শিৱসাগৰ কলেজৰ হীৰক জয়ন্তীত উপস্থিত মুখ্যমন্ত্ৰী

By

Published : Nov 11, 2021, 2:23 PM IST

thumbnail

শিৱসাগৰ কলেজৰ হীৰক জয়ন্তী উপলক্ষে শনিবাৰে মহাবিদ্যালয়খনত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰীগৰাকীক নিচেই কাষতে পাই উৎফুল্লিত হৈ পৰিল শিৱসাগৰ কলেজৰ শিক্ষাৰ্থীসকল ৷ উল্লেখ্য যে, ১৯৪৭ চনত প্ৰতিষ্ঠা কৰা হৈছিল শিৱসাগৰ কলেজৰ । পদ্মধৰ চলিহাৰ নেতৃত্বত শিৱসাগৰ নগৰত প্ৰতিষ্ঠা লাভ কৰা উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানখনে চলিত মাহৰ ২ নৱেম্বৰত সম্পূৰ্ণ কৰে গৌৰৱোজ্বল ৭৫ টা বছৰ । সেই উপলক্ষে বছৰযোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে হীৰক জয়ন্তী মহোৎসৱ ৷ বিশেষ কাৰণবশতঃ পূৰ্বৰ ২ নৱেম্বৰৰ পৰিৱৰ্তে এই হীৰক জয়ন্তী উদযাপন কৰা হয় শনিবাৰে ৷ মহাবিদ্যালয়খনৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে মহাবিদ্যালয় চৌহদত উত্তোলন কৰা হয় ৭৫ খন পতাকা । মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষকবৃন্দ, কৰ্মৰত শিক্ষকসকল, ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰে পৰিপূৰ্ণ হৈ পৰিছে শিৱসাগৰ কলেজৰ চৌহদত ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.