাউলীত কংগ্ৰেছ নেতা ৰকিবুল হুছেইন ৷ বিজেপিৰ সৈতে এআইইউডিএফৰ মিত্ৰতাৰ বাবেই কংগ্ৰেছে মিত্ৰতা ভংগ কৰিলে এআইইউডিএফেৰে এই মন্তব্য বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ ৷

বৰপেটা, ৭ অক্টোবৰ : বৰপেটাৰ হাউলীত উপস্থিত কংগ্ৰেছ নেতা ৰকিবুল হুছেইন ৷ উল্লেখযোগ্য যে, গোসাইগাঁও সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীৰ মনোনয়ন দাখিল কাৰ্যসূচীত যোগ দিবলৈ যোৱাৰ পথতে বৰপেটাৰ হাউলীত ৰকিবুল হুছেইনে উপ-নিৰ্বাচন সম্পৰ্কে কেতবোৰ গুৰুত্বপূণ মন্তব্য কৰে ৷

উপ-নিৰ্বাচনত ৰাইজে কংগ্ৰেছৰ সমৰ্থনত ভোট দান কৰিব বুলি উল্লেখ কৰে ৰকিবুল হুছেইনে ৷ বিজেপিক সমালোচনা কৰিবলৈ গৈ ৰকিবুল হুছেইনে কয়, RSSৰ মুখ্য কাৰ্যালয়স্থিত নাগপুৰত অনুষ্ঠিত হোৱা জিলা পৰিষদৰ নিৰ্বাচনত ১৬ খন আসনৰ ভিতৰত ১২ খন আসন কংগ্ৰেছে আৰু মাথো দুখন আসন বিজেপিয়ে লাভ কৰিছে ৷ যিয়ে সূচায় ৰাজ্যত অনুষ্ঠিত হ’ব লগীয়া উপ-নিৰ্বাচনত কংগ্ৰেছৰ জয় লাভ ৷

বিজেপিৰে AIUDFৰ মিত্ৰতা থকাৰ বাবেই কংগ্ৰেছ মিত্ৰতা ভংগ কৰিলে

লগতে তেওঁ কয়, বিজেপিৰ সৈতে এআইইউডিএফৰ মিত্ৰতাৰ বাবেই কংগ্ৰেছে এআইইউডিএফেৰে মিত্ৰতা ভংগ কৰিলে ৷ বিজেপিৰ সৈতে এআইইউডিএফৰ মিত্ৰতাৰ সম্পৰ্কৰ কথা দোহাৰি ৰকিবুল হুছেইনে কয়, নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে আজমলৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰিছিল আৰু আজমলে বিদেশৰ পৰা অনৈতিকভাৱে সংগ্ৰহ কৰা ধনক লৈ চৰকাৰে তদন্ত কৰি উচিত ব্যৱস্থা গ্ৰহণৰ কৰিব বুলি কৈছিল ৷ পিছে চৰকাৰ গঠন কৰিয়েই বিজেপি চৰকাৰে আজমলৰ পৰা ৫৮ লাখ টকাৰ চান্দা লোৱা বুলি প্ৰকাশ কৰিছে ৰকিবুল হুছেইনে ৷

লগতে পঢ়কঃ ৰাজকন্যাক প্ৰেচক্ৰিপশ্যন দি আৰক্ষীৰ চমন লাভ ডাঃ নভনীল বৰুৱাৰ

একেদৰে যিসময়ত চৰকাৰে উচ্ছেদ চলাই মানুহৰ ঘৰ ভাঙিছে, মানুহক গুলিয়াই মাৰিছে তেনেসময়তে এআইইউডিএফে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক দেশৰ এক নম্বৰ মুখ্যমন্ত্ৰী বুলি প্ৰশংসা কৰাৰ প্ৰসংগও উত্থাপন কৰে ৰকিবুল হুছেইনে ৷ ইপিনে এআইইউডিএফে নিজৰ প্ৰাৰ্থী জিকাবলৈ নহয়, বিজেপিত জয়ী কৰিবলৈহে প্ৰাৰ্থী ঠিয় কৰোৱা বুলি মন্তব্য কৰে ৰকিবুল হুছেইনে ৷ এআইইউডিএফৰ ওপৰত ক্ষুন্ন ৰকিবুল হুছেইনে আনকি এআইইউডিএফক ভোট দিয়াতকৈ চিধা চিধি বিজেপি সমৰ্থিত ইউপিপিএলক ভোট দিবলৈ আহ্বান জনায় ৷

ৰকিবুল হুছেইনে লগতে কয়, গৰুখুটিকে ধৰি বিভিন্ন স্থানত অন্যায়ৰ বলি হোৱা লোকসকলৰ প্ৰতি সমমৰ্মিতাৰ বাবেও এআইইউডিএফে উপ-নিৰ্বাচনত প্ৰাৰ্থী দিব নালাগিছিল ৷ ভোট নষ্ট কৰাৰ বাবেই এআইইউডিএফে প্ৰাৰ্থী দিয়াৰ কথা ৰাইজে বুজি উঠিছে বুলিও মন্তব্য কৰে ৰকিবুল হুছেইনে ৷ একেদৰে মাটিৰ দালাল আটকৰ ঘটনাক নাটক আখ্যা দি কেইদিনমান পিচতেই মাটিৰ দালালৰ বিষয়ে প্ৰমাণসহ সংবাদ মাধ্যমৰ আগত মুখ খুলিব বুলিও মন্তব্য ৰকিবুল হুছেইনে ৷

বিধায়ক শ্বেৰমান আলী আহমেদৰ গ্ৰেপ্তাৰ প্ৰসংগত ৰকিবুল হুছেইনে কয়, বিজেপিয়ে পতা জালত ভৰি দি গ্ৰেপ্তাৰ হ'ল শ্বেৰমান আলী আহমেদ ৷ গৰুখুটিৰ ঘটনাক আনফালে ঢাল খুৱাবলৈকে শ্বেৰমান আলী আহমেদক গ্ৰেপ্তাৰ কৰা হৈছে বুলি উল্লেখকৰে ৰকিবুল হুছেইনে ৷

লগতে পঢ়কঃ পুত্ৰ আৰিয়ান গ্ৰেপ্তাৰ হোৱাৰ পাচতে শ্বাহৰুখ খানলৈ সমৰ্থন বলীউড তাৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.