ETV Bharat / sitara

আদালতত মুখ থেকেচা ৰাজ কুন্দ্ৰা আৰু ৰিয়ান থৰ্পেৰ

author img

By

Published : Aug 7, 2021, 5:14 PM IST

Porn films case
আদালতত মুখ থেকেচা ৰাজ কুন্দ্ৰা আৰু ৰিয়াম থৰ্পৰ

আদালতত মুখ থেকেচা ৰাজ কুন্দ্ৰা আৰু ৰিয়ান থৰ্পেৰ ৷ কুন্দ্ৰা আৰু থৰ্পেই তেওঁলোকৰ আবেদনত গ্ৰেপ্তাৰৰ সময়ত ফৌজদাৰী প্ৰক্ৰিয়া বিধিৰ ধাৰা ৪১ A ৰ অধীনত জাননী জাৰি কৰাৰ বাধ্যতামূলক ব্যৱস্থা অনুসৰণ কৰা হোৱা নাছিল আৰু সেয়েহে তেওঁলোকক গ্ৰেপ্তাৰ কৰাটো অবৈধ আছিল বুলি দাবী কৰিছিল ।

চিটাৰা ডেস্ক, ৭ আগষ্ট : আদালতত মুখ থেকেচা খালে পৰ্ণ'গ্ৰাফী গোচৰৰ মূল অভিযুক্ত ব্যৱসায়ী তথা শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰা (Raj Kundra) আৰু তেওঁৰ সহযোগী ৰিয়ান থৰ্পে । শনিবাৰে দুয়োগৰাকী অভিযুক্তই দাখিল কৰা আবেদন নাকচ কৰে মুম্বাই উচ্চ ন্যায়ালয়ে । তেওঁলোকৰ বিৰুদ্ধে থকা গোচৰক প্ৰত্যাহ্বান জনাই আবেদন জনাইছিল ৰাজ কুন্দ্ৰা আৰু কুন্দ্ৰাৰ কোম্পানী ভিয়ান ইণ্ডাষ্ট্ৰিজৰ (Viaan Industries) আই টি মুৰব্বী ৰিয়ান থৰ্পেই ।

কিন্তু ন্যায়াধীশ এ এছ গাডকাৰীৰ বিচাৰপীঠে তেওঁলোকৰ আবেদন নাকচ কৰি কয় যে, নিৰ্দিষ্ট আইনৰ জৰিয়তে মেট্ৰ'পলিটান মেজিষ্ট্ৰেটৰ দ্বাৰা তেওঁলোকক জিম্মালৈ প্ৰেৰণ কৰা হৈছে সেয়ে তাত হস্তক্ষেপৰ কোনো প্ৰয়োজন নাই । ইফালে সংশ্লিষ্ট ন্যায়াধীশৰ অনুপস্থিতিৰ বাবে সত্ৰ আদালতত কুন্দ্ৰাৰ আগতীয়া জামিনৰ আবেদনো ঘোষণা কৰা নহ'ল ।

লগতে পঢ়ক : Raj Kundra case: ৰাজৰ সহযোগী সৌৰভ কুশ্বৱাহালৈ চমন জাৰি অপৰাধ শাখাৰ

কুন্দ্ৰা আৰু থৰ্পে তেওঁলোকৰ আবেদনত দাবী কৰিছে যে, তেওঁলোকক গ্ৰেপ্তাৰৰ সময়ত ফৌজদাৰী প্ৰক্ৰিয়া বিধিৰ (CrPC) ধাৰা ৪১ এ-ৰ অধীনত জাননী জাৰি কৰাৰ বাধ্যতামূলক ব্যৱস্থা অনুসৰণ কৰা হোৱা নাছিল আৰু সেয়েহে তেওঁলোকক গ্ৰেপ্তাৰ কৰাটো অবৈধ আছিল ।

তেওঁলোকে উচ্চ ন্যায়ালয়ক তেওঁলোকৰ তাৎক্ষণিক মুক্তিৰ বাবে নিৰ্দেশনা জাৰি কৰিবলৈ আবেদন জনাইছিল । উল্লেখ্য যে কুন্দ্ৰাক ১৯ জুলাইত অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰিছিল আৰু থৰ্পক তাৰ এদিন পিছত গ্ৰেপ্তাৰ কৰা হৈছিল । মুম্বাই আৰক্ষীয়ে পূৰ্বে আদালতক জনোৱা মতে তেওঁলোকে সন্দেহ কৰিছে যে পৰ্ণ'গ্ৰাফীৰ পৰা উপাৰ্জন কৰা ধন অনলাইন বেটিঙৰ বাবে ব্যৱহাৰ কৰিছিল কুন্দ্ৰাই ।

২০২১ চনৰ ফেব্ৰুৱাৰীত অপৰাধ শাখাই অশ্লীল চলচ্চিত্ৰ নিৰ্মাণ আৰু সেইবোৰ এপৰ জৰিয়তে প্ৰকাশ কৰা সন্দৰ্ভত ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিছিল ।

লগতে পঢ়ক :ৰাজ কুন্দ্ৰাৰ লেপটপত ৬৮ টা পৰ্ণ'গ্ৰাফী ভিডিঅ': অভিনেত্ৰী শ্বেৰলিন চোপ্ৰাকো আৰক্ষীৰ চমন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.