ETV Bharat / state

Demarcation of Bajali district : বজালী জিলাৰ সীমা নিৰ্ধাৰণ সন্দৰ্ভত কেবিনেট উপ-সমিতিৰ সাক্ষ্য গ্ৰহণ

author img

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 10:20 AM IST

Cabinet Sub Committee meetion on BARPETA AND BAJALI DISTRICT BOUNDARY ISSUE in Barpeta
বজালী জিলাৰ সীমা নিৰ্ধাৰণ সন্দৰ্ভত কেবিনেট উপ-সমিতিৰ সাক্ষ্য গ্ৰহণ

বজালী জিলাৰ সীমা নিৰ্ধাৰণক লৈ বৰপেটাত কেবিনেট উপ-সমিতিয়ে সাক্ষ্য গ্ৰহণ কৰে ৷ কেবিনেট উপ সমিতিখনত আছে জয়ন্ত মল্ল বৰুৱা, কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু অতুল বৰা ৷ বৰপেটা সত্ৰকে মুখ্য কৰি জিলাখনৰ বহুসংখ্যক সত্ৰ, সত্ৰ-মহাসভাকে আদি কৰি বৰপেটা জিলাৰ প্ৰায় ডেৰ শতাধিক দল সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে সভাখনত ৷

বজালী জিলাৰ সীমা নিৰ্ধাৰণ সন্দৰ্ভত কেবিনেট উপ-সমিতিৰ সাক্ষ্য গ্ৰহণ

বৰপেটা ১০ নৱেম্বৰ: বৃহস্পতিবাৰে বৰপেটা আৰু বজালীত অনুষ্ঠিত হয় সীমা নিৰ্ধাৰণ সন্দৰ্ভত এক সভাৰ ৷ এই সভাত অংশগ্ৰহণ কৰে নৱগঠিত বজালী জিলাৰ সীমা নিৰ্ধাৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গঠন কৰি দিয়া কেবিনেট উপ-সমিতিখন ৷ কেবিনেট উপ-সমিতিখনত আছে জয়ন্ত মল্ল বৰুৱা, কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু অতুল বৰা ৷

বৃহস্পতিবাৰে বৰপেটা আৰু বজালীত উপস্থিত হৈ উপ-সমিতিখনে বিভিন্ন দল, সংগঠন, সত্ৰ সমিতিৰ প্ৰতিনিধিৰ মতামত গ্ৰহণ কৰে ৷ কেবিনেট উপ-সমিতিৰ সদস্যসকল বৃহস্পতিবাৰে বিয়লিৰ ভাগত বৰপেটাৰ জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ ভৱানীপুৰ-সৰভোগ সমষ্টি বৰপেটা নে বজালী জিলাত থাকিব উক্ত বিতৰ্কিত বিষয়টো সন্দৰ্ভত ৰাইজৰ মতামত গ্ৰহণ কৰে ৷ সৰভোগ, বৰপেটা ৰোড, হাউলী, বৰপেটা, সৰ্থেবাৰী, বহৰি আদিকে ধৰি জিলাখনৰ প্ৰায় ডেৰ শতাধিক দল সংগঠন আৰু সত্ৰৰ প্ৰতিনিধিয়ে কেবিনেট উপ-সমিতিৰ আগত নিজৰ নিজৰ যুক্তি দাঙি ধৰে ৷

বৰপেটা সত্ৰকে মুখ্য কৰি জিলাখনৰ বহুসংখ্যক সত্ৰ, সত্ৰ-মহাসভাকে আদি কৰি বৰপেটা জিলাৰ প্ৰায় ডেৰ শতাধিক দল সংগঠনৰ প্ৰতিনিধিৰ মত সংগ্ৰহ কৰে সমিতিখনে ৷ ৰাইজৰ মতামত সংগ্ৰহৰ পিচতে কেবিনেট উপ-সমিতিৰ সদস্য ক্ৰমে জয়ন্ত মল্ল বৰুৱা আৰু অতুল বৰাক লগত লৈ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এখন সংবাদমেল সম্বোধন কৰে ৷ ৰাইজৰ মতামত মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰা হ’ব বুলি সদৰী কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷

চন্দ্ৰমোহন পাটোৱাৰীয়ে জনোৱা মতে, কেবিনেট উপ-সমিতিৰ হাতত দাখিল কৰা প্ৰতিবেদনৰ ভিত্তিতে চৰকাৰে বজালী জিলাৰ ভোগোলিক পৰিসীমা ঘোষণা কৰিব ৷ ইপিনে, কেবিনেট উপ-সমিতিৰ সদস্যসকলক সাক্ষাৎ কৰি বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠক বাপজনাই বৰপেটা জিলাৰ অংগক্ষত নকৰিবলৈ আৰু ভৱানীপুৰ-সৰভোগ সমষ্টিটো বৰপেটা জিলাতে ৰাখিবলৈ দাবী জনায় ৷

লগতে পঢ়ক: Blank fire in Dhemaji : বেটাৰী প্ৰদান নকৰাৰ বাবেই ব্যৱসায়ীৰ শূণ্যলৈ গুলীচালনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.