ETV Bharat / state

Beki River Erosion: বলাইপাথাৰত গৰাখহনীয়াৰ এক্সক্লুছিভ দৃশ্য; চকুৰ সন্মুখতে বেকী নৈৰ বুকুত জাহ গ'ল পকী ঘৰ-চাওক ভিডিঅ’

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 3:42 PM IST

Updated : Aug 27, 2023, 4:46 PM IST

Beki River Erosion
বলাইপাথাৰত গৰাখহনীয়াৰ এক্সক্লুছিব দৃশ্য

কলগাছিয়াৰ বলাইপাথাৰ গাঁৱত বেকী নৈৰ গৰাখহনীয়াৰ এক্সক্লুছিভ দৃশ্য । চকুৰ সন্মুখতে বেকী নৈৰ বুকুত জাহ গ'ল পকী ঘৰ । কুম্ভকৰ্ণ নিদ্ৰাত জনপ্ৰতিনিধি তথা বৰপেটা জিলা প্ৰশাসন । নিজৰ সপোনৰ একমাত্ৰ ঘৰটো চকু পচাৰতে নৈত জাহ যোৱাত কান্দোনত ভাঙি পৰিছে ভুক্তভোগী পৰিয়ালৰ লোক ।

চকুৰ সন্মুখতে বেকী নৈৰ বুকুত জাহ গ'ল পকী ঘৰ

জনিয়া, ২৭ আগষ্ট: বেকী নৈৰ গৰাখহনীয়াৰ কৱলত পৰি নিচিহ্ন হোৱাৰ পথত কলগাছিয়াৰ বলাইপাথাৰ গাঁও । মুহূৰ্তৰ ভিতৰত ছুৰমান আলীৰ মাটি ভেঁটি জাহ গ’ল বেকী নৈৰ বুকুত । কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বলাইপাথাৰ গাঁৱৰ ভয়ংকৰ দৃশ্য এয়া । বিগত দুইমাহ ধৰি বলাইপাথাৰ গাঁৱত এইদৰেই অব্যাহত আছে বেকী নদীৰ ভয়ংকৰ গৰাখহনীয়া । খহনীয়াত প্ৰায় ৫০ টাৰো অধিক পৰিয়ালৰ ঘৰ-ভেটি উছন হোৱাত কোনোবাই ৰাস্তাৰ দাঁতিত আশ্ৰয় লৈছে, আন কোনোবাই বেলেগৰ ঘৰত আশ্ৰয় ল’ব লগা হৈছে ।

আনহাতে গাঁওখনৰ ছুৰমান আলীৰ পকী ঘৰটো এইদৰে চকুৰ সন্মুখতে নৈৰ বুকুত জাহ যোৱাৰ লগতে আন কেইবাটাও পৰিয়াললৈ ভাবুকিৰ সৃষ্টি হোৱাত আতংকিত হৈ পৰিছে বলাইপাথাৰ গাঁৱৰ নৈ পৰীয়া ৰাইজ । ইফালে খহনীয়াগ্ৰস্ত লোকৰ মাজত বিশুদ্ধ খোৱাপানী, শৌচাগাৰ আদিৰ সংকটে দেখা দিছে ৷ এই খহনীয়াত জাহ গ’ল প্ৰায় ৫০ টাকৈ পৰিয়ালৰ ভেটি মাটি। ইফালে খহনীয়াগ্ৰস্ত লোকৰ খবৰ ল’বলৈ আহৰি পোৱা নাই কোনো এজন জনপ্ৰতিনিধি তথা প্ৰশাসনে ।

Beki River Erosion
চকুৰ সন্মুখতে বেকী নৈৰ বুকুত জাহ গ'ল পকী ঘৰ

স্মৰ্তব্য যে অঞ্চলটোৰ বহু পৰিয়ালৰ মাটি-ভেঁটি খহনীয়াত নদীৰ বুকুত জাহ যোৱাৰ বাবে এতিয়া নিৰাপদ স্থানলৈ যাত্ৰা কৰিছে ভুক্তভোগী পৰিয়ালে । চকুৰ সন্মুখতে বেকী নদীয়ে নিজৰ ঘৰ দুৱাৰ ভাঙি নিয়াত এইদৰে কান্দোনত ভাঙি পৰিছে ভুক্তভোগী পৰিয়ালসমূহ । কিন্তু কুম্ভকৰ্ণ নিদ্ৰাত আছে জনিয়াৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলাম, বৰপেটাৰ সাংসদ আব্দুল খালেক আৰু বৰপেটা জিলা প্ৰশাসন । শীঘ্ৰে খহনীয়া প্ৰতিৰোধ কৰাৰ লগতে ক্ষতিগ্ৰস্ত লোকক ক্ষতিপূৰণ দিয়াৰ লগতে পুনৰ সংস্থাপনৰ দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক: Brahmaputra river erosion:তিনিচুকীয়া জিলাৰ ছৈখোৱাত ভয়াৱহ ৰূপত অব্যাহত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া

Last Updated :Aug 27, 2023, 4:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.