ETV Bharat / state

গাহৰি চিণ্ডিকেটত জড়িত আছে নেকি একাংশ পশুপালন বিষয়া

author img

By

Published : Aug 10, 2021, 6:44 PM IST

শিৱসাগৰ জিলাৰ এগৰাকী পশুপালন বিষয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে গাহৰি পালক সন্থাই । গাহৰি পালক সন্থাৰ বহু সদস্যই শিৱসাগৰ নগৰত থকা পশুপালন বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি বিষয়াজন বহিঃ ৰাজ্যৰ গাহৰি চিণ্ডিকেট চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন কৰে ।

Pig feathers
আমগুৰিৰ এক গাহৰি মজুত কেন্দ্ৰক লৈ অসন্তুষ্ট গাহৰি পালক সন্থা

শিৱসাগৰ,১০ আগষ্ট : সম্প্ৰতি চৰম সংকটত পৰিছে ৰাজ্যৰ একাংশ গাহৰি পালক (Pig Feathers) । দুষ্টচক্ৰই ৰাজ্যত চলাই থকা গাহৰি চিণ্ডিকেটৰ ফলত এতিয়া অসমৰ স্থানীয় গাহৰি পালক সকললৈ বৃহৎ প্ৰত্যাহ্বান আহিছে । অভিযোগ অনুসৰি চিণ্ডিকেট চক্ৰক সাৰ-পানী যোগান ধৰিছে একাংশ চৰকাৰী বিষয়াই । যাৰ বাবে প্ৰতিবাদত বহিল শিৱসাগৰ জিলাৰ গাহৰি পালক সন্থা ।

শিৱসাগৰ জিলাৰ এগৰাকী পশুপালন বিষয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে গাহৰি পালক সন্থাই । গাহৰি পালক সন্থাৰ বহু সদস্যই শিৱসাগৰ নগৰত থকা পশুপালন বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি বিষয়াজন বহিঃৰাজ্যৰ গাহৰি চিণ্ডিকেট চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন কৰে । যোৱা ৬ আগষ্ট তাৰিখে পশুপালন বিষয়া গৰাকীয়ে আমগুৰিত স্থাপন কৰা গাহৰি মজুত কেন্দ্ৰক স্বীকৃতি প্ৰদান কৰি পশুপালন বিভাগৰ উৰ্ধতন কৰ্তৃপক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছিল ।

আমগুৰিৰ এক গাহৰি মজুত কেন্দ্ৰক লৈ অসন্তুষ্ট গাহৰি পালক সন্থা

বিষয়াগৰাকীৰ এই কাৰ্যকলৈ অসন্তুষ্ট গাহৰি পালক সন্থা । কিয়নো আমগুৰিত স্থাপন কৰা উক্ত গাহৰি মজুত কেন্দ্ৰত পঞ্জাৱ-হাৰিয়ানাৰ পৰা অনা গাহৰি মজুত ৰাখি উজনি অসমৰ লগতে নগালেণ্ড আৰু অৰুণাচললৈ যোগান ধৰি আহিছে । উক্ত চিণ্ডিকেট চক্ৰই প্ৰতি কিলোগ্ৰামত ১৫০ টকাকৈ গাহৰিৰ পাইকাৰী দৰ প্ৰদান কৰাৰ ফলত স্থানীয় গাহৰি পালকসকল ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে ।

যি সময়ত বহিঃৰাজ্যৰ পৰা অনা গাহৰিৰ পৰিবহণ আৰু মজুতকৰণক লৈ নিষেধাজ্ঞা প্ৰদান কৰি থোৱা আছে তেনে সময়ত পঞ্জাৱ-হাৰিয়ানাৰ গাহৰি শিৱসাগৰলৈকে যোগান ধৰাৰ ক্ষেত্ৰত পশুপালন বিষয়াগৰাকীয়ে চিণ্ডিকেট চক্ৰৰ স্বাৰ্থত কাম কৰাৰ অভিযোগ আনিছে গাহৰি পালক সকলে ।

আনহাতে জিলাখনত আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ চলি থকাৰ সময়তে বিষয়াগৰাকীয়ে সকলো নিয়ম ভংগ কৰি বহিঃৰাজ্যৰ পৰা গাহৰি আমদানি কৰা চিণ্ডিকেট চক্ৰক সহযোগ কৰাৰ অভিযোগ আনিছে প্ৰতিবাদকাৰীসকলে । গাহৰি পালকসকলে পশুপালন বিষয়াগৰাকীক বৰ্খাস্ত কৰাৰো দাবী কৰি শিৱসাগৰ জিলা উপায়ুক্তক এক স্মাৰক পত্ৰ প্ৰদান কৰে ।

লগতে পঢ়ক : নলবাৰীত শ্ৰমিক-কৃষক সংগঠনৰ যৌথ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.