ETV Bharat / state

সত্ৰ দৰ্শনৰ বাবে বৰপেটাত উপস্থিত পশ্চিমবংগৰ ভক্তৰ দল

author img

By

Published : Jun 28, 2019, 3:22 PM IST

পশ্চিমবংগৰ মায়াপুৰস্থিত ইস্কনৰ মুখ্য কাৰ্যালয়ৰ পৰা অসমৰ বিভিন্ন বৈষ্ণৱ সত্ৰ দৰ্শনৰ উদ্দেশ্যে উপস্থিত হয় এটা ভক্তৰ দল । কৃষ্ণ ভক্তসকলে গুৱাহাটী, তেজপুৰ, হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ দৰ্শন কৰাৰ পিচতে শুকুৰবাৰে সত্ৰনগৰী বৰপেটাত উপস্থিত হৈ বৰপেটা সত্ৰত সেৱাৰ লগতে নাম কীৰ্তন কৰে ।

পশ্চিমবংগৰ পৰা বৰপেটা সত্ৰলৈ ৬০ জন ভক্ত

বৰপেটা, ২৮ জুনঃ পশ্চিমবংগৰ মায়াপুৰস্থিত ইস্কনৰ মুখ্য কাৰ্যালয়ৰ পৰা ৬০ জন ভক্ত উপস্থিত হয় বৰপেটাত । অসমৰ বিভিন্ন বৈষ্ণৱ মন্দিৰ দৰ্শনৰ উদ্দেশ্যে উপস্থিত হয় ভকত সকল ।

পশ্চিমবংগৰ পৰা বৰপেটা সত্ৰলৈ ৬০ জন ভক্ত

বৈষ্ণৱ গুৰু শ্ৰীচৈতন্যদেৱৰ পবিত্ৰ জন্মভূমি পশ্চিমবংগৰ মায়াপুৰস্থিত ইস্কনৰ মুখ্য কাৰ্যালয়ৰ পৰা অসমৰ বিভিন্ন বৈষ্ণৱ সত্ৰ দৰ্শনৰ উদ্দেশ্যে উপস্থিত হয় । কৃষ্ণ ভক্তসকলে গুৱাহাটী, তেজপুৰ, হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ দৰ্শন কৰাৰ পিচতে শুকুৰবাৰে সত্ৰনগৰী বৰপেটাত উপস্থিত হৈ বৰপেটা সত্ৰত সেৱাৰ লগতে নাম কীৰ্তন কৰে । ৰাজ্যখনত থকা বৈষ্ণৱ সত্ৰসমূহ দৰ্শন কৰাৰ লগতে সত্ৰ সমূহ পৰিচালনা পদ্ধতি সম্পৰ্কে বুজ ল’ব বুলি ইস্কনৰ কৃষ্ণ ভক্তসকলে মন্তব্য কৰে ৷ অসমলৈ অহা ইস্কনৰ এই কৃষ্ণভক্ত ব্ৰহ্মচাৰীসকলৰ দলটোত আছে দেশৰ বিভিন্ন ৰাজ্যৰ বিভিন্ন ভাষা-ভাষীৰ লোক ৷ এই লোকসকলে বৰপেটা সত্ৰ দৰ্শন কৰি অনুপ্ৰাণিত হোৱা বুলিও মন্তব্য কৰে ৷ ভক্তসকলে আজি বঙাইগাঁৱত নিশা কটাই কাইলৈ পশ্চিমবংগলৈ ৰাওনা হ’ব বুলি জানিব পৰা গৈছে ৷

লগতে আন এটা বাতৰি - শ্বহীদ জোৱান সুনীল কলিতাৰ বাসভৱনত মুখ্যমন্ত্ৰী

Intro:
বৰপেটা, ২৮ জুনঃ ইস্কনৰ ষাঠিজনীয়া এটা ভক্তৰ দলে আজি দৰ্শন কৰে বৰপেটা সত্ৰ ৷ Body:বৈষ্ণৱগুৰু শ্ৰীচৈতন্যদেৱৰ পবিত্ৰ জন্মভূমি পশ্চিমবংগৰ মায়াপুৰস্থিত ইস্কনৰ মুখ্য কাৰ্যালয়ৰ পৰা অসমলৈ কৃষ্ণ ভক্তসকলে গুৱাহাটী, তেজপুৰ, হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ দৰ্শন কৰাৰ পিচতে আজি সত্ৰনগৰী বৰপেটাত উপস্থিত হৈ বৰপেটা সত্ৰত সেৱা জনায় ৷ ৰাজ্যখনত থকা বৈষ্ণৱ সত্ৰসমুহ দৰ্শন কৰাৰ লগতে সত্ৰ সমুহ পৰিচালনা পদ্ধতি সম্পৰ্কে বুজ লবলৈকে ইস্কনৰ কৃষ্ণ ভক্তসকলে ৰাজ্যখনৰ বিভিন্ন সত্ৰ, ধৰ্মানুষ্ঠান আদি দৰ্শন কৰে ৷ অসমলৈ অহা ইস্কনৰ এই কৃষ্ণভক্ত ব্ৰহ্মচাৰীসকলৰ দলটোত আছে দেশৰ বিভিন্ন ৰাজ্যৰ বিভিন্ন ভাষাভাষীৰ লোক ৷ এই লোকসকলে বৰপেটা সত্ৰ দৰ্শন কৰি অনুপ্ৰানিত হোৱা বুলিও প্ৰকাশ কৰে ৷ ভক্তসকলে আজি বঙাইগাৱত নিশা কটাই কাইলৈ পশ্চিমবংগলৈ ৰাওনা হব ৷

Conclusion:বাইটঃ মাধৱ হৰিদাস, ইস্কনৰ মুখ্য কাৰ্যালয় পৰিচালনা সমিতিৰ সদস্য ৷
--- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.