ETV Bharat / state

Eviction Drive at Baghbar : ৰাজ্য চৰকাৰৰ লগতে কংগ্ৰেছকো সমালোচনা শ্বেৰমান আলী আহমেদৰ

author img

By

Published : Dec 26, 2022, 7:57 PM IST

সোমবাৰে বাঘবৰত চলা উচ্ছেদ অভিযানৰ বিৰোধিতা কৰিছে বিধায়ক শ্বেৰমান আলীয়ে ৷ উক্ত ভূমি তদানীন্তন কংগ্ৰেছ চৰকাৰে বড়ো কৃষক সমিতিৰ নামত আৱন্টন দিয়া কাৰ্যকো সমালোচনা কৰে বিধায়কগৰাকীয়ে (MLA Sherman Ali Ahmed)৷ বিধায়কগৰাকীৰ মতে উক্ত মাটিৰ ওপৰত বড়ো কৃষক সমিতিৰ অধিকাৰ নাই আৰু সমিতিখনৰো এতিয়া অস্তিত্ব নাই ৷

MLA Sherman Ali Ahmed
চৰকাৰৰ লগতে কংগ্ৰেছকো সমালোচনা শ্বেৰমান আলী আহমেদৰ

চৰকাৰৰ লগতে কংগ্ৰেছকো সমালোচনা শ্বেৰমান আলী আহমেদৰ

বৰপেটা, 26 ডিচেম্বৰ : সোমবাৰে বৰপেটাৰ বাঘবৰ সত্ৰকনৰাৰ প্ৰায় ৪ শ বিঘা চৰকাৰী ভূমিত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান(Eviction drive at Baghbar) ৷ বৰপেটা জিলা প্ৰশাসনে চলোৱা উক্ত উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদক আৰক্ষীয়ে উচ্ছেদস্থলীৰ পৰা আঁতৰাই লৈ গৈ বৰপেটা সদৰ থানাত আটক ৰাখি থয় (MLA Sherman Ali detained by police)৷

বিধায়কগৰাকীক আটক কৰাৰ পাছতেই একাংশ লোকে বৰপেট সদৰ থানাৰ বাহিৰত বিধায়কগৰাকীক মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ শেহতীয়াভাৱে আৰক্ষীয়ে বিধায়কগৰাকীক সদৰ থানাৰ পৰা যাবলৈ দিয়াৰ পাছতেই বিধায়কগৰাকীয়ে বাঘবৰৰ উচ্ছেদ কাৰ্যৰ বিৰুদ্ধে পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে(Sherman Ali protest against eviction) ৷

সোমবাৰৰ উচ্ছেদ অভিযানৰ সন্দৰ্ভত বিধায়কগৰাকীয়ে কয় যে, 1992 চনত 400 বিঘা চৰকাৰী মাটি বড়ো কৃষক সমিতিক আৱন্টন দিয়া হৈছিল ৷ কিন্তু বড়ো কৃষক সমিতিয়ে সেই মাটি ব্যৱহাৰ নকৰি বাঘৰৰ ভূমিহীন লোকক বিক্ৰী কৰিছিল ৷ নিয়ম অনুসৰি কোনো দল-সংগঠনক মাটি আৱন্টন দিয়াৰ 3 বছৰৰ ভিতৰত ব্যৱহাৰ নকৰিলে অথবা চমজি নল’লে সেই মাটিৰ ওপৰত নিৰ্দিষ্ট সংগঠনটোৰ অধিকাৰ নাথাকে ৷

বিধায়কগৰাকীয়ে বড়ো কৃষক সমাজক অস্তিত্বহীন বুলি অভিহিত কৰি বড়ো কৃষক সমিতিৰ(Bodo Krishak Samiti) নামত ভূমি আৱন্টনৰ বিৰোধিতা কৰে ৷ আনকি সেই সময়ৰ বাঘবৰৰ তদানীন্তন কংগ্ৰেছ বিধায়ক তথা মন্ত্ৰী দিলদাৰ ৰেজ্জাই বাঘবৰৰ খহনীয়াগ্ৰস্ত ভূমিহীন লোকক সংস্থাপনৰ বিপৰীতে বাঘবৰৰ চৰকাৰী ভূমি অস্তিত্বহীন বড়ো কৃষক সমিতিক আৱন্টন দিয়া কাৰ্যৰো সমালোচনা কৰে ৷

উক্ত চৰকাৰী ভূমিত বাঘবৰৰ প্ৰায় 20 হাজাৰ ভূমিহীন পৰিয়ালক সংস্থাপন দিয়াৰ বাবে যোৱা মাৰ্চ মাহত ৰাজ্য চৰকাৰক বিধায়ক শ্বেৰমান আলী আহমেদে অনুৰোধ জনাইছিল বুলি জানিবলৈ দিয়ে ৷ কিন্তু ইয়াৰ বিপৰীতে চৰকাৰে সোমবাৰে চৰকাৰে উক্ত স্থানত উচ্ছেদ চলোৱা কাৰ্যৰ বিৰোধিতা কৰে বিধায়কগৰাকীয়ে ৷

ইপিনে উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে শ্বেৰমান আলী আহমেদৰ আৰক্ষীয়ে আটক কৰাৰ লগতে আৰু উচ্ছেদ কাৰ্যৰ বিৰুদ্ধে কংগ্ৰেছৰ মৌনতাৰ বিপৰীতে AIUDF ৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই মাত মতা কাৰ্যক আদৰণি জনায় শ্বেৰমান আলী আহমেদে ৷ সোমবাৰে বাঘবৰত চলা অভিযানৰ বিৰুদ্ধে কংগ্ৰেছ দলে প্ৰতিবাদ সাব্যস্ত নকৰা কাৰ্যক সমালোচনা কৰে শ্বেৰমান আলী আহমেদে ৷

উল্লেখ্য যে, বাঘবৰৰ সত্ৰকণৰাৰ ১২ নং ছীটত সোমবাৰে বৰপেটা জিলা প্ৰশাসনে উচ্ছেদ চলায় ৷ বাঘবৰৰ বড়ো কৃষক সমিতিক আৱন্টন দিয়া উক্ত ভূমিত চলিছিল বেদখল ৷ বড়ো কৃষক সমিতিৰ নামত থকা ভূমি বেদখলকাৰীৰ কবলত পৰাৰ পাছতে জিলা প্ৰশাসনে উক্ত ভূমি বেদখলমুক্ত কৰাৰ বাবে উচ্ছেদ অভিযান চলায় ৷

লগতে পঢ়ক: Eviction drive in Baghbar: বাঘবৰত উচ্ছেদৰ সময়ত প্ৰতিবাদ কৰি আটক বিধায়ক শ্বেৰমান আলী আহমেদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.