ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ ত্যাগ কৰাৰ কাৰণ ক'লে মন্ত্রী পীযুষ হাজৰিকাই

author img

By

Published : Sep 11, 2022, 7:10 PM IST

‘‘তৰুণ গগৈৰ ধৃতৰাষ্ট্ৰৰ ভূমিকা আৰু পেৰাছুটেৰে লেণ্ডিং কৰা অপৰিপক্ক গৌৰৱ গগৈৰ কুমন্ত্ৰনাৰ বাবেই হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ পৰা ওলাই আহিল’’ । এঅ মন্তব্য পীযুষ হাজৰিকাৰ ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই(APCC President Bhupen Bora) কৰা দুৰ্নীতিৰ অভিযোগক 'ভূতৰ মুখত ৰাম নাম' আখ্যা দিয়ে মন্ত্ৰী হাজৰিকাই । ভিক্টৰ দাসে দিব পৰা নাই এটাও প্ৰমাণ । দেওবাৰে সংবাদমেল সম্বোধন কৰি এনে বহু মন্তব্য কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই (Minister Pijush Hazarika)৷

Pijush Hazarika criticise Bhupen Bora
হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ ত্যাগ কৰাৰ কাৰণ ক'লে মন্ত্রী পীযুষ হাজৰিকাই

গুৱাহাটী, ১১ ছেপ্তেম্বৰ: ‘‘প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই পদ বিক্ৰী কৰি টকা লোৱাৰ অভিযোগ নতুন নহয় । এই অভিযোগ উত্থাপন কৰি কংগ্ৰেছৰ বহু নেতাই দল ত্যাগ কৰিছে’’ । এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ (Minister Pijush Hazarika)। দেওবাৰে জনতা ভৱনত এখন সংবাদমেল সম্বোধন কৰি মন্ত্ৰী হাজৰিকাই কয় যে, সেইজন ভূপেন বৰাই দুৰ্নীতিৰ কথা কয় । ভূপেন বৰাই দুৰ্নীতিৰ সন্দৰ্ভত কৰা অভিযোগক মন্ত্ৰীগৰাকীয়ে 'ভূতৰ মুখত ৰাম নাম' আখ্যা দিয়ে (Pijush Hazarika criticise Bhupen Bora)।

তেওঁ লগতে কয় যে, ভূপেন বৰাই নিজেই টকা লৈ পদ বিক্ৰী কৰে । ভূপেন বৰাক (APCC President Bhupen Bora) অভিযোগবিহীন হৈ দেখুৱাবৰ বাবে আহ্বান জনায় মন্ত্ৰী পীযুষ হাজৰিকাই । আনহাতে ভিক্টৰ দাসৰ(Victor Das) প্ৰসংগত মন্ত্ৰী হাজৰিকাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, ভিক্টৰ দাসে এটাও প্ৰমাণ দিব পৰা নাই । ভিক্টৰ দাসে নাটক কৰিব পাৰে বুলিও তেওঁ মন্তব্য কৰে । ভিক্টৰ দাসে চলাই থকা কোচিং চেণ্টাৰৰ পৰা কোনোৱে চাকৰি নাপাব বুলিয়েই এই নাটক কৰা বুলি অভিযোগ কৰি তেওঁ কয় যে কোচিং চেণ্টাৰৰ পৰা চাকৰি নাপালে চেণ্টাৰটোৰ শিক্ষাৰ্থীয়ে হুলস্থুল কৰাৰ ভয়তে ভিক্টৰ দাসে এই নাটক ৰচনা কৰিব পাৰে ।

হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ ত্যাগ কৰাৰ কাৰণ ক'লে মন্ত্রী পীযুষ হাজৰিকাই

গোৱালপাৰাৰ এজন ব্যক্তিৰ সৈতে মিলি ভিক্টৰ দাসে কোচিং চেণ্টাৰ চলাই আছে (Victor Das profession) । যদি প্ৰমাণ আছে তেন্তে প্ৰমাণ দিবলৈ ভিক্টৰ দাসক মন্ত্ৰীগৰাকীয়ে আহ্বান জনায় । তেওঁ কয় যে অসম আৰক্ষীত চাকৰি লাভ কৰা ১৫ হাজাৰে বৰ্তমান প্ৰশিক্ষণ লৈ আছে আৰু তেওঁলোকে টকা নিদিয়াকৈ চাকৰি পাইছে । কোনেও টকা দি চাকৰি ল'ব নোৱাৰে সেই কথা খাটাং বুলি তেওঁ কয় ।

এইখন চৰকাৰৰ দিনত কোনেও বক্ৰপথেৰে চাকৰি ল'ব নোৱাৰিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । তেওঁ কয় যে ভিক্টৰ দাসে কাৰো নাম তথা তথ্য দিব পৰা নাই (Allegation of Victor Das)। তেওঁ লগতে কয় যে বিজেপি চৰকাৰে এটকাও খৰছ নকৰাকৈ চাকৰি দিয়াৰ ব্যৱস্থা কৰিছে । কিন্তু কংগ্ৰেছৰ চৰকাৰৰ সময়ত আত্মীয় স্বজনক টকাৰ বিনিময়ত চাকৰি দিছিল আৰু যাৰ বিৰোধিতা কৰাৰ বাবেই হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ লগত বহুবাৰ মনোমালিন্য হৈছিল বুলি তেওঁ সদৰী কৰে (Reason of Himanta Biswa Sarma quit congress)।

কোনোবা দালালে যদি কাৰোবাক প্ৰলোভন দিছে তেন্তে প্ৰমাণ দিলেই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে । মূল্যবৃদ্ধি সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি পীযুষ হাজৰিকাই কয় যে কংগ্ৰেছ চৰকাৰৰ দিনত হোৱা মূল্যবৃদ্ধিৰ কথা প্ৰকাশ কৰিলে কংগ্ৰেছ পলাব (Price hike in congress rule)। কংগ্ৰেছৰ অন্তৰ্কন্দল সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছ শেষ হৈ যাব । তৰুণ গগৈৰ ধৃতৰাষ্ট্ৰৰ ভূমিকা আৰু পেৰাছুটেৰে লেণ্ডিং কৰা অপৰিপক্ক গৌৰৱ গগৈৰ (MP Gaurav Gogoi) কুমন্ত্ৰণাৰ বাবেই হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ পৰা ওলাই অহা বুলি মন্তব্য কৰি তেওঁ কংগ্ৰেছক যদু বংশৰ লগত তুলনা কৰে ।

লগতে পঢ়ক: ভিক্টৰক সাক্ষাৎ কৰাত বাধা: আদালতৰ অনুমতি লৈ সাক্ষাৎ কৰিব ভূপেন বৰাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.