ETV Bharat / state

চৰকাৰী মাটি দখল কৰি চৰকাৰকে হত্যা কৰাসকলৰ ৰেহাই নিদিয়াৰ পণ ৰণজিৎ দাসৰ

author img

By

Published : Aug 29, 2022, 8:39 PM IST

Minister Ranjeet Kumar Dass
চৰকাৰী মাটি দখল কৰি চৰকাৰকে হত্যা কৰাসকলৰ ৰেহাই নিদিয়াৰ পণ

চৰকাৰী মাটি দখল কৰি চৰকাৰকে হত্যা কৰিব বিচৰাসকলক ৰেহাই দিয়া নহ’ব ৷ জেহাদীৰ বিৰুদ্ধে এই মন্তব্য ৰণজিৎ কুমাৰ দাসে(Minister Ranjeet Kumar Dass) ৷ বৰপেটা লোকসভা সমষ্টি ভিত্তিত অনুষ্ঠিত 'লোকসভা প্ৰৱাস যোজনা'ৰ সভাত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে ৷ উক্ত সভাত উপস্থিত থাকে কেন্দ্ৰীয় আইন মন্ত্ৰ্ৰী কিৰেণ ৰিজিজু ৷

বৰপেটা, ২৯ আগষ্ট: ২০২৪ৰ লোকসভা নিৰ্বাচনক(2024 Lok Sabha election) লৈ ব্যাপক তৎপৰতা আৰম্ভ কৰিছে বিজেপিয়ে ৷ বিশেষকৈ দেশৰ যিসমূহ সমষ্টি বিৰোধীৰ দখলত আছে সেই লোকসভা সমষ্টিসমূহ বিজেপিৰ দখললৈ অনাৰ বাবে এতিয়াৰ পৰাই যুদ্ধংদেহী তৎপৰতাৰে আৰম্ভ কৰিছে সাংগঠনিক তৎপৰতা ৷ বিজেপিৰ উক্ত সাংগঠনিক তৎপৰতাৰ অংশ হিচাবে সোমবাৰে বৰপেটা লোকসভা সমষ্টি ভিত্তিত 'লোকসভা প্ৰৱাস যোজনা'ৰ সভা অনুষ্ঠিত হয় (Lok Sabha Pravas Yojna in Barpeta) ৷

বৰপেটাৰ তৰুণৰাম ফুকন প্ৰেক্ষাগৃহত(Tarun Ram Phukan Hall Barpeta ) অনুস্থিত সভাত কেন্দ্ৰীয় আইনমন্ত্ৰী কিৰেণ ৰিজিজু, ৰাজ্যৰ আইনমন্ত্ৰী ৰণজিৎ কুমাৰ দাস, সাংসদ ভুৱনেশ্বৰ কলিতাৰ লগতে বিজেপিৰ জিলা সমিতিৰ পৰা মণ্ডল আৰু মৰ্চা সমিতিৰ বিজেপি কাৰ্যকৰ্তাসকলে অংশগ্ৰহন কৰি বৰপেটা লোকসভা আসনখন 2024ত নিজৰ দখললৈ নিয়াৰ ৰণকৌশল ৰচনা কৰে ৷

চৰকাৰী মাটি দখল কৰি চৰকাৰকে হত্যা কৰাসকলৰ ৰেহাই নিদিয়াৰ পণ

সভাত অংশ লৈ কেন্দ্ৰীয় আইনমন্ত্ৰী কিৰেণ ৰিজিজুৱে বৰপেটা লোকসভা সমষ্টিটো নিজৰ দখললৈ আনিবই লাগিব বুলি দাবী কৰে (Kiren Rijiju in Barpeta)৷ সমষ্টিতো নিজৰ দখললৈ নাহিলে ৰাইজে তাৰ লাভ নাপাব বুলিও উল্লেখ কৰে ৷ বিজেপি টেম্প'ৰেৰী পাৰ্টি নহয় বুলি অভিহিত কৰি বিজেপিক কেডাৰ বেছড দল বুলিও দাবী কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ নৰেন্দ্ৰ মোডীক বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় নেতা বুলি অভিহিত কৰি উত্তৰ-পূবৰ বিকাশৰ বাবে সকলোৱে মিলি বিজেপিক জিকাব লাগিব বুলিও উল্লেখ কৰে ৷

উত্তৰ-পূবৰ সকলো লোকসভা আসন নিজৰ দখললৈ নিয়াৰ বাবে পৃথকে পৃথকে ৰণকৌশল লোৱা হ’ব যদিও কেনেধৰণৰ কৌশল গ্ৰহণ কৰিব এই সম্পৰ্কে বিশদভাৱে ক’বলৈ অস্বীকাৰ কৰে ৷ ইপিনে প্ৰধানমন্ত্ৰীৰ নিৰ্দেশনা আৰু গৃহমন্ত্ৰীৰ তৎপৰতাত সমগ্ৰ উত্তৰ-পূৱ একত্ৰিত হৈ কাম কৰি আছে বুলি মন্তব্য কৰি কিৰেণ ৰিজিজুৱে কয় যে, পূৰ্বতে উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ নিজৰ মাজতে কাজিয়া চলি আছিল ৷ কিন্তু এতিয়া সেই পৰিৱেশ নাই ৷ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে(Union law minister Kiren Rijiju) অৱশ্যে জেহাদী কাৰ্যকলাপ সম্পৰ্কে কোনো কথা উল্লেখ নকৰিলে ৷

উক্ত লোকসভা প্ৰৱাস যোজনাৰ সভাত অংশলৈ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বৰপেটা, কলিয়াবৰ আৰু নগাঁও সমষ্টি কেইটা নিজৰ দখললৈ নিয়াৰ বাবে ৰণকৌশল ৰচনাৰ কথা প্ৰকাশ কৰে ৷ আনকি বৰপেটা সমষ্টিটো বিজেপিৰ দখললৈ যাব বুলিও আশাবাদী ৰণজিৎ কুমাৰ দাস ৷

ইপিনে ৰাজ্যত চলি থকা জেহাদী কাৰ্যকলাপ সম্পৰ্কেও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ বিশেষকৈ সোমবাৰে হাউলীত জেহাদীৰ ঘাটি হিচাবে পৰিচিত এখন মাদ্ৰাছা উচ্ছেদ কৰা সম্পৰ্কে মন্তব্য কৰি চৰকাৰী মাটি দখল কৰি চৰকাৰকে হত্যা কৰিব বিচৰাসকলক ৰেহাই দিয়া নহ’ব বুলি মন্তব্য কৰে ৰণজিৎ কুমাৰ দাসে (Madrasa eviction in Barpeta)৷

লগতে পঢ়ক: জেহাদী কাৰ্যকলাপৰ সৈতে জড়িত মাদ্ৰাছাত চলিল বৰপেটা জিলা প্ৰশাসনৰ বুলডোজাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.