ETV Bharat / state

2024ত বিজেপিক বিদায় দিব লাগিব : হেমেন দাস

author img

By

Published : Sep 11, 2022, 10:51 PM IST

2024ৰ নিৰ্বাচন আৰু বিৰোধী ঐক্যক লৈ CPIM ৰ ব্যাপক তৎপৰতা ৷ হেমেন দাসৰ মন্তব্য, ‘‘2024ত বিজেপিক বিদায় দিব লাগিব’’ ৷ কেজৰিৱালক হনুমান ভক্ত বুলি অভিহিত হেমেন দাসৰ ৷ আপ, তৃণমূল অসমত ফেক্টৰ নহয় বুলিও ক’লে বৰ্ষীয়ান ৰাজনীতিকগৰাকীয়ে (Left leader Hemen Das)৷

2024ত বিজেপিক বিদায় দিব লাগিব: CPI(M) নেতা হেমেন দাস
2024ত বিজেপিক বিদায় দিব লাগিব: CPI(M) নেতা হেমেন দাস

বৰপেটা, ১১ ছেপ্টেম্বৰ: ‘‘2024ত বিজেপিক বিদায় দিব লাগিব’’ ৷ এই মন্তব্য CPIMৰ বৰ্ষীয়ান নেতা হেমেন দাসৰ (Left leader Hemen Das)৷ CPIM ৰ নেতা উদ্ধৱ বৰ্মনৰ লগতে বিধায়ক মনোৰঞ্জন তালুকদাৰৰো এটাই লক্ষ্য ৷ 2024ৰ নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰা ৷

বিজেপিক ৰোধৰ বাবে বিজেপিবিৰোধী শক্তিক একত্ৰিত কৰা সম্পৰ্কত দেওবাৰে বৰপেটাত হেমেন দাস, উদ্ধৱ বৰ্মন, মনোৰঞ্জন তালুকদাৰে কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য ৷ বৰপেটাৰ মন্দিয়াত দলটোৰ গণ অভিৱৰ্তনত অংশ লৈ হেমেন দাসে দাবী জনায় যে, CPM, CPIM য়েই ল’ব লাগিব বিৰোধীক ঐক্যৱদ্ধ কৰাৰ নেতৃত্ব ৷ 2024ৰ নিৰ্বাচনক(2014 Lok Sabha election) লৈ ইতিমধ্যে CPIM এ বিৰোধী ঐক্যৰ বাবে কাম কৰি আছে ৷

2024ত বিজেপিক বিদায় দিব লাগিব: CPI(M) নেতা হেমেন দাস

অৱশ্যে AIUDFৰ বদৰুদ্দিন আজমল আৰু আছাদুদ্দিন ওৱেছিৰ নাম উল্লেখ নকৰাকৈয়ে বিজেপিক সহায় কৰি থকা দুই মুছলমান নেতা বুলি কটাক্ষ কৰি অসমত AIUDF ক বাদ দি বিৰোধীক ঐক্যৰ বাবে কথা বতৰা চলাই থকা বুলি মন্তব্য কৰে হেমেন দাসে ৷ ইপিনে মমতা বেনাৰ্জী খাৱৈত পৰা বুলি অভিহিত কৰি বংগতো তৃণমূলৰ শক্তি হ্ৰাস পোৱা বুলি উল্লেখ কৰে হেমেন দাসে ৷

এইক্ষেত্ৰত অসমত তৃণমূলক শক্তিহীন বুলি উল্লেখ কৰে হেমেন দাসে ৷ ইপিনে আম আদমি পাৰ্টিৰ সম্পৰ্কত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৰাজ্যৰ সবাতোকৈ বৰ্ষীয়ান ৰাজনৈতিক নেতা হেমেন দাসে ৷ অৰবিন্দ কেজৰিৱালক হনুমানভক্ত বুলি অভিহিত কৰে বৰ্ষীয়ান নেতাগৰাকীয়ে ৷ আনকি হনুমানৰ বুকু ফালি দিলে ৰামক দেখাৰ দৰে কেজৰিৱালৰ বুকু ফালি দিলে আন কোনোবাহে ওলাই পৰিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় (Hemen Das on Arvind Kejriwal)৷

ইপিনে ৰাজ্যত বিৰোধী ঐক্যৰ বাবে চেষ্টা অব্যাহত ৰখা CPIMৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ(MLA Manoranjan Talukdar) দাবী, ‘‘বিৰোধী ঐক্যৰ বাবে বামপন্থী দল, কংগ্ৰেছ, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে নেতৃত্ব ল’ব লাগিব’’৷ অৱশ্যে সৰ্বভাৰতীয় পৰ্যায়তো আপৰ কামকাজ সন্দেহজনক বুলি মন্তব্য কৰে বিধায়ক মনোৰঞ্জন তালুকদাৰে ৷ তেও আনকি কৃষক আন্দোলন আৰু ছাহিনবাগৰ আন্দোলনকাৰীৰ ওচৰলৈ কেজৰিৱালে এদিনো নগ'ল বুলি সমালোচনা কৰে ৷

2024ৰ লোকসভা নিৰ্বাচনক লৈ বাওঁ শিৱিৰ, কংগ্ৰেছ বা আন দলসমূহে বিৰোধীক ঐক্যৱদ্ধ কৰাৰ বাবে যি উদ্যোগেই নলওক কিয় বিৰোধী ৰাজনৈতিক দলসমূৰ মাজত থকা পৰস্পৰ বিৰোধী স্থিতিয়ে 2024 ত বিজেপিক ৰোধ কৰাৰ ক্ষেত্ৰত কিমানদূৰ সফল হয় সেয়া এতিয়াও স্পষ্ট নহয় বুলি মন্তব্য কৰে মনোৰঞ্জন তালুকদাৰে ৷

লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ ত্যাগ কৰাৰ কাৰণ ক'লে মন্ত্রী পীযুষ হাজৰিকাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.