Republic day preparation in Lakhimpur: লখিমপুৰত গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি

author img

By

Published : Jan 21, 2023, 10:42 AM IST

Republic day preparation in Lakhimpur

ৰাজ্যত গণৰাজ্য দিৱসৰ প্ৰস্তুতি তুংগত চলিছে ৷ ইয়াৰ মাজতে লখিমপুৰত জিলা প্ৰশাসনৰ উদ্যোগত 74 সংখ্যক গণৰাজ্য দিৱসৰ প্ৰস্তুতি ব্যাপকৰূপে চলিছে(Republic day preparation in Lakhimpur ) ৷

লখিমপুৰত গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি

লখিমপুৰ, 21 জানুৱাৰী : গণৰাজ্য দিৱসলৈ মাজত মাথো পাঁচটা দিন (Republic day in Assam)৷ দেশৰ 74 সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে এতিয়া চৌদিশে চলিছে ব্যাপক প্ৰস্তুতি (Republic day preparation in Lakhimpur )। ৰাজ্যৰ আন প্ৰান্তৰ দৰে লখিমপুৰ জিলাতো জিলা প্ৰশাসনৰ উদ্যোগত গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে ।

জিলাখনত গণৰাজ্য দিৱস উদযাপন উপলক্ষে বিশেষকৈ নিৰাপত্তাৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্রহণ কৰিছে আৰক্ষী তথা প্ৰশাসনে । গণৰাজ্য দিৱসৰ পূৰ্বৰে পৰা লখিমপুৰ নগৰ খেলপথাৰত আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে ৷ সমান্তৰালভাৱে খেলপথাৰ মেচিনেৰে খান্দি সন্দেহজনক যিকোনো বস্তুৰ সন্ধান চলোৱাৰ লগতে অসম আৰক্ষীৰ বিশেষ শাখাই নিতৌ মেটেল ডিটেক্টৰৰ সহায়ত পতাকা উত্তোলনস্থলী পৰীক্ষা কৰিছে (Republic day celebration in Lakhimpur)।

এনে ধৰণৰ সতৰ্কতামূলক ব্যৱস্থাৱলীৰ সমান্তৰালকে খেলপথাৰত প্ৰশাসনৰ উদ্যোগত চলিছে পেৰেডৰ অনুশীলন ৷ আৰক্ষী, গৃহৰক্ষী বাহিনীৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্র-ছাত্রীসকলেও পেৰেডৰ অনুশীলনত ভাগ লৈছে ৷ সমান্তৰালকৈ স্কাউট গাইড, এনচিচিৰ দলেও লৈছে ভাগ ৷ জিলা প্ৰশাসন তথা আৰক্ষী বিভাগৰ এনে তৎপৰতাত প্ৰাণোচ্ছল হৈ পৰিছে গণৰাজ্য দিৱস উদযাপনস্থলী ।

লগতে পঢ়ক: Rojgar Mela at Guwahati: ৰোজগাৰ মেলাত ১৯৯ গৰাকীক নিযুক্তি পত্ৰ বিতৰণ সৰ্বানন্দ সোণোৱালৰ

উল্লেখ্যে যে ৰাজ্যৰ ভিন্ন প্ৰান্তত গণৰাজ্য দিৱসৰ কাৰ্যসূচী সফল ৰূপায়ণৰ লগতে উগ্ৰপন্থী সংগঠনৰ কুটাঘাট নিয়ন্ত্ৰণৰ বাবে ৰাজ্যৰ প্ৰশাসন সম্পূৰ্ণৰূপে সস্তম হৈ পৰিছে ৷ সমগ্ৰ ৰাজ্যৰ লগতে উজনি-নামনিত গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত সংঘটিত হ’ব পৰা যিকোনো কুটাঘাতমূলক কাৰ্য নিয়ন্ত্ৰণ তথা শান্তি শৃংখলা বিঘ্নিত নহ’বৰ বাবে স্থানীয় প্ৰশাসনে নিৰ্দেশনাৰ লগতে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে ৷ লগতে ৰাজ্যৰ বিভিন্ন সংবেদনশীল স্থানত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি ঠায়ে ঠায়ে আৰক্ষীয়ে তালাচী চলোৱাও পৰিলক্ষিত হৈছে । ৰাজহুৱা স্থান, ব্যস্ত অঞ্চলত চোকা দৃষ্টি ৰাখিছে প্ৰশাসনে ।

স্মৰ্তব্য যে 2023 চনৰ 74 সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত অসমক প্ৰতিনিধিত্ব কৰি প্ৰতীক পদ ৰূপে মহাবীৰ লাচিত বৰফুকনৰ প্ৰতীকী দিল্লীৰ ৰাজপথত প্ৰদৰ্শিত হ’ব।

লগতে পঢ়ক: KLO Chief Jiban Singha in India: কমতাপুৰলৈ এতিয়াও বহুদূৰ, কেন্দ্ৰই কিমান গুৰুত্ব সহকাৰে লৈছে জীৱন সিংহক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.