ETV Bharat / state

Brahmaputra river erosion:তিনিচুকীয়া জিলাৰ ছৈখোৱাত ভয়াৱহ ৰূপত অব্যাহত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া

author img

By

Published : Aug 21, 2023, 9:01 PM IST

তিনিচুকীয়া জিলাৰ ছৈখোৱাত ভয়াবহ ৰূপত অব্যাহত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া ৷ অথলে গ’ল চৰকাৰৰ দিবাং নদীৰ সুঁতি সলনিৰ ১৩ কোটি ৫০ লাখ টকাৰ আঁচনি ৷ জিলা আয়ুক্তৰ পৰিদৰ্শনৰ পাছত যুদ্ধংদেহী গতিৰে খহনীয়া প্ৰতিৰোধৰ কাম চলাইছে জলসম্পদ বিভাগে ৷

Brahmaputra river erosion continues alarmingly in Saikhowa
অব্যাহত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া

অব্যাহত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া

তিনিচুকীয়া, ২১ আগষ্ট : অব্যাহত আছে তিনিচুকীয়া জিলাৰ ছৈখোৱাত ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়া । চপৰাচপৰে মহাবাহু ব্ৰহ্মপুত্ৰত জাহ গৈছে পশ্চিম ছৈখোৱাৰ কেনপাছকে ধৰি নাওকাটা ফেলাই ইত্যাদি অঞ্চলৰ বিস্তৃত ভূমি । বিগত তিনি দিনত নাওকাটা অঞ্চলত সৃষ্টি হোৱা প্ৰৱল গৰাখহনীয়াৰ ফলত এক বৃহৎ এলেকা মহাবাহুত জাহ যোৱাত নৈ খনে এতিয়া বৃহত্তৰ এলেকাটোৰ সুৰক্ষা বান্ধৰ পৰা প্ৰায় ১০/১৫ মিটাৰমানহে আঁতৰেৰে ব’বলৈ ধৰাত এতিয়া আতংকিত হৈ পৰা পৰিলক্ষিত হৈছে স্থানীয় ৰাইজ ।

তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পালে উক্ত খহনীয়াৰ স্থান পৰিদৰ্শন কৰি তাৎক্ষণিকভাৱে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ জল সম্পদ বিভাগলৈ নিৰ্দেশ দিয়ে ৷ ইয়াৰ পাচতে যুদ্ধংদেহী গতিৰে জলসম্পদ বিভাগে চলাইছে খহনীয়া প্ৰতিৰোধৰ কাম ৷ উল্লেখ্য যে, বিগত ১৯৯৮ চনত হোৱা প্ৰলয়ংকাৰী বানত ছৈখোৱাৰ অনন্ত নলাই দি প্ৰৱেশ কৰা মহাবাহু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে পলকতে বুৰাই পেলাইছিল বৃহত্তৰ ছৈখোৱা অঞ্চলৰ প্ৰায় ৫০ খনতকৈও অধিক গাঁও আৰু উক্ত বানতে ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে ছৈখোৱা অঞ্চলৰ হাতীঘূলী, গৰৈমাৰী, বগীবিল ইত্যাদিকে ধৰি প্ৰায় ২০ খনতকৈও অধিক গাঁও । বহুলোকে নিজৰ মাটি ভেটি হেৰুৱাই গৃহহীনো হ’বলগীয়া হ’ল ।

বিগত ১৯৯৮ চনতে আৰম্ভ হোৱা সেই বান গৰাখহনীয়া ধৰা আজিও অব্যাহত আছে ছৈখোৱাত । প্ৰতি বছৰে বাৰিষাত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই তাণ্ডৱ সৃষ্টি কৰি আহিছে এই ছৈখোৱাৰ হাতীঘূলী, নাওকাটা, ফেলাই ইত্যাদি ইত্যাদি অঞ্চলত । উল্লেখ্য যে, ছৈখোৱাৰ হাতীঘূলী অঞ্চলত বছৰ বছৰ ধৰি হৈ থকা মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়াই প্ৰায় অৰ্ধশতাধিক গাঁৱলৈ তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে ৷ অঞ্চলটোৰ "কেন’পাচ"ৰ প্ৰায় এক কিলোমিটাৰ নামনিৰ নাওকাটাত হোৱা গৰাখহনীয়াত ইতিমধ্যে এক বৃস্তিত ভূমি নৈৰ বুকুত জাহ গৈছে ৷ এই ঘটনাৰ পাচতেই খৰালিত শুই-বহি থকা আৰু বাৰিষাত কাম আৰম্ভ কৰা ৰাজ্যৰ জলসম্পদ বিভাগে কালিৰে জিলা উপায়ুক্তৰ নিৰ্দেশত উক্ত গৰাখহনীয়া হৈ থকা স্থানত দিনে নিশাই একাকাৰ কৰি বালি ভৰ্তি জিঅ’ বেগ দি খহনীয়া ৰোধৰ ব্যৱস্থা কৰিছে যদিও জলসম্পদ বিভাগৰ এই প্ৰচেষ্টা কিমান দূৰ সফল হ’ব ইয়াক লৈ সন্দেহৰ সৃষ্টি হৈছে ৰাইজৰ মাজত ।

সম্প্ৰতি নৈখন জলসম্পদ বিভাগৰ মথাঁউৰিৰ মাত্ৰ ১০/১৫ মিটাৰ আঁতৰেদি বৈ আছে আৰু এই গতিত গৰা খহাবলৈ হ’লে খুব কম দিনৰ ভিতৰতে মথাঁউৰিটো খহাই নিয়াৰ পূৰ্ণ সম্ভাৱনাই দেখা দিয়াত কাষৰীয়া গাঁওসমূহত আতংকই বিৰাজ কৰিছে । উল্লেখ্য যে, মহাবাহু ব্ৰহ্মপুত্ৰৰ লগ লাগি ছৈখোৱাত প্ৰৱল গৰাখহনীয়াৰ সৃষ্টি কৰা দিবাং নদীয়ে নতুকৈ লোৱা সুঁতিটো বন্ধ কৰি পুৰণি সুঁতিৰে পানী বোৱাই নিয়াৰ বাবে জলসম্পদ বিভাগে চলিতে বৰ্ষতে ১৩ কোটি ৫০ লাখ টকাৰ পুঁজিৰে কাম কৰিছিল । উক্ত আঁচনি অনুসৰি বাঁহবাৰী অঞ্চলত এটা নলা খান্দি দিবাঙৰ পানী বোৱাই নিয়াৰ কথা আছিল যদিও সেই স্থান যথেষ্ট ওখ হোৱাৰ বাবে সেই নলাৰে কিঞ্চিতমানো পানী বোৱা দেখা নোযোৱাৰ পৰিৱৰ্তে পুৰণি সুতিৰে প্ৰায় ১০% পানী বৈ বাকী ৯০% ব্ৰহ্মপুত্ৰৰ মাজেৰে ছৈখোৱাৰ দিশে গতি লোৱাত এতিয়া প্ৰৱল গৰাখহনীয়া অব্যাহত আছে বৃহত্তৰ অঞ্চলটোত ।

এক কথাত কবলৈ গ’লে, প্ৰহসনত পৰিণত হল দিবাং নদীৰ সুঁতি সলনিৰ ১৩ কোটি ৫০ লাখ টকাৰ আঁচনি । স্থানীয় ৰাইজৰ অভিযোগ লোকচক্ষুৰ পৰা আঁতৰত নদীৰ মাজত কৰা দিবাং নদীৰ সুঁতি সলনিৰ কামত ব্যাপত অনিয়ম সংঘটিত হৈছিল । দিবাং নদীৰ সুঁতি সলনিৰ নামত বিভাগীয় মন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিষয়া অভিযন্ত্ৰা আৰু ঠিকাদাৰে চৰকাৰী ধন লুট কৰি খোৱাৰ এক অভিসন্ধিৰ বাহিৰে অন্য একো নাছিল বুলি অভিযোগ তুলি অতি শীঘ্ৰেই দিবাং নদীৰ সুঁতি সলনিৰ ১৩ কোটি ৫০ লাখ টকাৰ তদন্ত হ’ব লাগে বুলি চৰকাৰক দাবী জনাইছে ৰাইজে । বিষয়টোৰ সন্দৰ্ভত স্থানীয় সংগঠনৰ নেতাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । লগতে ১৯৯৮ চনৰ পৰা ছৈখোৱাত ব্ৰহ্মপুত্ৰ ব’ৰ্ড আৰু জলসম্পদ বিভাগে বান গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ব্যয় কৰা প্ৰতিখন আঁচনিৰে তদন্তৰ দাবী জনাইছে ।

আনহাতে ১৯৯৮ চনৰ পৰাই খহনীয়া আৰম্ভ হোৱা ছৈখোৱাৰ এই বান গৰাখহনীয়া ৰোধৰ বাবে শাসনত বহা প্ৰতিখন চৰকাৰেই কোটি কোটি টকা খৰচ কৰিলে যদিও এইক্ষেত্ৰত কোনো এখন চৰকাৰেই বিশেষ সফল হোৱা পৰিলক্ষিত নহ’ল । ছৈখোৱাৰ এই গৰাখহনীয়া সমস্যাৰ বিজ্ঞান সন্মতভাৱে স্থায়ী সমাধানৰ বাবে বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে স্থানীয় ৰাইজৰ লগতে দল সংগঠনে ।

লগতে পঢ়ক : Beki River Erosion: বেকী নৈৰ বুকুত জাহ গ’ল অৰ্ধশতাধিক পৰিয়ালৰ মাটি ভেঁটি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.