ETV Bharat / sitara

গ্ৰেপ্তাৰ হ’ব নেকি অভিনেত্ৰী শিল্পা চেট্টী ?

author img

By

Published : Aug 9, 2021, 7:55 PM IST

SHILPA SHETTY AND HER MOTHER BOOKED FOR FRAUD IN LUCKNOW
গ্ৰেপ্তাৰ হ’ব নেকি অভিনেত্ৰী শিল্পা চেট্টী ?

এইবাৰ আইনৰ কোপদৃষ্টি পৰিছে অভিনেত্ৰী শিল্পা চেট্টীৰ ওপৰত ৷ লক্ষ্ণৌত ৰুজু হৈছে শিল্পা আৰু তেওঁৰ মাতৃৰ বিৰুদ্ধে গোচৰ ৷ ইতিমধ্যেই মুম্বাইলৈ ৰাওনা হৈছে লক্ষ্ণৌ আৰক্ষীৰ দল ৷

চিটাৰা ডেস্ক, 9 আগষ্ট : নীলা ছবি (Porn Film) নিৰ্মাণৰ বাবে কাৰাবাস খাটিছে স্বামীয়ে ৷ ইয়াৰ মাজতে আকৌ এইবাৰ আইনৰ কোপদৃষ্টি পৰিল অভিনেত্ৰী শিল্পা চেট্টীৰ ওপৰত ৷ অভিনেত্ৰীগৰাকী আৰু তেওঁৰ মাতৃৰ বিৰুদ্ধে উত্থাপন হ’ল প্ৰতাৰণাৰ অভিযোগ ৷ তেওঁলোকৰ বিৰুদ্ধে উত্তৰ প্ৰদেশত ৰুজু হৈছে গোচৰ ৷ অতিশীঘ্ৰে উত্তৰ প্ৰদেশ আৰক্ষীয়ে শিল্পা আৰু তেওঁৰ মাতৃ সুন্দনাক কৰিব পাৰে জেৰা ৷

লক্ষ্ণৌৰ হজৰতগঞ্জ আৰু বিভূতি খণ্ড আৰক্ষী চকীত শিল্পা আৰু তেওঁৰ মাতৃৰ বিৰুদ্ধ ৰুজু হৈছে গোচৰ ৷ এটা ৱেলনেছ চেন্টাৰৰ নামত প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে অভিনেত্ৰী গৰাকীৰ বিৰুদ্ধে ৷ আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, শিল্পাই আই অ’ চি ৱেলনেছ চেন্টাৰ নামেৰে এক ফিটনেচ চেইন চলায় ৷ এই সংস্থাৰ অধ্যক্ষ শিল্পা নিজেই আৰু সংস্থাটোৰ ডিৰেক্টৰ শিল্পাৰ মাতৃ সুন্দনা ৷

এই ৱেলনেছ চেন্টাৰটো খুলি দিয়াৰ নামত দুজনকৈ লোকৰ পৰা কেইবাকোটি টকা লৈছিল অভিনেত্ৰী গৰাকীয়ে ৷ কিন্তু ধন লৈয়ো কোনো ৱেলনেছ চেন্টাৰ খোলা নাই বুলি অভিযোগ উত্থাপন হৈছে ৷

এই প্ৰতাৰণাৰ অভিযোগ উত্থাপন কৰি শিল্পা আৰু তেওঁৰ মাতৃৰ বিৰুদ্ধে হৰজতগঞ্জ আৰু বিভূত খণ্ড থানাত এটি গোচৰ ৰুজু কৰিছে লক্ষ্ণৌৰ ওমেক্স হাইটছৰ বাসিন্দা জ্যোৎস্না চৌহানে ৷ এই দুয়োখন থানাৰ পৰা ইতিমধ্যে শিল্পা আৰু তেওঁৰ মাতৃলৈ চমন জাৰি কৰা হৈছে ৷ সোমবাৰে মুম্বাইৰ উদ্দেশ্যে আৰক্ষীৰ এটি দল ৰাওনা হোৱা বুলি জনায় লক্ষ্ণৌৰ আৰক্ষী উপায়ুক্ত (পূৱ) সঞ্জীৱ সুমনে ৷

যিহেতু শিল্পা এগৰাকী তাৰকা আৰু যথেষ্ট প্ৰভাৱশালী গতিকে এই অভিযোগৰ তদন্তৰ ক্ষেত্ৰত লক্ষ্ণৌ আৰক্ষীয়ে যথেষ্ট গুৰুত্ব দিয়া বুলি জনায় আৰক্ষী উপায়ুক্তগৰাকীয়ে ৷ উল্লেখ্য যে, ইতিমধ্যেই প’ৰ্ণ ছবি নিৰ্মাণৰ লগতে ইয়াৰ সৈতে জড়িত একাধিক গোচৰত অভিযুক্ত কাৰাবাস খাটি আছি শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাই ৷ বৰাম্বাৰ আবেদন কৰাৰ পিছতো ন্যায়ালয়ে তেওঁৰ জামিন আবেদন খাৰিজ কৰি আহিছে ৷

এই ঘটনাক লৈ বিব্ৰত হৈ আছে শিল্পা ৷ সামাজিক মাধ্যমতো যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে অভিনেত্ৰীগৰাকী ৷ এইবাৰ আকৌ নিজেও আইনী গোচৰৰ আৱৰ্তত সোমাই পৰিল শিল্পা নিজেও ৷

লগতে পঢ়ক: আদালতত মুখ থেকেচা ৰাজ কুন্দ্ৰা আৰু ৰিয়ান থৰ্পেৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.