ETV Bharat / state

Poor condition of road: অভয়াপুৰী আমিনগাঁও সংযোগী ৰাজ্যিক ঘাই পথৰ বিধস্ত ৰূপ

author img

By

Published : Jan 25, 2023, 1:37 PM IST

Poor condition of Kalgachia state Highway
অভয়াপুৰী আমিনগাওঁ সংযোগী ৰাজ্যিক ঘাই পথৰ বিধস্ত ৰূপ

অভয়াপুৰীৰ পৰা আমিনগাঁও সংযোগী ৰাজ্যিক ঘাই পথচোৱাই জ্বলা-কলা খোৱাইছে সেই পথেৰে যাত্ৰা কৰা প্ৰতিখন যান-বাহনৰ আৰোহীক ৷ শীঘ্ৰে পথচোৱা নিৰ্মাণৰ দাবী স্থানীয় ৰাইজৰ (Poor condition of Kalgachia state Highway)৷

অভয়াপুৰী আমিনগাঁও সংযোগী ৰাজ্যিক ঘাই পথৰ বিধস্ত ৰূপ

বৰপেটা, 25 জানুৱাৰী : কলগাছিয়াৰ বৰটাৰী দ্বিতীয় নং বিকল্প ৰাজ্যিক ঘাইপথৰ দুৰৱস্থা (Poor condition of road) ৷ পথছোৱাৰ দুৰৱস্থাৰ বাবে দীৰ্ঘদিন ধৰি ৰাইজে ভুগিব লগা হৈছে দুৰ্ভোগ ৷ তথাপিও কাণষাৰ নাই জন প্ৰতিনিধি তথা চৰকাৰী বিভাগটোৰ ৷

কলগাছিয়াৰ বৰটাৰী দ্বিতীয় নং বিকল্প ৰাজ্যিক ঘাইপথটোৰে মৰণত শৰণ দি যাতায়ত কৰিব লগীয়া হৈছে পথচাৰীৰ লগতে যান বাহন আৰোহীয়েও । কাৰণ ঘাইপথটোৰ কাষে কাষে একো একোটা প্ৰকাণ্ড গাঁত ৷ যিকোনো সময়তে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ স্থানীয় লোকৰ লগতে পথাচাৰীৰ ।

Poor condition of Kalgachia state Highway
অভয়াপুৰী আমিনগাওঁ সংযোগী ৰাজ্যিক ঘাই পথৰ বিধস্ত ৰূপ

বৰপেটা সমষ্টিৰ অন্তৰ্গত এই পথটোৱে এতিয়া জ্বলা-কলা খুৱাই মাৰিছে পথটোৰে আহ-যাহ কৰা প্ৰতিজন আৰোহীকে (Poor condition of Kalgachia state Highway) ৷ সাংসদ আব্দুল খালেকৰ গৃহ সমষ্টি তথা কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বৰটাৰী দ্বিতীয় নং বিকল্প ৰাজ্যিক ঘাইপথত বৃহৎ বৃহৎ গাতে বিগত এটা বছৰ ধৰি জ্বলা কলা খুৱাইছে পথচাৰীক (MP Abdul Khalek) । অভয়াপুৰীৰ পৰা আমিনগাঁও সংযোগী এই ৰাজ্যিক ঘাই পথটো এটা অতি ব্যস্ত পথ ৷ প্ৰত্যেক দিনাই এই পথেৰে অহা যোৱা কৰে হাজাৰ হাজাৰ যান বাহন তথা আৰোহীয়ে । তাৰ পাছটো পথটো উন্নীতকৰণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই ৷

উল্লেখ্য যে, অভয়াপুৰীৰ পৰা আমিনগাঁও সংযোগী এই ৰাজ্যিক ঘাই পথটো নিৰ্মাণ কৰি উলিয়াইছিল গৌতম কনচট্ৰাকচনে ৷ বেকী নদীৰ বালি মাটিৰে অতি নিম্নমানেৰে ৰাস্তাটো নিৰ্মাণ কৰি উলিওৱাৰ ফলত বৰটাৰী পকী দলঙৰ সন্মুখত ডাঙৰ ডাঙৰ গাঁতৰ সৃষ্টি হোৱাত মৰণত শৰণ দি যাতায়ত কৰিব লগীয়া হৈছে প্ৰতিগৰাকীয়ে । মৰণ ফান্দত পৰিণত হোৱা পথটোত মাজে সময়ে দুৰ্ঘটনা সংঘটিত হৈ আঘাতপ্ৰাপ্ত হোৱাৰ লগতে মৃত্যুমুখতো পৰিছে পথচাৰী ।

উল্লেখ্য যে, বৰপেটা লোকসেৱা সমষ্টিৰ সাংসদ আব্দুল খালেকৰ ঘৰৰ নিচেই কাষতে অৱস্থিত এই ৰাজ্যিক ঘাইপথটো ৷ সাংসদ এগৰাকীৰ সমীপৰ ৰাজ্যিক ঘাইপথটোৰ এনে অৱস্থা দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে স্থানীয় ৰাইজে । শীঘ্ৰে এই ব্যস্ত পথচোৱা মেৰামতি কৰাৰ বাবে দাবী উত্থাপন কৰে পথচাৰীৰ লগতে স্থানীয় ৰাইজে (Public facing problems due to poor condition of road) । অন্যথা বাৰিষাৰ সময়ত এই ৰাজ্যিক ঘাইপথটোত গৰাখহনীয়াৰ কৱলত পৰি যোগাযোগ বিচ্ছিন্ন হ’ব বুলি আশংকা প্ৰকাশ কৰিছে ভুক্তভোগী ৰাইজে ।

লগতে পঢ়ক: Republic day preparation in Lakhimpur: লখিমপুৰত গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.