ETV Bharat / state

Gambling in Kalgachia: কলগাছিয়াৰ বহু স্থানত বাটে ঘাটে চলিছে অবৈধ জুৱা

author img

By

Published : Apr 23, 2023, 10:14 PM IST

কলগাছিয়াৰ লাচাংগা, ইউচুব বজাৰ, বলাইপাথাৰ আৰু কলগাছিয়াত দিনে নিশাই চলিছে জুৱাখেল (Open gambling in various parts of Kalgachia) । কিন্তু ইয়াৰ প্ৰতি গুৰুত্ব নাই আৰক্ষী কিম্বা সচেতন মহলৰ । অতি শীঘ্ৰেই জুৱাখেল বন্ধ কৰাৰ দাবী একাংশ ৰাইজৰ ।

Open gambling in various parts of Kalgachia
কলগাছিয়াৰ বিভিন্ন প্ৰান্তত মুকলি জুৱা

কলগাছিয়াৰ বিভিন্ন প্ৰান্তত মুকলি জুৱা

জনিয়া, ২৩ এপ্ৰিল: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বৃহত্তৰ কলগাছিয়া অঞ্চলত সঘনাই চলি আহিছে অবৈধ জুৱা খেল । দেওবাৰে ৰাইজৰ অভিযোগৰ ভিত্তিত সাংবাদিকৰ এটা দলে কেইবা ঠাইতো অভিযান চলাই জুৱাৰ বিৰুদ্ধে । গাঁও প্ৰধান, অভিভাৱক তথা সমাজৰ সচেতন মহলৰ নিষ্ক্ৰিয়তাৰ বাবে এইদৰে ৰাস্তাৰ ঘাটে জুৱাৰ আড্ডা চলাৰ অভিযোগ উত্থাপন হৈছে (Open gambling in various parts of Kalgachia) ।

লাচাংগা গাঁৱত এতিয়া নিচিন্ত মনে ৰাস্তাৰ কাষত চলিছে জুৱা খেল । কি ডেকা, কি যুৱক, কি বৃদ্ধ, সকলোৱে উবুৰি খাই পৰা দেখা গৈছে এই জুৱা খেলত । পিছে সাংবাদিকৰ কেমেৰা দেখি মুখ ঢাকি পলায়ন কৰে জুৱাৰীৰ দলে । এবাৰ পৰিছে আকৌ এবাৰ উঠিছে, আকৌ দৌৰিছে আকৌ পৰিছে । মুঠতে সমাজত উচ্চস্থানত থকা লোকসকলে মুকলি জুৱাত অংশগ্ৰহণ কৰি পলায়ন কৰি কেমেৰা দেখি নিজকে বচোৱাৰ চেষ্টা কৰা পৰিলক্ষিত হৈছে (Open gambling in Kalgachia) ।

একেদৰে একাংশ ৫০ ৰ উৰ্ধৰ ব্যক্তিৰ প্ৰায় ১০-১২ জনীয়া এটা দলে বেকী নদীৰ কাষত বাঁহনিৰ মাজত নিচিন্ত মনে খেলিছে টাছ পাতৰ জুৱা খেল । যেন এওঁলোকে লাভ কৰিছে অনুজ্ঞাপত্ৰ । ইফালে পূব কলগাছিয়াত পথাৰৰ মাজত একাংশ যুৱকে জুৱা খেলত ব্যস্ত হৈ থকাৰ মাজত সাংবাদিক উপস্থিত হোৱাত জুৱাৰীয়ে যেনি যেনেকৈ পাৰে দৌৰি পলায়ন কৰে (Gambling in Kalgachia) ।

বলাইপাথাৰ গাঁৱতো একেই দৃশ্য দেখা যায় । ঘৰত কোনো মানুহ নথকাৰ সুযোগ গ্ৰহণ কৰি একাংশ উদণ্ড যুৱকে খেলিছে জুৱা । সাংবাদিকক দেখিয়ে জুৱাৰীৰ দলটোৰ পৰা এজন এজনকৈ পলাই যাবলৈ সক্ষম হয় । আৰক্ষীয়ে জুৱাৰীৰ বিৰুদ্ধে সঘনাই অভিযান চলোৱাৰ পিচত বিভিন্ন প্ৰান্তত চলি আহিছে অবৈধ জুৱা খেল । এতিয়া প্ৰশ্ন হয়, এই সমাজখন পৰিৱৰ্তন হ'ব কেনেকৈ । প্ৰশাসনে নিষ্ক্ৰিয় ভূমিকা পালন কৰিলে কোনে নিয়ন্ত্ৰণ কৰিব জুৱাৰীক ? সেয়া এক লাখটকীয়া প্ৰশ্ন । ৰাইজেও অতি শীঘ্ৰে জুৱা খেল বন্ধ কৰিবলৈ আহ্বান জনাই আৰক্ষী প্ৰশাসনক ।

লগতে পঢ়ক: Jogen Mohan reaction: যদি দললৈ কোনোবা আহিব খোজে তেন্তে আমি বাধা নিদিওঁ; মন্ত্ৰী মহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.