ETV Bharat / sports

7 আগষ্টক ‘জেভলিন থ্ৰ’ দিৱস’ হিচাপে উদযাপনৰ সিদ্ধান্ত

author img

By

Published : Aug 10, 2021, 6:09 PM IST

100 বছৰৰ অন্তত এথলেটিকছত এগৰাকী ভাৰতীয়ই অলিম্পিকত স্বৰ্ণ জয়ৰ স্বপ্নক বাস্তবায়িত কৰিলে ৷ নীৰজ চোপ্ৰাৰ বিজয়ৰ এই দিনটো নিশ্চয়কৈ সমগ্ৰ দেশবাসীৰ বাবেই ঐতিহাসিক দিন ৷ 7 আগষ্ট দিনটোক ‘জেভলিন থ্ৰ’ দিৱস’ হিচাপে ঘোষণা কৰাৰ সিদ্ধান্ত লৈছে Athletics Federation of India ই ৷

Athletics Federation of India has decided to name August 7 as the "Javelin Throw Day
7 আগষ্টক উদযাপন কৰা হ’ব ‘জেভলিন থ্ৰ’ দিৱস’ হিচাপে

স্পৰ্টছ ডেস্ক, 10 আগষ্ট : এনে এখন দেশ য’ত অলিম্পিকৰ চতুৰ্থ আৰু পঞ্চম স্থানকো sporting milestone হিচাপে উদযাপন কৰা হয়, তেনে এখন দেশত নীৰজ চোপ্ৰাৰ স্বৰ্ণ জয় নিশ্চিতভাৱে এক বিষ্ময়কৰ খ্যাতি ৷ ভাৰতে অলিম্পিকৰ ইতিহাসত এথলেটিকছত যোৱা 100 বছৰত কোনো পদক লাভ কৰিবলৈ সক্ষম হোৱা নাছিল ৷ নীৰজ চোপ্ৰাই এই সপোনটো সঁচা কৰি তুলিলে আৰু সোণৰ পদক লাভেৰে এক নতুন ইতিহাস ৰচনা কৰিলে ৷

নীৰজ চোপ্ৰাৰ এই ঐতিহাসিক বিজয়ে ভাৰতীয় এথলীট সকলৰ বাবে এক মাইলৰ খুঁটি স্থাপন কৰিলে ৷ তেওঁৰ এই বিজয়ক উদযাপন কৰাৰ বাবেই Athletics Federation of India (AFI)ই 7 আগষ্ট অৰ্থাৎ নীৰজ চোপ্ৰাই স্বৰ্ণ জয় কৰাৰ দিনটো ‘জেভলিন থ্ৰ’ দিৱস’ (Javelin Throw Day) হিচাপে উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

নীৰজ চোপ্ৰাই ফাইনেলত 87.48 মিটাৰ দূৰত্বত কেৱল জেভলিন থ্ৰ’ কৰা নাই, তেওঁ এই থ্ৰ’ৰ দ্বাৰা ভাৰতৰ সপোন, ভাৰতৰ আশা আৰু ভাৰতীয় ক্ৰীড়াকো এক নতুন দূৰত্বলৈ লৈ গৈছে ৷

চোপ্ৰাৰ এই ঐতিহাসিক বিজয়ৰ পিছতে সমগ্ৰ দেশবাসীয়ে তেওঁক মৰম আৰু আন্তৰিকতাৰে উপচাই পেলাইছে ৷ আনকি মাত্ৰ 24 ঘন্টাত তেওঁৰ ইনষ্টাগ্ৰামৰ followers 2 মিলিয়নলৈ বৃদ্ধি পাইছে ৷ টকিঅ’ অলিম্পিকৰ পূৰ্বে ইনষ্টাগ্ৰামত তেওঁৰ followers আছিল 100 হাজাৰ ৷

নীৰজৰ ওপৰত পুৰস্কাৰৰ বৰষুণ

হাৰিয়ানৰ গ’ল্ডেন বয় নীৰজ চোপ্ৰাৰ অলিম্পিক বিজয়ৰ পিছতে সকলোৱে তেওঁক পুৰস্কাৰেৰে ওপচাই পেলাইছে ৷ হাৰিয়ানা চৰকাৰে তেওঁক 6 কোটি টকাৰ নগদ ধনেৰে পুৰস্কৃত কৰাৰ লগতে প্ৰথম শ্ৰেণীৰ চৰকাৰী চাকৰি প্ৰদান কৰিছে ৷ ইয়াৰ উপৰিও তেওঁক ৰাজ্যখনৰ যিকোনো স্থানতে 50 শতাংশ কম মূল্যত ভূমি প্ৰদানৰো প্ৰতিশ্ৰুতি দিছে হাৰিয়ানা চৰকাৰে ৷

হাৰিয়ানা চৰকাৰৰ উপৰিও পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে খেলুৱৈগৰাকীক 2 কোটি টকাৰ নগদ ধনেৰে পুৰস্কৃত কৰে কাৰণ চোপ্ৰাৰ পৰিয়ালটো প্ৰকৃততে পঞ্জাৱৰ ৷ এয়াই শেষ নহয় ৷ BCCI এ খেলুৱৈগৰাকীক 1 কোটি টকাৰে পুৰস্কৃত কৰাৰ লগতে IPLৰ ফ্ৰেঞ্চাইজী Chennai Super Kings এ তেওঁৰ চমকপ্ৰদ প্ৰদৰ্শনৰ বাবে তেওঁৰ 1 কোটি নগদ ধনেৰে পুৰস্কৃত কৰে ৷

লগতে পঢ়ক: Tokyo 2021: প্ৰথমটো স্বৰ্ণ জয়েৰে ইতিহাস ৰচিলে নীৰজ চোপ্ৰাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.