ETV Bharat / sitara

হীৰামান্দি : আহি আছে সঞ্জয় লীলা ভাঞ্চালীৰ নতুন ছবি

author img

By

Published : Aug 10, 2021, 5:21 PM IST

আপোনাৰ প্ৰিয় ছবি পৰিচালক সঞ্জয় লীলা ভাঞ্চালীয়ে এতিয়া কি কৰিছে ? পৰিচালক সঞ্জয় লীলা ভাঞ্চালী এতিয়া ব্যস্ত লাহোৰ চহৰৰ এটা ৰেড লাইট অঞ্চলত কাহিনীৰ অন্বেষনত ৷ সেই পতিতালয়ত বাস কৰা বহু মহিলাৰ কাহিনীৰে নিৰ্মাণ হ’ব হীৰামন্দি ৷

Sanjay Leela Bhansalis Heeramandi
ৰেড লাইট অঞ্চলত গঢ়লৈ উঠা গোপন সংস্কৃতিৰ অন্বেষণত

চিটাৰা ডেস্ক, 10 আগষ্ট : প্ৰখ্যাত ছবি পৰিচালক সঞ্জয় লীলা ভাঞ্চালী আপোনাৰ কিমান প্ৰিয় ? আপুনি ভাবিছে নেকি পদ্মাৱত ছবিখন চুপাৰহিট হোৱাৰ পাচত সঞ্জয় লীলা ভাঞ্চালীয়ে ছবি নিৰ্মাণৰ কোনো কাম হাতত লোৱা নাই ? ৰ'ব, আমি লৈ আহিছো আপোনাৰ বাবে এটা ভল খবৰ ৷

চলচিত্ৰ জৰিয়তে মনোৰঞ্জনৰ লগতে চিন্তাৰ খোৰাক দিয়া আপোনাৰ প্ৰিয় পৰিচালক সঞ্জয় লীলা ভাঞ্চালীয়ে ইতিমধ্যে ছবি নিৰ্মাণৰ এটা নতুন প্ৰকল্প হাতত লৈছে ৷ আপুনি ভৱাৰ দৰেই বলিউড ছবি জগতলৈ আহি আছে সঞ্জয় লীলা ভাঞ্চালীৰ এখন নতুন ছবি ৷

লগতে পঢ়ক : গ্ৰেপ্তাৰ হ’ব নেকি অভিনেত্ৰী শিল্পা চেট্টী ?

১৫ শতিকাৰ পৰা ১৬ শতিকাৰ সময়ত লাহোৰ চহৰৰ এটা ৰেড লাইট অঞ্চলত গঢ় লৈ উঠা এক আধ্যৱন্ত সকলৰ গোপন অভিসাৰ আৰু আড্ডাস্থলীৰ আধাৰত নিৰ্মাণ কৰা হ'ব সঞ্জয় লীলা ভাঞ্চালীৰ এই নতুন ছবিখন ৷ বাস্তৱৰ আধাৰত নিৰ্মাণৰত এই ছবিখনৰ নাম হ'ব হীৰামান্দি ৷

ছবিখনৰ বিষয়বস্তু সঞ্জয় লীলা ভাঞ্চালীৰ পূৰ্বৰ ছবি সমূহতকৈ সম্পূৰ্ণ পৃথক ৷ আপুনি ভাবিছিল হয়তো ভাঞ্চালীৰ আহিবলগীয়া নতুন ছবি Gangubai Kathiawadi দৰে হীৰামান্দি বিষয়বস্তুৰ কিছু সাদৃশ্য থাকিব ৷ নহয়, সম্পৰ্ণ পৃথক হ'ব এই ছবিখন ৷

লগতে পঢ়ক : শ্বাৰ্লিনৰ মন্তব্যৰ পিছতে শিল্পালৈ সন্দেহৰ আঙুলি; সকলো জানিছিল নেকি শিল্পাই ?

কামাথিপুৰাৰ নিচিনা পতিতালয়ত বাস কৰা এগৰাকী মহিলাৰ জীৱনৰ ভিত্তিত নিৰ্মাণ কৰা হ'ব এই ছবিখন ৷ উল্লেখ্য যে, সঞ্জয় লীলা ভাঞ্চালীৰ পূৰ্বৰ সহায়কাৰী পৰিচালক বিভু পুৰীক দিয়া হৈছে ছবিখনৰ পৰিচালনাৰ দায়িত্ব ৷

বৰ্তমানলৈকে ছবিখনৰ দৃশ্যগ্ৰহণ কেতিয়া আৰম্ভ হ'ব সেই সন্দৰ্ভত কোনো তাৰিখ ঘোষণা কৰা হোৱা নাই যদিও ছবিখনৰ কাষ্টিং সম্পৰ্কীয় বাতৰি ইতিমধ্যে প্ৰকাশ পাইছে ৷ শেতীয়াকৈ লাভ কৰা তথ্য অনুসৰি ছবিখনত মুখ্য নায়িকাৰ বাবে আলিয়া ভাটৰ নামৰ চৰ্চাত আহিছে ৷

লগতে পঢ়ক: "ঠাকুৰ সজ্জন সিং" খ্যাত অভিনেতা অনুপম শ্যামৰ দেহাৱসান

কিন্তু ইয়াৰ লগতে ছবিখনৰ বাবে ঐশ্বৰ্য ৰায় বচ্চন, মাধুৰী দীক্ষিত, দীপিকা পাডুকন, পৰিণীতি চোপ্ৰা, মনীষা কৈৰালা আৰু বিদ্যা বালান নামো চৰ্চাত আহিছে ৷ ছবিখন Netflix মুক্তিলাভ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে ৷ উল্লেখ্য যে, সঞ্জয় লীলা ভাঞ্চালী এই নতুন প্ৰজেক্টটো ৱেব ছিৰিজৰ ৰূপত প্ৰকাশ পাব নে এখন চলচিত্ৰ হ'ব সেয়া এতিয়াও স্পষ্ট নহয় ৷

লগতে পঢ়ক: কিয় দৰ্শকৰ মাজত বিফল হ’ল Singh is King?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.