ETV Bharat / state

বৰপেটাৰোডত পঞ্চম শ্ৰেণীৰ ছাত্ৰৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Nov 11, 2021, 6:33 PM IST

বাক্সাৰ শিমলাগুৰীত ৰহস্যজনকভাৱে এগৰাকী ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হৈছে । পুখুৰীৰ পৰা উদ্ধাৰ কৰা হৈছে ছাত্ৰজনৰ মৃতদেহ । দুগৰাকী লোকৰ বিৰুদ্ধে ছাত্ৰজনক হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ ।

Barpetaroad
বৰপেটাৰোডত পঞ্চম শ্ৰেণীৰ ছাত্ৰৰ মৃতদেহ উদ্ধাৰ

বৰপেটাৰোড,১১ নৱেম্বৰ : বাক্সাৰ শিমলাগুৰীৰ জাখলিবিলত বৃহস্পতিবাৰে এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয় ৷ এটা পুখুৰীত উদ্ধাৰ পঞ্চম শ্ৰেণীৰ এগৰাকী ছাত্ৰৰ মৃতদেহ । ৰাইজৰ সন্দেহ কোনো লোকে হত্যা কৰি পুখুৰীত পেলাই থৈ গৈছে ছাত্ৰজনৰ মৃতদেহ । ছাত্ৰ গৰাকীৰ নাম মফিজুল হক বুলি জানিব পৰা গৈছে ৷

মফিজুল হক বৰপেটাৰোডৰ আদৰ্শ জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীত অধ্যয়নৰত আছিল । বুধবাৰ সন্ধিয়াৰ পৰা নিখোজ হৈ আছিল মফিজুল হক । কিন্তু বৃহস্পতিবাৰে জাখলিবিল গাঁৱৰ এটি পুখুৰীত মফিজুল হকৰ মৃতদেহ প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে ৷

বৰপেটাৰোডত পঞ্চম শ্ৰেণীৰ ছাত্ৰৰ মৃতদেহ উদ্ধাৰ

শিমলাগুৰী আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মফিজুল হকৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ স্থানীয় ৰাইজ আৰু পৰিয়াল লোকৰ অভিযোগ, জাখলিবিল গাঁৱৰে ছফিকুল ইছলাম আৰু ৰফিকুল ইছলাম নামৰ দুই ভাতৃয়ে এই হত্যাকাণ্ড সংঘটিত কৰিছে ৷ ইতিমধ্যে শিমলাগুৰী আৰক্ষীয়ে দুয়োকে আটক কৰি এই হত্যাকাণ্ডৰ তদন্ত অব্যাহত ৰাখিছে ৷ সম্প্ৰতি এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ।

লগতে পঢ়ক :শিৱসাগৰ কলেজৰ হীৰক জয়ন্তীত উপস্থিত মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.