ETV Bharat / city

ৰাজকন্যা কাণ্ড : ভিভান্তালৈ কাৰণ দৰ্শোৱাৰ জাননী জিলা প্ৰশাসনৰ

author img

By

Published : Oct 10, 2021, 3:04 PM IST

so cause notice to hotel vivanta by district administration
ৰাজকন্যা কাণ্ড : ভিভান্তালৈ কাৰণ দৰ্শোৱাৰ জাননী জিলা প্ৰশাসনৰ

কাৰ্ফিউ চলি থকা সময়ত নিশা দহ বজাৰ পিছত কিহৰ ভিত্তিত ভিভান্তাত জন্মদিনৰ পাৰ্টি চলিছিল । এই বিষয়টো বিশেষভাৱে চৰ্চালৈ অহাৰ পাছতেই গা লৰিছে আৰক্ষী-প্ৰশাসনৰ । তাজ ভিভান্তাত আয়োজন কৰা পাৰ্টিৰ বাবে নিশা ৯ বজালৈকে অনুমতি আছিল । কিন্তু ৰাতি ১০ বজাৰ পাছলৈকেও চলিছিল মূল পাৰ্টি । তাৰ পাছতেই অভ্যাগতক আপ্যায়ন কৰা হৈছিল সুৰা । আইন সকলোৰে বাবে একে নহয় নেকি । হাই প্ৰফাইল লোকে নিয়ম উলংঘন কৰিলে আইনৰ আওতাত নপৰে নেকি ! বৰ্তমান সময়ৰ সবাতোতকৈ চৰ্চিত হৈছে এই প্ৰশ্ন ।

গুৱাহাটী, ১০ অক্টোবৰ : পলমকৈ হ’লেও সাৰ পালে কামৰূপ মহানগৰ জিলা প্ৰশাসন । ৰাজ্য তোলপাৰ লগোৱা এটা ঘটনাই দহদিন অতিক্ৰম কৰাৰ পাছত জিলা প্ৰশাসনে ভিভান্তালৈ জাৰি কৰিছে জাননী । ১ অক্টোবৰৰ নিশা গুৱাহাটীৰ পঞ্চতাৰকা হোটেল ভিভান্তাত চলিছিল জন্মদিনৰ এক বিয়াগোম পাৰ্টি। সেই পাৰ্টিৰ আয়োজকৰ দায়িত্বত আছিল বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱা ।

পাৰ্টিত সুৰাপান কৰি মতলীয়া হৈ পৰা ৰাজকন্যা বৰুৱাই নিশা ১.৩০ বজাত ৰুক্মিণীগাঁৱৰ ৰাজপথত কৰ্মৰত আঠজনকৈ শ্ৰমিকক বাহনেৰে মহতিয়াই নিছিল । ইয়াৰে এজন শ্ৰমিকৰ দুয়োখন ভৰি কাটি পেলাবলগীয়া হৈছে । সেই ঘটনাটো সংঘটিত কৰাৰ পাছত ৰাজ্যকন্যা বৰুৱাক জি এন আৰ চিৰ আই চি ইউত ভৰ্তি কৰি ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগত আজিও আৰক্ষীৰ জেৰাৰ সন্মুখীন হৈ আছে ডাঃ নভনীল বৰুৱা ।

so cause notice to hotel vivanta by district administration
ৰাজকন্যা কাণ্ড : ভিভান্তালৈ কাৰণ দৰ্শোৱাৰ জাননী জিলা প্ৰশাসনৰ

ইফালে ৰাজকন্যা বৰুৱাৰ কেচডায়েৰী দুৰ্বল কৰাৰ অভিযোগত দুজনকৈ আৰক্ষীৰ লোকক ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে আৰু সমগ্ৰ ঘটনাৰ তদন্ত চলি আছে । ইতিমধ্যে ৰাজকন্যা বৰুৱাক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৷

এই ঘটনাটোৰ আলমত নিতৌ নতুন নতুন তথ্য পোহৰলৈ আহিছে । কিন্তু ক'ভিড প্ৰটক'ল ভংগ কৰি তথা কাৰ্ফিউ উলংঘন কৰি নিশা পাৰ্টি কৰাৰ অনুমতি দিয়া ভিভান্তা হোটেলক ইমানদিনে কিয় জবাবদিহি কৰা হোৱা নাছিল ? প্ৰথম ভুলৰ সূত্ৰপাত হোটেল ভিভান্তাতে হৈছিল । কাৰ্ফিউ চলি থকা সময়ত নিশা দহ বজাৰ পিছত কি ভিত্তিত ভিভান্তাত জন্মদিনৰ পাৰ্টি চলিছিল ।

so cause notice to hotel vivanta by district administration
ৰাজকন্যা কাণ্ড : ভিভান্তালৈ কাৰণ দৰ্শোৱাৰ জাননী জিলা প্ৰশাসনৰ

এই বিষয়টো বিশেষভাৱে চৰ্চালৈ অহাৰ পাছত এতিয়া আৰক্ষী-প্ৰশাসনৰ গা লৰিছে । দিছপুৰ আৰক্ষীয়ে ১ অক্টোবৰৰ নিশাৰ পাৰ্টিৰ চি চি টিভিৰ ফুটেজ বিচাৰি হোটেল ভিভান্তালৈ জাননী প্ৰেৰণ কৰিছে । ইফালে আৰক্ষী সঞ্চালক প্ৰধানেও ঘটনাৰ তদন্ত কৰাৰ কথা সদৰ কৰিছে ।

লগতে পঢ়ক : ৰাজকন্যা বৰুৱা কাণ্ডই জোকাৰি গৈছে ৰাজ্য:নাম সাঙোৰ খাইছে ৰৌ-বৰালিৰ

আনহাতে কামৰূপ মহানগৰ জিলা প্ৰশাসনে হোটেল ভিভান্তালৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে । ২৪ ঘণ্টাৰ ভিতৰত উত্তৰ দিব লাগিব হোটেল কৰ্তৃপক্ষই ।সিদিনা কিমান সময়লৈ চলিছিল পাৰ্টি আৰু কোন কোন উপস্থিত আছিল সেই পাৰ্টিত তাৰ সবিশেষ দিব লাগিব হোটেল কৰ্তৃপক্ষই । নিৰ্ধাৰিত সময়তকৈ বেছি সময় চলিছিল নেকি পাৰ্টি সেয়াও স্পষ্ট কৰিব লাগিব ।

so cause notice to hotel vivanta by district administration
ৰাজকন্যা কাণ্ড : ভিভান্তালৈ কাৰণ দৰ্শোৱাৰ জাননী জিলা প্ৰশাসনৰ

উত্তৰত সন্তুষ্ট নহ’লে উপায়ুক্তৰ কাৰ্যালয় পৰা ভিভান্তালৈ যাব প্ৰশাসনৰ এটা দল আৰু চলাব অভিযান । ইফালে এক বিশ্বস্ত সূত্ৰে জানিব পৰা মতে সেইদিনা অসমৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ীৰ কন্যাৰ জন্মদিনৰ ইভেণ্ট আয়োজনৰ দায়িত্ব লৈছিল বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱাই । ভিভান্তাত আয়োজন কৰা এই পাৰ্টি অনুষ্ঠিত কৰাৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনে নিশা ৯ বজালৈকে অনুমতি দিছিল । কিন্তু ৰাতি ১০ বজাৰ পাছলৈকে চলিছিল মূল পাৰ্টি ।

তাৰ পাছতেই অভ্যাগতক আপ্যায়ন কৰা হৈছিল সুৰাৰে । সেই সুৰা সেৱন কৰিয়েই ৰুক্মিনীগাঁৱত ৰাজকন্যা বৰুৱাই সংঘটিত কৰিছিল দুৰ্ঘটনা । ৰাজকন্যা বৰুৱাই দায়িত্ব লোৱা জন্মদিনৰ পাৰ্টিটোত অসমৰ প্ৰতিষ্ঠিত গায়ক তথা সংগীত পৰিচালকে গীত পৰিৱেশন কৰিছিল । বহু বিশিষ্ট তথা ক্ষমতাশালী লোকে অতিথি হিচাপে আছিল এই জন্মদিনৰ পাৰ্টিত ।

so cause notice to hotel vivanta by district administration
ৰাজকন্যা কাণ্ড : ভিভান্তালৈ কাৰণ দৰ্শোৱাৰ জাননী জিলা প্ৰশাসনৰ

৯ বজাৰলৈ অনুমতি থকা জন্মদিনৰ পাৰ্টি সান্ধ্য আইন প্ৰযোজ্য হৈ থকা সময়ত ভিভাণ্টাত কেনেদৰে নিশা ১০ বজাৰ পাছলৈকে চলি আছিল । এজনী সৰু ছোৱালীৰ জন্মদিনৰ পাৰ্টিত নিয়ন্ত্ৰণহীন অৱস্থালৈ সুৰা সেৱনৰ সুযোগ ৰাজকন্যা বৰুৱাই কেনেদৰে পালে । তাকো লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে ।

জানিব পৰা মতে মডেলিঙৰ উপৰিও ৰাজকন্যা বৰুৱাই হাই প্ৰফাইল লোকৰ বিবাহবাৰ্ষিকী বা আন ইভেণ্টৰো দায়িত্ব লয় । বহুলাখ টকাৰ বিনিময়ত এনে ইভেণ্ট আয়োজন কৰা ৰাজকন্যাই বহু 'ব্যৱস্থা' তথা 'সা-সুবিধা' কৰি দিয়ে ।

so cause notice to hotel vivanta by district administration
ৰাজকন্যা কাণ্ড : ভিভান্তালৈ কাৰণ দৰ্শোৱাৰ জাননী জিলা প্ৰশাসনৰ

এইখিনিতে প্ৰশ্ন হয় যে সাধাৰণ লোকৰ বাবে নিশা ৯ বজাৰ লগে লগে সান্ধ্য আইন কঠোৰভাৱে বলৱৎ হয় । সাধাৰণ দোকান-পোহাৰ বন্ধ কৰোতে অলপ পলম হ'লে আৰক্ষীৰ লোক জপিয়াই পৰে । আইন সকলোৰে বাবে একে নহয় নেকি ? হাইপ্ৰফাইল লোকে নিয়ম উলংঘন কৰিলে আইনৰ আওতাত নপৰে নেকি ?

লগতে পঢ়ক : মুখ্যমন্ত্ৰী ড৹ শৰ্মাক হত্যাৰ ব্লুপ্ৰিন্ট নগাৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.