ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Aug 10, 2021, 7:08 PM IST

news@7
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

1.বিভাগীয় অমনোযোগিতাৰ বাবে অপমৃত্যু এটা পশু চিকিৎসা কেন্দ্ৰৰ

এৰাবাৰীত পৰিণত সোণাৰিৰ টিটলাগড় পশু চিকিৎসা কেন্দ্ৰ ৷ বছৰ বছৰ ধৰি চিকিৎসালয়খনত নাই পশু চিকিৎসক অথবা কোনো এজন বিষয়া কৰ্মচাৰী ৷ ফলত হাবি-জংঘলেৰে আৱৰি ধৰিছে চিকিৎসালয়খন ৷

2.7 আগষ্টক ‘জেভলিন থ্ৰ’ দিৱস’ হিচাপে উদযাপনৰ সিদ্ধান্ত

100 বছৰৰ অন্তত এথলেটিকছত এগৰাকী ভাৰতীয়ই অলিম্পিকত স্বৰ্ণ জয়ৰ স্বপ্নক বাস্তবায়িত কৰিলে ৷ নীৰজ চোপ্ৰাৰ বিজয়ৰ এই দিনটো নিশ্চয়কৈ সমগ্ৰ দেশবাসীৰ বাবেই ঐতিহাসিক দিন ৷ 7 আগষ্ট দিনটোক ‘জেভলিন থ্ৰ’ দিৱস’ হিচাপে ঘোষণা কৰাৰ সিদ্ধান্ত লৈছে Athletics Federation of India ই ৷

3.বদৰপুৰত আৰক্ষীৰ অভিযানত জব্দ গৰু ভৰ্তি ট্ৰাক

সোমবাৰে নিশা বদৰপুৰত 13 টা গৰু ভৰ্তি এখন ট্ৰাক জব্দ ৷ পাঞ্জাৱৰ পৰা ত্ৰিপুৰালৈ নিয়াৰ সময়তে ট্ৰাকখন জব্দ কৰে আৰক্ষীয়ে ৷ ট্ৰাক চালক হৰবিন্দৰ সিঙক আটক কৰি সোধ-পোচ অব্যাহত আৰক্ষীৰ ৷

4.পেগাচাছৰ তদন্ত সন্দৰ্ভত ১৬ আগষ্টলৈ আদালতৰ শুনানি স্থগিত

উচ্চতম ন্যায়ালয়ে পেগাচাছ বিষয়টো সন্দৰ্ভত SIT ৰ তদন্ত বিচাৰি কৰা আবেদনৰ শুনানি ১৬ আগষ্টলৈ স্থগিত ৰাখে । লগতে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাক বিষয়টোৰ ওপৰত চৰকাৰৰ পৰা নিৰ্দেশনা বিচাৰিবলৈ অতিৰিক্ত সময় দিয়া হয় ।

5.গাহৰি চিণ্ডিকেটত জড়িত আছে নেকি একাংশ পশুপালন বিষয়া

শিৱসাগৰ জিলাৰ এগৰাকী পশুপালন বিষয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে গাহৰি পালক সন্থাই । গাহৰি পালক সন্থাৰ বহু সদস্যই শিৱসাগৰ নগৰত থকা পশুপালন বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি বিষয়াজন বহিঃ ৰাজ্যৰ গাহৰি চিণ্ডিকেট চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন কৰে ।

6.PM মোডীৰ উজ্জ্বলা যোজনা : দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভ

PM মোডীৰ উজ্জ্বলা যোজনাৰ কথা নজনা মানুহ হয়তো কমে ওলাব ৷ প্ৰথম পৰ্যায়ৰ আঁচনিৰ সফল ৰূপায়ণৰ পিছত মঙলবাৰে দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভ কৰা হ’ব ৷ ইয়াৰ বাবে প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হৈছে উত্তৰ প্ৰদেশৰ মহোবাত ৷

7. হীৰামান্দি : আহি আছে সঞ্জয় লীলা ভাঞ্চালীৰ নতুন ছবি

আপোনাৰ প্ৰিয় ছবি পৰিচালক সঞ্জয় লীলা ভাঞ্চালীয়ে এতিয়া কি কৰিছে ? পৰিচালক সঞ্জয় লীলা ভাঞ্চালী এতিয়া ব্যস্ত লাহোৰ চহৰৰ এটা ৰেড লাইট অঞ্চলত কাহিনীৰ অন্বেষনত ৷ সেই পতিতালয়ত বাস কৰা বহু মহিলাৰ কাহিনীৰে নিৰ্মাণ হ’ব হীৰামন্দি ৷

8.বানৰ কোবাল সোঁত আৰু ১০ টকীয়া বাজি...

টকাৰ বাবে মানুহে কি কৰিব নোৱাৰে ? নিজৰ জীৱনকো তুচ্ছ কৰি চৰম পৰ্যায় গ্ৰহণ কৰিবলৈ সাজু সকলো ৷ হয়তো টকাৰ বাবে আপোনজনৰো অনিষ্ট সাধন কৰিব পাৰে একাংশই ৷ কিন্তু মাত্ৰ 10 টকাৰ বাবে ? হয়, মাত্ৰ 10 টকাৰ বাবে তিনি বন্ধুৱে কৰিলে এনে এক কাম যাক লৈ এতিয়া তল-ওপৰ Social media মাত্ৰ 10 টকাৰ বাবে বাজি মাৰিছিল তিনি বন্ধুৱে ৷ পিছে কোন জিকিল এই দহটকীয়া বাজিত ? এয়া জানিবলৈ আপুনি চাব লাগিব মধ্য প্ৰদেশৰ এই ভাইৰেল ভিডিঅ’টো ৷

9.নলবাৰীত শ্ৰমিক-কৃষক সংগঠনৰ যৌথ প্ৰতিবাদ

ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনসমূহৰ যৌথ মঞ্চৰ উদ্যোগত বিজেপি চৰকাৰৰ শ্ৰমিক, কৃষক বিৰোধী কাৰ্য-কলাপৰ বিৰোধিতাৰে ভাৰত বচাও দিৱস শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

10.কংগ্ৰেছৰ প্ৰতি ৰাইজৰ ভাৱমূৰ্তি নোহোৱা হৈছে : যোগেন মহন

বিৰোধী দল কংগ্ৰেছ(Congress) সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যিক মন্ত্ৰী যোগেন মহনে(Jogen Mohan) ৷ মৰাণত কংগ্ৰেছ দলৰ প্ৰতি মানুহৰ ভাৱমূৰ্তি নোহোৱা হৈছে ৷ কংগ্ৰেছে বহুদিন শাসন কৰাৰ পাচত তেওঁলোকে ৰাজ্যখন ক’লৈ লৈ গ’ল অসমৰ ৰাইজেহে দেখিছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে । বিগত 5 বছৰত প্ৰাক্তন তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল(Sarbananda Sonowal) আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(Himanta Biswa Sarma) যি ধৰণে উন্নতি কৰিছে, তাক লৈ অসমৰ ৰাইজ সুখী । কংগ্ৰেছ দলক লৈ এইদৰে মন্তব্য আগবঢ়ায় মন্ত্ৰী যোগেন মহনে ৷ লগতে শীঘ্ৰে বহু কংগ্ৰেছী নেতা-বিধায়ক বিজেপিলৈ অহাৰো ইংগিত দিয়ে মন্ত্ৰীগৰাকীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.