ETV Bharat / sitara

পুত্ৰ আৰিয়ান গ্ৰেপ্তাৰ হোৱাৰ পাচতে শ্বাহৰুখ খানলৈ সমৰ্থন বলীউড তাৰকাৰ

author img

By

Published : Oct 4, 2021, 6:52 PM IST

Updated : Oct 7, 2021, 1:53 PM IST

নিষিদ্ধ ড্ৰাগছ(Drugs)ৰ ব্যৱহাৰ কৰাৰ অভিযোগত দেওবাৰে নাৰ্ক'টিক্স কন্ট্ৰল ব্যুৰ'(Narcotics Control Bureau)ই গ্ৰেপ্তাৰ কৰিছিল বলীউড চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান(Aryan Khan)ক । এই ঘটনাক লৈ বহুতেই শ্বাহৰুখ খান(Shah Rukh Khan) তথা তেওঁ পুত্ৰক দিয়া সংস্কাৰক লৈ সমালোচনা কৰিছে । বহুতেই পুত্ৰৰ এই স্খলনৰ বাবে দোষাৰোপ কৰিছে শ্বাহৰুখ খানক । কিন্তু এই সময়তে একাংশ বলীউড তাৰকাই সমৰ্থন আগবঢ়াইছে শ্বাহৰুখলৈ ।

Celebs support SRK after Aryan arrest
শ্বাহৰুখলৈ সমৰ্থন বলীউড তাৰকাৰ

চিটাৰা ডেস্ক, ৪ অক্টোবৰ : পুত্ৰ আৰিয়ানৰ গ্ৰেপ্তাৰৰ পিছতে সমালোচিত হৈছে বলীউড চুপাৰষ্টাৰ শ্বাহৰুখ খান । নিষিদ্ধ ড্ৰাগছ(Drugs)ৰ ব্যৱহাৰ কৰাৰ অভিযোগত আৰিয়ান খানক নাৰ্ক'টিক্স কন্ট্ৰল ব্যুৰ'(Narcotics Control Bureau)ই গ্ৰেপ্তাৰ কৰিছিল । এতিয়া এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বলীউডৰ বহু তাৰকাই । ছবি নিৰ্মাতা হঞ্চল মেহতা, অভিনেত্ৰী পূজা ভাট আৰু সুচিত্ৰা কৃষ্ণমূৰ্তিৰ আদি তাৰকাই শ্বাহৰুখ খানলৈ মুকলিকৈ সমৰ্থন আগবঢ়াইছে ।

উল্লেখ্য যে, দেওবাৰে নাৰ্ক'টিক্স কন্ট্ৰল ব্যুৰ'ই এখন ক্ৰুজত পাৰ্টী চলি থকা অৱস্থাতে অভিযান চলাইছিল আৰু আৰিয়ান খানসহ ৭ জনক গ্ৰেপ্তাৰ কৰে । ইয়াৰ পাচতে ২৩ বছৰীয়া আৰিয়ানক ৪ অক্টোবৰ পৰ্যন্ত এন চি বি(Narcotics Control Bureau)ৰ জিম্মালৈ প্ৰেৰণ কৰা হয় । আনহাতে, আৰিয়ানক গ্ৰেপ্তাৰ কৰাৰ কেইঘণ্টামানৰ পিছত শ্বাহৰুখৰ ঘনিষ্ঠ বন্ধু তথা চুপাৰষ্টাৰ ছলমান খান শ্বাহৰুখৰ বাসগৃহ মন্নতত উপস্থিত হয় । পুত্ৰ আৰিয়ান ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱাক লৈ শ্বাহৰুখে ছ'চিয়েল মিডিয়াত সমালোচনা সন্মুখীন হোৱাৰ সময়ত ছলমানেই হৈছে একমাত্ৰ বলীউড তাৰকা, যি শ্বাহৰুখক সাক্ষাৎ কৰি তেওঁৰ সংকটৰ সময়ত কিছু সাহস দিয়াৰ চেষ্টা কৰিছে ।

আনহাতে, ছবি নিৰ্মাতা হঞ্চল মেহতাই টুইটযোগে এই ঘটনাৰ প্ৰতিক্ৰিয়া কৰি কয় যে, মানুহে শিশুক লৈ বিতৰ্ক আৰম্ভ কৰাতো অতি দুখজনক । তেওঁ টুইটত লিখিছে যে, সন্তানক সমস্যাৰ সন্মুখীন হোৱা পৰিস্থিতিৰে যুঁজ দিয়াটো প্ৰতিগৰাকী অভিভাৱকৰ বাবে অতি কঠিন । আইনে বিচাৰ কৰাৰ আগতে মানুহে নিজে যিকোনো সিদ্ধান্তত উপনীত হৈ বিতৰ্কৰ সৃষ্টি কৰাটো অধিক দুখজনক ।

এয়া পিতৃ-মাতৃ আৰু পিতৃ-মাতৃৰ সৈতে থকা সন্তানৰ সম্পৰ্কৰ প্ৰতি অসন্মান আৰু অন্যায় বুলি টুইটত উল্লেখ কৰিছে মেহতাই । আনহাতে, ১৯৯৬ চনত মুক্তি লাভ কৰা "চাহট" ছবিত শ্বাহৰুখৰ সৈতে একেলগে কাম কৰা পূজা ভাটে দেওবাৰে সন্ধিয়া টুইটযোগে নিজৰ স্থিতি স্পষ্ট কৰে । তেওঁ টুইটত উল্লেখ কৰে যে, তেওঁ শ্বাহৰুখৰ সমৰ্থনত আছে । তেওঁ লগতে উল্লেখ কৰিছে যে, শ্বাহৰুখক আন কোনো লোকৰ প্ৰয়োজন নাই বুলি তেওঁ জানে তথাপি তেওঁ সাহসেৰে কিং খানক সমৰ্থন কৰিছে ।

ইফালে, আৰিয়ানক গ্ৰেপ্তাৰ কৰাৰ কেইঘণ্টামান পূৰ্বে শ্বাহৰুখৰ 'কভি হা কভি না' ছবিৰ সহ অভিনেত্ৰী সুচিত্ৰা কৃষ্ণমূৰ্তিয়ে টুইটযোগে কয় যে, তেওঁ শ্বাহৰুখৰ পৰিয়ালৰ বাবে প্ৰাৰ্থনা কৰি আছে । তেওঁ টুইটত উল্লেখ কৰে যে, সন্তানক বিপদ পৰা দেখাতকৈ কঠিন সময় পিতৃ-মাতৃৰ বাবে একো নহয় । পিছত আন এটা টুইটত তেওঁ উল্লেখ কৰে যে, হিন্দী ছবি উদ্যোগৰ তাৰকাসকল এনে ঘটনাৰ লক্ষ্য হৈ পৰে । তেওঁ বলীউড তাৰকাৰ বিৰুদ্ধে চলা এন চি বিৰ অভিযানৰ প্ৰসংগ উত্থাপন কৰে ।

প্ৰমাণৰ অবিহনেই তাৰকাসকলৰ খ্যাতি ম্লান পেলোৱাৰ বাবে এনে অভিযান চলে বুলি অভিযোগ তুলি তেওঁ আক্ষেপ কৰে । দেওবাৰে দিল্লীত অনুষ্ঠিত এক প্ৰচাৰমূলক অনুষ্ঠানত অভিনেতা সুনীল চেট্টীয়ে বলীউড তাৰকাৰ ওপৰত সংবাদ মাধ্যমে ৰখা তীক্ষ্ণ দৃষ্টি, তেওঁলোকক লৈ প্ৰকাশ কৰা বাতৰিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । আৰিয়ানক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে সুনীল চেট্টীয়ে সকলোকে আহ্বান জনাইছিল যে, আৰিয়ান সৰু ল'ৰা আৰু তেওঁ ভীতিগ্ৰস্ত কৰাৰ পৰিৱৰ্তে এক শান্তিৰ পৰিৱেশত থকাৰ সুযোগ দিয়ক । প্ৰকৃত সত্য পোহৰলৈ অহালৈকে সকলোকে অপেক্ষা কৰিবলৈ তেওঁ আহ্বান জনায় ।

তেওঁ কয় যে, আৰিয়ানক সঠিকভাৱে পৰামৰ্শ দিয়াটোহে এতিয়া সকলোৰে কৰ্তব্য । প্ৰবীণ অভিনেত্ৰী নাফিছা সোধি আলীয়ে ইনষ্টাগ্ৰাম পোষ্টযোগে কয় যে, আৰিয়ানক এতিয়া সহায়ৰ প্ৰয়োজন আৰু তেওঁ ধ্বংস কৰাৰ বাট প্ৰশস্ত কৰাতো উচিত নহয় । উল্লেখ্য যে, এন চি বিয়ে আঞ্চলিক সঞ্চালক সমীৰ ৱানখেডেৰ নেতৃত্বত শনিবাৰে সন্ধিয়া গোৱা অভিমুখী ক্ৰুজত পাৰ্টী চলি থকাৰ সময়ত অভিযান চলাইছিল ।

অভিযানকাৰী দলটোৱে ১৩ গ্ৰাম কোকেইন, পাঁচ গ্ৰাম এম ডি, ২১ গ্ৰাম চৰাছ আৰু ২২টা এক্সটেচী টেবলেট আৰু নগদ ১.৩৩ লাখ টকা জব্দ কৰে । এন চি বিয়ে দেওবাৰে জনায় যে, তেওঁলোকৰ হাতত এই সন্দৰ্ভত সকলো প্ৰমাণ আছে । লগতে জনাইছে যে, হোৱাটছএপৰ জৰিয়তে কৰা বাৰ্তালাপৰ স্ক্ৰীণশ্বটো তেওঁলোকৰ হাতত পৰিছে ।

লগতে পঢ়ক: মুম্বাইত ড্ৰাগছৰ বিৰুদ্ধে NCBৰ ধাৰাবাহিক অভিযান

Last Updated : Oct 7, 2021, 1:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.