ETV Bharat / state

Minister Ranuj Pegu visit in Barpeta : নৱ গঠিত বজালী জিলাক লৈ অসন্তোষ প্ৰকাশ বৰপেটাবাসীৰ

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 9:36 PM IST

Minister Ranuj Pegu visit in Barpeta
বৰপেটাৰ অংগক্ষতৰ বিৰুদ্ধে বৰপেটাত উমি উমি জ্বলিছে ক্ষোভৰ জুই

ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ বিপৰীত মেৰুত বৰপেটা জিলা বিজেপি ৷ নৱ গঠিত বজালী জিলাক লৈ অসন্তুষ্ট বৰপেটাবাসী ৷ বৰপেটাক খণ্ড-বিখণ্ড কৰাৰ অভিযোগ ৰাইজৰ ৷

বৰপেটাৰ অংগক্ষতৰ বিৰুদ্ধে বৰপেটাত উমি উমি জ্বলিছে ক্ষোভৰ জুই

বৰপেটা, 28 আগষ্ট : শেষতীয়াকৈ ৰাজ্য চৰকাৰে ঘোষণা কৰা বজালী জিলাক লৈ অসন্তুষ্ট বৰপেটাবাসী ৷ সোমবাৰে বৰপেটাত নাগৰিক সভা অনুষ্ঠিত কৰি ৰাজ্য চৰকাৰৰ সিদ্ধান্ত পুনৰ বিবেচনাৰ আহ্বান জনাইছে বৰপেটাৰ দল সংগঠনৰ লগতে নাগৰিক সমাজে ৷ ইফালে ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ বিপৰীত মেৰুত অৱস্থান কৰিছে বৰপেটা জিলা বিজেপি ৷ দেওবাৰে বৰপেটাত জিলা বিজেপিৰ এক সভাত বৰপেটা জিলাক খণ্ড বিখণ্ড কাৰ অভিযোগ উত্থাপন কৰিছে বিজেপি কৰ্মীয়ে ৷ প্ৰতাৰণাৰ বলি হৈছে সত্ৰনগৰী বৰপেটা । খিলঞ্জীয়াৰ অধিকাৰৰ কথা কোৱা চৰকাৰখনৰ হাততে এতিয়া খণ্ড-বিখণ্ডিত হৈ পৰিল বৰপেটা জিলা ।

নৱ গঠিত বজালী জিলাৰ সৈতে সৰভোগ, বৰপেটা ৰোড আৰু হাউলীৰ দৰে এক বৃহৎ খিলঞ্জীয়া অধ্যুষিত অঞ্চল চামিল কৰাক লৈ ক্ষোভৰ জুই জ্বলিছে বৰপেটা জিলাত ৷ বৰপেটা জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত দেওবাৰে বৰপেটাত নাগৰিক সভা অনুষ্ঠিত হোৱাৰ পিচতে সোমবাৰে জিলা ছাত্ৰ সন্থা আৰু নাগৰিক সমাজৰ প্ৰতিনিধি দলে বৰপেটাত মন্ত্ৰী ৰণোজ পেগুক সাক্ষাৎ কৰে ৷ দলটোৱে বৰপেটাবাসীৰ মনত থকা ক্ষোভৰ কথা অৱগত কৰে মন্ত্ৰী গৰাকীক ৷

‘‘জিলাবাসীৰ অসন্তুষ্টিৰ কথা মুখ্যমন্ত্ৰীক অৱগত কৰিম ৷ মই দেখিছো কিছু অসন্তুষ্টি প্ৰকাশ কৰিছে ৰাইজে ৷’’ এই দৰে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে মন্ত্ৰী পেগুৱে ৷ ইপিনে সৰভোগ, হাউলী, বৰপেটা ৰোডক বজালী জিলাত অন্তৰ্ভূক্তিৰ মুকলি বিৰোধিতা সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ ৷ ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে সৰভোগৰ ৰাইজ অসন্তুষ্ট আৰু সৰভোগক বজালীত অন্তৰ্ভূক্তিৰ বিৰুদ্ধে ৰাজপথত নমাৰ হুংকাৰ সৰভোগৰ বিধায়কৰ ৷ একেদৰে বৰপেটাৰ অংগক্ষত কাৰ্যৰ বিৰোধিতা সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ ৷ ৰাইজৰ মতামত অবিহনে বৰপেটা জিলাৰ বহু অঞ্চল বজালীত অন্তৰ্ভূক্তিৰ বিৰোধিতা কৰে বিধায়কগৰাকীয়ে ৷ ভৱানীপুৰ সমষ্টিটো বজালী জিলাৰ পৰিৱৰ্তে বৰপেটা জিলাত অন্তৰ্ভূক্তি কৰিলে আপত্তি নাই বুলি ব্যক্ত কৰে বিধায়ক ফণীধৰ তালুকদাৰে ৷

লগতে পঢ়ক:Beki River Erosion: বলাইপাথাৰত গৰাখহনীয়াৰ এক্সক্লুছিভ দৃশ্য; চকুৰ সন্মুখতে বেকী নৈৰ বুকুত জাহ গ'ল পকী ঘৰ-চাওক ভিডিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.