ETV Bharat / state

চৰকাৰৰ ক'ভিড SOPক লৈ কি ক'লে নাট্যকাৰ তথা অভিনেতা চম্পক শৰ্মাই ?

author img

By

Published : Oct 10, 2021, 7:44 PM IST

Updated : Oct 10, 2021, 8:38 PM IST

covid sop
চৰকাৰৰ ক'ভিড SOPক লৈ কি ক'লে নাট্যকাৰ তথা অভিনেতা চম্পক শৰ্মাই

চৰকাৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে নতুন এছ অ' পি প্ৰকাশ কৰাৰ পাছতে আনন্দিত হৈছে ভ্ৰাম্যমাণ জগতৰ শিল্পী,কলা-কুশলীসকল । চৰকাৰে নতুন এছ অ' পিক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে জনপ্ৰিয় অভিনেতা তথা নাট্যকাৰ চম্পক শৰ্মাই ।

পাঠশালা,১০ অক্টোবৰ : ক'ভিড (Covid) মহামাৰীৰ বাবে বিগত কেইবামাহ ধৰি বন্ধ হৈ আছিল ৰাজ্যৰ ভ্ৰাম্যমাণ উদ্যোগ । যাৰ বাবে ভ্ৰাম্যমাণৰ লগত জড়িত কলা-কুশলীসকলে বিভিন্ন ধৰণে দুৰ্ভোগ ভুগিব লগীয়া হৈছিল । ক'ভিড পৰিস্থিতি (Covid situation) কিছু স্বাভাৱিক হোৱাত পুনৰ প্ৰাণ পাই উঠিছে ভ্ৰাম্যমাণ গোষ্ঠীসমূহ । চৰকাৰৰ শেহতীয়া ক'ভিড এছ অ' পিৰ (Covid SOP) পাছতে হাঁহি বিৰিঙিছে ৰাজ্যৰ ভ্ৰাম্যমাণৰ লগত জড়িত শিল্পী, কলা-কুশলীসকলৰ মুখত ।

চৰকাৰৰ ক'ভিড SOPক লৈ কি ক'লে নাট্যকাৰ তথা অভিনেতা চম্পক শৰ্মাই ?

ব্যস্ততা বাঢ়িছে আখৰাগৃহসমূহত । নাট্য নগৰী পাঠশালাত নতুন কৈ আত্মা প্ৰকাশ ঘটা নাট্যদল উদয়ন থিয়েটাৰৰ আখৰাগৃহতো দেখা গৈছে সম্পূৰ্ণ ব্যস্ততা । ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি ৰাইজৰ মাজলৈ যাবৰ বাবে সাজু হৈছে নাট্যদলটো । উদয়ন থিয়েটাৰেও ৰাজ্য চৰকাৰে বান্ধি দিয়া নতুন নিয়মসমূহ পালন কৰিয়ে নাট প্ৰদৰ্শন কৰিব ।

উদয়ন থিয়েটাৰে তিনিখন বিশেষ নাটকেৰে ১১ তাৰিখে নলবাৰীত এই বছৰৰ নাট্য যাত্ৰা আৰম্ভ কৰিব । জনপ্ৰিয় অভিনেতা তথা জনপ্ৰিয় নাট্যকাৰ চম্পক শৰ্মাৰ ৰচিত নাট 'সীতাৰ অগ্নি পৰীক্ষা' নাটকখনৰ আখৰা চলি থকাৰ সময়তে উদয়ন থিয়েটাৰৰ আখৰাস্থলীত উপস্থিত হয় চম্পক শৰ্মা ।

নতুন SOP খন সন্দৰ্ভত অভিনেতাগৰাকীয়ে কয় যে চৰকাৰে বান্ধি দিয়া নীতি নিয়মৰ মাজেৰেই চলিব থিয়েটাৰসমূহ । পৰিস্থিতি অধিক ভাল হ'লে হয়তো পৰৱৰ্তী সময়ত এইখিনিত নিয়মাৱলী উঠাই দিব বুলি আশা প্ৰকাশ কৰে নাট্যকাৰগৰাকীয়ে । লগতে চৰকাৰী নীতি-নিয়ম মানি চলিবলৈ সকলোকে অনুৰোধ জনাইছে চম্পক শৰ্মাই ।

তেওঁ উল্লেখ কৰা মতে যোৱা সময়ত চৰকাৰে ভ্ৰাম্যমাণ সম্পৰ্কে কোনো ধৰণৰ SOP ঘোষণা নকৰাৰ বাবে বহু কেইখন আহ্বায়ক কমিটিয়ে নাটক বাতিল কৰিছে । কিন্তু এতিয়া নতুন SOP খন পাই আহ্বায়ক কমিতিসমূহে পুনৰ উৎসাহেৰে যোগাযোগ কৰিবলৈ আৰম্ভ কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে ।

লগতে পঢ়ক:ৰাজকন্যা কাণ্ড : ভিভান্তালৈ কাৰণ দৰ্শোৱাৰ জাননী জিলা প্ৰশাসনৰ

Last Updated :Oct 10, 2021, 8:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.