ETV Bharat / state

Pharmaceutical Traders Association Foundation Day: সমস্যাৰ সমাধান বিচাৰি মুখ্যমন্ত্ৰীক সাক্ষাতৰ সিদ্ধান্ত ঔষধ ব্যৱসায়ী সংস্থাৰ

author img

By

Published : Nov 2, 2022, 3:32 PM IST

জোনাইত সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ সফল সামৰণি(All Assam Rural Pharmaceutical Traders Association) ৷ গায়ন-বায়ন আৰু বিভিন্ন জনগোষ্ঠীয় নৃত্যৰে মুখৰিত জোনাই ৷ স্মৃতিগ্ৰন্থ মূৰ্কংচেলেক উন্মোচন কৰে মৰিঢল মহাবিদ্যালয়ৰ সহ অধ্যাপক প্ৰদীপ বৰাই । সমস্যাৰ সমাধান বিচাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাতৰ বাবে সিদ্ধান্ত গ্ৰহণ ৷

all-assam-rural-pharmaceutical-traders-association-s-foundation-day-succecfully-concluded
Pharmaceutical Traders Association Foundation Day: সমস্যাৰ সমাধান বিচাৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীক সাক্ষাতৰ বাবে সিদ্ধান্ত গ্ৰহণ ঔষধ ব্যৱসায়ী সংস্থাৰ

জোনাই,১ নৱেম্বৰ: সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থাৰ ষষ্ঠ বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস ধেমাজি জিলা সমিতিৰ সহযোগত ৩১ অক্টোবৰ আৰু ১ নৱেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হয়(All Assam Rural Pharmaceutical Traders Association)৷ জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয় এই প্ৰতিষ্ঠা দিৱসৰ । অনুষ্ঠানৰ প্ৰথমদিনা অনুষ্ঠিত হয় এখন প্ৰতিনিধি সভাৰ ৷

সমস্যাৰ সমাধান বিচাৰি মুখ্যমন্ত্ৰীক সাক্ষাতৰ সিদ্ধান্ত ঔষধ ব্যৱসায়ী সংস্থাৰ

দ্বিতীয় দিনা পুৱা পৰিৱেশ নিকাকৰণ, বন্তি প্ৰজ্বলন, মঙ্গলাচৰণৰ পিছতে সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থাৰ সভাপতি ৰাতুল শৰ্মাই পতাকা উত্তোলন কৰে । সমান্তৰালকৈ অভ্যৰ্থনা সমিতিৰ পতাকা উত্তোলন কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি দীপক ডেকাই । স্মৃতি তৰ্পণ কৰে কেন্দ্ৰীয় সমিতিৰ সম্পাদক শ্যামল মোহনে । বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে জেষ্ঠ ঔষধ ব্যৱসায়ী দুলাল বিশ্বাস আৰু কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক টামেন বৰিয়ে (All Assam Rural Pharmaceutical Traders Association Foundation Day celebrated in Jonai)৷

সাংস্কৃতিক সমাৰোহ কাৰ্যসূচী উদ্বোধন কৰে অসম ড্ৰাগ ডিলাৰ এচোছিয়েশ্যনৰ উপ-সভাপতি বকুল সৰকাৰে । গায়ন-বায়ন, বিহু, তিৱা, মিচিং, হাজং, গোৰ্খা, ঝুমুৰ আদি বাৰেৰহণীয়া সাংস্কৃতিক নৃত্যৰে সমাৰোহৰ পৰিৱেশ মুখৰিত কৰি তোলা হয় । প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি এখনি সভা আয়োজন কৰা হয় ৷ সভাত ঔষধ ব্যৱসায়ীসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰা হয় ৷ সভাখনিৰ সভাপতিত্ব কৰে কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাতুল শৰ্মাই ।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজু মেদক(Mishing Autonomous Council), টিএমপিকে জোনাই জিলাৰ সম্পাদক মিগম দলে, ধেমাজি জিলা বিহু সুৰক্ষা সমিতিৰ সম্পাদক তথা সাংস্কৃতিক কৰ্মী প্ৰদীপ ৰঞ্জন দত্ত, সংবাদ কৰ্মী ৰাজীৱ দেউৰী ৷ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা স্মৃতি গ্ৰন্থ উন্মোচন কৰে মৰিঢল মহাবিদ্যালয়ৰ অধ্যাপক প্ৰদীপ বৰাই ।

মৰিঢল মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দ্বীপেন শ‌ইকীয়াই অনুষ্ঠানত উপস্থিত থাকি স্বাস্থ্য‌ই অমূল্য সম্পদ বুলি উল্লেখ কৰে । সুস্থ আৰু স্বাস্থ্যবান হৈ থাকিবলৈ হ'লে এজন মানুহ নিৰোগী থাকিব‌ই লাগিব । তেতিয়াহে শাৰীৰিক আৰু মানসিকভাৱে নিজৰ কৰ্তব্য পালন কৰিব পাৰিব । এইক্ষেত্ৰত যুগ যুগ ধৰি বিশেষভাৱে গ্ৰাম্য ঔষধ ব্যৱসায়ী বা গ্ৰাম্য চিকিৎসকসকলে বিশেষ সেৱা আগবঢ়াই আহিছে বুলি উল্লেখ কৰাৰ লগতে বহু সময়ত গ্ৰাম্য ঔষধ ব্যৱসায়ীসকলে বিভিন্ন সমস্যাত ভুগি অহা পৰিলক্ষিত হৈছে বুলি অধ্যক্ষগৰাকীয়ে উল্লেখ কৰে ।

শেহতীয়াকৈ সদৌ অসম ভিত্তিত ঔষধ ব্যৱসায়ী সংস্থা হিচাপে ঐক্যবদ্ধ হোৱাত ইয়ে পৰৱৰ্তী সময়ত গ্ৰাম্য ঔষধ ব্যৱসায়ীসকলৰ সমস্যা বহুপৰিমাণে লাঘৱ কৰিব বুলি আশা প্ৰকাশ কৰে অধ্যক্ষগৰাকীয়ে । শ‌ইকীয়াই ঔষধ ব্যৱসায়ী সংস্থাক উদ্দেশ্যি পুনৰ কয় যে গ্ৰাম্যাঞ্চলত চিকিৎসা সেৱাৰ সন্দৰ্ভত কৰিবলগীয়া বহু কাম আছে । এইক্ষেত্ৰত সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থাক গুৰুত্ব দিবলৈ আহ্বান জনায় অধ্যক্ষ ড০ দ্বীপেন শ‌ইকীয়াই । লগতে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত ঔষধ ব্যৱসায়ীসকলৰ বিভিন্ন সমস্যাৰ সমাধান বিচাৰি শীঘ্ৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

মঙলবাৰে ধেমাজি জিলা প্ৰতিনিধি সভাৰ বিষয় বাচনি সভাত সভাপতি দুৰ্গাপ্ৰসাদ চুতীয়া আৰু সম্পাদক নীলকান্ত মিলিক লৈ এখনি ৪১ জনীয়া সমিতি গঠন কৰা হয় । সভাত সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থা ধেমাজি জিলা সমিতিৰ সভাপতি হৰিপদ হাজং, ভাৰপ্ৰাপ্ত সম্পাদক পৰেশ দলে, অভ্যৰ্থনা সমিতিৰ সভাপতি দীপক ডেকা, সম্পাদক দুৰ্গাপ্ৰসাদ চুতীয়া, কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ লগতে অসমৰ বিভিন্ন জিলাৰ পৰা পাঁচ শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক: National Tribal Dance Festival: অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ নৃত্য প্ৰদৰ্শিত হ’ল ৰাষ্ট্ৰীয় জনজাতীয় নৃত্য মহোৎসৱত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.