ETV Bharat / state

শ্বহীদ জোৱান সুনীল কলিতাৰ বাসভৱনত মুখ্যমন্ত্ৰী

author img

By

Published : Jun 27, 2019, 9:00 PM IST

শ্বহীদ গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে শ্বহীদ পত্নীৰ হাতত 20 লাখ টকাৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

শ্বহীদ জোৱান সুনীল কলিতাৰ বাসভৱনত মুখ্যমন্ত্ৰী

  • বৃহস্পতিবাৰে শ্বহীদ জোৱান সুনীল কলিতাৰ ৰঙিয়াস্থিত বাসভৱনত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
  • মুখ্যমন্ত্ৰী গৰাকীয়ে ঝাৰখণ্ডত মাওবাদীৰ ভয়াৱহ আক্ৰমণৰ বলি হোৱা বীৰ শ্বহীদ সুনীল কলিতাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি প্ৰদান কৰি শ্বহীদ গৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে সমবেদনা জনায় শোকসন্তপ্ত পৰিয়ালবৰ্গক।
  • "দেশ ৰক্ষা সেৱাত ব্ৰতী হৈ সন্ত্ৰাসবাদীৰ হাতত আত্মবলিদান দিয়া শ্বহীদ সুনীল কলিতাৰ নাম ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব" বুলি কয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
  • লগতে শ্বহীদ সুনীল কলিতাৰ ত্যাগ অথলে নেযায় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় "শ্বহীদ সুনীল কলিতাৰ আদৰ্শৰে অসমৰ পৰা হেজাৰ হেজাৰ যুৱক যুৱতীয়ে দেশৰ হকে সৰ্বস্ব ত্যাগ কৰাৰ মানসিকতাৰে আগবাঢ়ি আহিব"।
  • কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শ্বহীদ সুনীল কলিতালৈ শ্ৰদ্ধাঞ্জলি জনায় শোকসন্তপ্ত পৰিয়াললৈ প্ৰেৰণ কৰা শোক বাৰ্তা এটি শ্বহীদ পত্নী পদুমী কলিতাৰ হাতত প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
  • শ্বহীদ গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে শ্বহীদ পত্নীৰ হাতত পূৰ্বে ঘোষিত 20 লাখ টকাৰ চেক প্ৰদান কৰে।
  • মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে মন্ত্ৰী ভৱেশ কলিতা আৰু স্থানীয় বিধায়ক সত্যব্ৰত কলিতা।
  • শ্বহীদ পত্নী পদুমী কলিতাই ধন্যবাদ জনায় গৃহ মন্ত্ৰী অমিত শ্বাহ,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে মন্ত্ৰী ভৱেশ কলিতা আৰু স্থানীয় বিধায়ক সত্যব্ৰত কলিতাক।
    শ্বহীদ জোৱান সুনীল কলিতাৰ বাসভৱনত মুখ্যমন্ত্ৰী
Intro:BAIHATA KAMALPUR CM AT SWAHID HOME



OC  :- দেশৰ হকে আত্ম বলিদান দিয়া শ্বহীদ সুনীল কলিতাৰ ৰঙিয়াৰ ডিমু পালাৰাত  আজি উপস্থিত হয় মুখ্য মন্ত্ৰী সৰ্ব্বানন্দ সোনোৱাল । ঝাৰখণ্ডত মাওবাদীৰ ভয়াবহ এম্বুছৰ বলি হোৱা  বীৰ শ্বহীদ সুনীল কলিতাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি প্ৰদান কৰি শ্বহীদ গৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰি  মুখ্য মন্ত্ৰী গৰাকীয়ে  শোকসন্তপ্ত পৰিয়ালক সমবেদনা জনায় । দেশ ৰক্ষা সেৱাত ব্ৰতী হৈ সন্ত্ৰাসবাদীৰ হাতত আত্ম বলিদান দিয়া শ্বহীদ সুনীল কলিতাৰ নাম ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব বুলি কয়  মুখ্যমন্ত্ৰী  সৰ্বানন্দ সোণোৱালে । শ্বহীদ সুনীল কলিতাৰ ত্যাগ অথলে নেযায় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় শ্বহীদ সুনীল কলিতাৰ   আদৰ্শৰে অসমৰ পৰা হেজাৰ হেজাৰ যুৱক যুৱতীয়ে দেশৰ হকে সৰ্বস্ব ত্যাগ কৰাৰ মানসিকতাৰে আগবাঢ়ি আহিব । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শ্বহীদ সুনীল কলিতালৈ শ্ৰদ্ধাঞ্জলি জনায় শোকসন্তপ্ত পৰিয়াললৈ প্ৰেৰণ কৰা শোক বাৰ্তা এটি শ্বহীদ পত্নী পদুমী কলিতাৰ হাতত প্ৰদান কৰে ।        শ্বহীদ  গৰাকীলৈ  শ্ৰদ্ধাঞ্জলি  জনোৱাৰ  লগতে  শ্বহীদ  পত্নীৰ  হাতত  পুৰ্বে  ঘোষিত 20 লাখ টকাৰ চেক  প্ৰদান কৰে । আজি মুখ্যমন্ত্ৰীৰ লগতে   মন্ত্ৰী ভবেশ কলিতা,স্থানীয়  বিধায়ক  সত্যব্ৰত কলিতা, উপস্থিত  থাকে । শ্বহীদ পত্নী পদুমী কলিতাই গৃহ মন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোনোৱাল, মন্ত্ৰী ভবেশ কলিতা, স্থানীয় বিধায়ক সত্যব্ৰত কলিতাক ধন্যবাদ জনায় ।



Bite =1 = শ্বহীদ  পত্নী

          

            ২  = মুখ্যমন্ত্ৰী     Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.